পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌ছেদজী টাটা তেওঁ অইন কৰ্ম্মচাৰীবিলাকৰ কথা দেখি অবাক। যি দেশত এনেকুৱা কথা ৰাখিব নোৱাৰা অসংখ্য মানুহ বাস কৰে, সেই দেশৰ উন্নতি হয় কেনেকৈ? কোনো এবিধ বস্তু কিনিবলগীয়া হলে তাক বিদেশী মানুহৰ পৰা নিকিনি দেশীয় মানুহৰ পৰা কিনা ভাল। কাৰণ তেতিয়া হলে নিজৰ দেশৰ পইচা নিজৰ দেশতেই ৰৈ গল, নিজৰ দেশীয় ভাইৰ অৱস্থা ভাল হব, তেওঁৰ ভাল হলেই নিজৰ ভাল। এনেকৈ কিছুমান মানুহৰ অৱস্থা ভাল হলেই দেশৰ সম্পূৰ্ণ উন্নতি হয়। এইদৰে নিজৰ দেশৰ মানুহক সহায় কৰাটো উদাৰতা আৰু সৰলতাৰ পৰিচয় মাত্ৰ। বৰ্ত্তমান ভাৰতবাসীয়ে বিশেষকৈ অসমীয়াই এই বিষয়ত সদাই চকু দিবলগীয়া হৈছে। এটা পুৰণি নীতি বচন আছে, তাৰ অৰ্থ এই যে, যি সমাজত প্ৰতিযোগিতা আছে, তাত থাকিব৷ আৰু যত হিংসা, অৰিয়৷ অৰি আছে, তাৰপৰা সোনকালে আঁতিৰ হব৷; আন এজনে বেপাৰৰ বা খেতিৰ এটি নতুন নিয়ম উলিয়ালে তুমি তাৰ অকণো অপকাৰ । নকৰাকৈ নিজেও এটা নতুন নিয়ম উলিয়াই তোমাৰ কৃতিত্বৰ পৰিচয় দিয়া, তোমাৰ সকলো বিষয়তে উন্নতি হব। তাকে নকৰি অন্তৰত হিংসা ভাব ৰাখিলে তোমাৰ অৱনতি অনিবাৰ্য্য। কাৰবাৰ বুলিলেই যে অসততা আৰু মিছাৰ আশ্ৰয় লব লাগে তাৰ কোনো কাৰণ নাই। জগতত সত্যৰ প্ৰতিষ্ঠ। আৰু অসত্যৰ বিনাশ নিশ্চয়। সকলো কামতে সাধুতা, সততাৰ আশ্ৰয় লব লাগে।