পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
জেম্‌ছেদজী টাটা।


নাথাকিল। তেওঁ প্ৰথমে এজন গ্ৰেজুৱেট্ ইউৰোপ আৰু আমেৰিকালৈ পঠাই আৱশ্যকীয় সকলো প্ৰকাৰ সংবাদ সংগ্ৰহ কৰিলে; আৰু নিজেও অনেক জনা-বুজা মানুহৰ লগত আলোচনা কৰিলে; ভাৰতত কেনেকুৱা বিজ্ঞানাগাৰ হোৱা উচিত আৰু তাত কি কি বিষয় শিক্ষা দিয়া হব, এইবিলাক আলোচনা কৰাত অনেক বুদ্ধি আৰু জ্ঞানৰ আৱশ্যক হৈছিল। হিচাব কৰি চালে যে ত্ৰিশ লক্ষ টকা হলে কামটো কৰিব পাৰিব। ত্ৰিশ লক্ষ টকা হলে দালান কৰিও আৱশ্যকীয় সকলো সঁজুলি কিনিব পাৰি।

 তেওঁ এটা কমিটি গঠন কৰি হিচাবটো আলোচনা কৰিবলৈ দিলে। কমিটিৰ মেম্বৰ কেইজন প্ৰত্যেকেই শিক্ষিত লোক। সেই মেম্বৰ সকলক টাটাই নিজে নিযুক্ত কৰিছিল। কমিটিৰ চেক্ৰেটাৰি বাৰ্জৰজী পাদ্‌জা এওঁক প্ৰথমে আৱশ্যকীয় খৰচ দি বিলাতলৈ পঠোৱা হৈছিল। এই উৎত্থানটো ভালকৈ বিবেচনা কৰি চোৱাত কেইবছৰমান হল; কম খৰচতে সুন্দৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ কমিটিয়ে চেষ্টা কৰিছিল। এই কামৰ ওপৰত ভাৰত গৱৰ্ণমেণ্টেৰ চকু পৰিল। সেই সময়ত ভাৰতৰ ৰাজধানী কলিকতা মহা নগৰীত আছিল। আৰু বৰলাট আছিল সদাশয় লৰ্ড কৰ্জ্জন। টাটা আৰু ভাৰত গবৰ্ণমেণ্টৰ ভিতৰত অনেক বাদানুবাদ হৈছিল। ১৮৯৮ খৃষ্টাব্দত লৰ্ড কৰ্জ্জন বোম্বে নগৰলৈ যায়। তেওঁ টাটাৰ এই উদ্যম প্ৰশংসা কৰে। কিন্তু ত্ৰিশ লক্ষ টকাৰে কাজটো সম্পূৰ্ণ ভাল কৰিব নোৱাৰিব