পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
জেম্‌ছেদজী টাটা।


কিন্তু দুখীয়া ছাত্ৰ সকলক তেনেকৈ খৰচ দি পঠায় কোনে? সেই কাৰণে টাটাই দুটা বৃত্তি দিবলৈ মনস্থ কৰিলে।

 ১৮৯২ খৃঃত এই বৃত্তি স্থাপিত হয়। প্ৰথমতে তেওঁ বৃত্তি পাৰ্চী ছাত্ৰবিলাককহে দিছিল। দুবছৰ পাচত এই নিয়ম তুলিদি সকলোৰে কাৰণে কৰিলে। এতিয়া ভাৰতৰ যেই সেই প্ৰদেশৰ ছাত্ৰই এই বৃত্তিৰ সহায়ত বিলাতলৈ গৈ নিজৰ ইচ্ছামতে বিজ্ঞান সাহিত্য দৰ্শনাদি পঢ়িব পাৰে। এতিয়ালৈকে ৩৮ জন ছাত্ৰই বৃত্তিৰ সহায়ত বিলাতত পঢ়ি আহিছে। তাৰ ভিতৰত ২৩ জন পাৰ্চী;বিলাতৰপৰা শিক্ষা লাভ কৰি ঘূৰি আহিলে সেই খৰচকৰা টকাখিনি কম হাৰৰ সুতেৰে সৈতে ওলটাই দিব লাগে। এই টকাৰ সহায়ত আৰু এজন ছাত্ৰ পঢ়িবলৈ পঠিয়ায়; টকাখিনি ঘূৰাই লোৱা হয় যদিও সেই টকাৰে যথাৰ্থ প্ৰতিদান হব নোৱাৰে। এই দৰে কম সংখ্যাৰ টকাৰেই আমাৰ দেশৰ ডেকা সকলে নতুন নতুন জ্ঞান আহৰণ কৰি জন্ম-ভূমিৰ মুখ পোহৰাব পাৰে।

 বিজ্ঞানেই শিল্প আৰু বাণিজ্যৰ উন্নতিৰ মূল। কাৰণ বিজ্ঞানৰ ফলতেই আজি পাশ্চাত্য দেশবিলাকে ইমান উন্নতি কৰিব লাগিছে। বিজ্ঞান চৰ্চ্চা সকলো প্ৰকাৰ উন্নতিৰ দুৱাৰদলি স্বৰূপ। সেই কাৰণে টাটাই ভাৰততো এটা গবেষণাগাৰ স্থাপন কৰিবলৈ মনস্থ কৰিলে।

 টাটা খুব সুন্দৰ মনৰ মানুহ আছিল। কাম কি উপায়ে সৰ্ব্বাঙ্গ সুন্দৰ হয় তালৈ তেওঁৰ সদাই লক্ষ্য আছিল। বিজ্ঞানাগাৰ স্থাপন কৰিব বুলিয়েই তেওঁ কিছুমান টক৷ খৰচ কৰি নিশ্চিন্ত