পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌ছেদজী টাটা। - “বাণিজ্যে বসতি লক্ষ্মীঃ” – এই কথাষাৰ টাটাৰ জীৱনত এতিয়া ভালদৰে পৰিণত হৈ উঠিল। তেওঁ এতিয়া লক্ষ্মী আইৰ বৰ পুত্ৰ। তেওঁৰ মিল দুট৷ হুন্দৰকৈ চলিবলৈ ধৰিলে, এতিয়া তেওঁ তাৰ বিষয়ে বেচি ভাবিব নালাগে, তেওঁৰ কৰ্ম্মচাৰী সকলেই পৰিচালিত কৰিবলৈ ধৰিলে। কৰ্ম্মচাৰী সকলৰ আটাই কেইজনেই বিশ্বাসী, কৰ্ম্মপটু আৰু কষ্ট-সহিষ্ণু। টাটাই কৰ্ম্মীসকলক কামৰ ভাগ বাটি দিছিল, কৰ্মীসকলেও নিজৰ নিজৰ ভাগ সম্পন্ন কৰি গৰাকীৰ প্ৰিয়ভাজন হয়। কামৰ গৰাকীয়ে তলতীয়৷ কৰ্ম্মচাৰীক কাম কৰিবলৈ উপদেশ নিদি আদৰ্শ হৈ কৰি দেখুৱাটোহে বেচি ভাল। টাটা এই বিষয়ত সকলোৰে আদৰ্শনীয়। ১৭ অন্যান্য চহকীবিলাকৰ নিচিন৷ তেওঁ টকাক জীৱনৰ সৰিবস্তু কৰা নাছিল। তেওঁ কেতিয়াও অস্বাভাৱিক সুখ আৰু বিলাসিতাৰ বশীভূত নহৈছিল। ধনৰ সজ ব্যৱহাৰ তেওঁ ভালদৰে জানিছিল। অৰ্থৰে যাতে দেশৰ হিত সাধন হয়, তালৈ তেওঁৰ চেষ্টা আছিল। তেওঁ কিছুমান কাম কৰিবলৈ কল্পনা কৰি থৈছিল; মিলৰ কামৰ ভাৰ কিছু কম পৰাত সেইবিলাক কাম কৰিবলৈ মন কৰিলে। ভাৰতীয় ছাত্ৰ কিছুমান বিলাতলৈ শিক্ষাৰ কাৰণে পঠাবলৈ তেওঁৰ একান্ত ইচ্ছা আছিল। বহুত ভাল বুধিয়ক লৰাই টকাৰ অভাৱত বিদেশলৈ গৈ উচ্চ শিক্ষা লাভ কৰিব নোৱাৰে। তেওঁলোকে বিলাতলৈ গলে অনায়াসে আই. ছি. এছ (I.C.S.) আৰু আই. এম্. এছ ( I. M.S. ) পৰীক্ষা পাছ কৰি আহিব পাৰে। দেশত উচ্চ শিক্ষা বিস্তৃত হলে দেশৰ অনেক উন্নতি হয়। २