পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌ছেদজী টাটা। বুলি মন্তব্য প্ৰকাশ কৰে। প্ৰথমতে গবৰ্ণমেণ্টে প্ৰথমতে গবৰ্ণমেণ্টে অনুমতি দিয়া নাছিল; পিচত বহুত চেষ্টাৰ ফলতহে বিজ্ঞানাগাৰৰ কাম আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। টাটাই বিজ্ঞানাগাৰাটি বোম্বে নগৰত স্থাপন কৰিবলৈ মন কৰিছিল; কিন্তু সি হৈ নুঠিল, মহীশুৰ ৰাজ্যৰ ৰাজধানী বাঙ্গালোৰ নগৰত স্থাপন কৰিলে। মহীশুৰৰ ৰজাই আৱশ্যকীয় মাটি আৰু ৫ লাখ টকা দান দিলে৷ ভাৰত গবৰ্ণমেণ্টেও আঢ়ৈ লাখ টকা দান দিলে। মহীশুৰৰ ৰজাই এই কামত যেনেকুৱা দেশ-ভক্তি আৰু বদান্যতাৰ পৰিচয় দিছে, সি সকলোৰে প্ৰশংসনীয়। দেশৰ উন্নতিৰ কাৰণে তেওঁৰ চেষ্টাৰ অকণো ত্ৰুটি নাছিল। সেই কাৰণেহে মহীশুৰ ৰাজ্য আজি ইমান উন্নত। দেশীয় জা সকলৰ আটাইবিলাকেই যদি তেওঁৰ নিচিনা হলহেঁতেন তেন্তে ভাৰতৰ অৱস্থা আজি বেলেগ ধৰণৰ হলহেঁতেন। যি ৰজাই নিজৰ ঐহিক সুখতেই ব্যস্ত থাকে, প্ৰজা সকলৰ দুখ-দ্ৰাৰিদ্ৰ্যৰ ফালে অকণো নন নকৰে, তেওঁ “ৰজা” এই পৱিত্ৰ নামৰ যো হব নোৱাবে; তেওঁক ভূঁইৰচৌ বোল৷ একো দোষৰ কথা নহয়। এই ভাৰতবৰ্ষতেই শ্ৰীৰাম চন্দ্ৰৰ নিচেন৷ প্ৰজাবৎসল পিতৃভক্ত আৰু সংসাৰী জনকৰ নিচিনা হৰিভক্ত ৰজাই ৰাজত্ব কৰিছিল। হায় সেই দিন! টাটাই ত্ৰিশ লক্ষ টকা এই বিজ্ঞানাগাৰৰ নিমিত্তে দান কৰে। বোম্বে গবৰ্ণমেণ্টে হিচাব কৰি পালে যে সেই টকাৰ বছৰত চোৱা একলাখ টকা উৎপন্ন হব। উৎপন্ন তাতকৈ কম হব বুলি টাটাই