সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
জেম্‌ছেদজী টাটা
 

অলপো জিৰণি নাই কেৱল কামতেই ব্যস্ত। তেওঁ সদাই উন্নতিৰ নতুন নতুন উপায় আবিষ্কাৰ কৰাত মগ্ন। আমাৰ দেশৰ তুলাৰ খেতি বৰ ভাল নহয়। তেওঁ মিচৰত তুলাৰ খেতি দেখিছিল। তাত তুলাৰ খেতি কৰা প্ৰণালী বৰ ভাল। তেওঁ দেখিলে যে ভাৰতৰ মানুহেও শিক্ষা পালে সেইদৰে তুলাৰ খেতি কৰিব পাৰিব। সেই উদ্দেশ্যে তেওঁ মিচৰত তুলাৰ খেতি কৰা প্ৰণালী বৰ্ণনা কৰি এখন সৰু কিতাপ লিখিলে। তেতিয়া টাটাৰ কথাত আন কোনোৱে কাণ দিয়া নাছিল। কিন্তু এতিয়া গবৰ্ণমেণ্টেও টাটাৰ সেই উপদেশ মতে চলিছে।

 বোম্বে প্ৰেচিডেন্সিত লাহে লাহে মিলৰ সংখ্যা বেচি হৈ আহিল; সেই কাৰণে বিদেশলৈ ঢেৰ বস্তু ৰপ্তানী হবলৈ ধৰিলে। সেই সময়ত বোম্বেৰ লগত চীন জপানৰেই কাৰবাৰ বেচি আছিল। টাটাই গোটেই কাৰবাৰটো নিজৰ হাতলৈ আনিবৰ কাৰণে জাপানলৈ নিজে গৈ এটা জাহাজ কোম্পানীৰ লগত বন্দৱস্ত কৰি আহে যে,– বোম্বেৰ সকলোবিলাক মিলৰ বস্তুকে তেওঁলোকক দিব। টাটাই এই কথা অনেক দিন ৰক্ষা কৰি আছিল। তেওঁ অইন মানুহৰ ফুচুলনিত পৰিও নিজৰ প্ৰতিজ্ঞাৰপৰ৷ বিচলিত হনল। কিছুদিনৰ পিচত আন এটা কোম্পানীৰ ফুচুলনিত আন আন কৰ্ম্মচাৰী কিছুমানৰ মনৰ গতি ঘূৰিল। তেওঁলোকে কোম্পানীক নিজৰ বস্তু দিবলৈ ধৰিলে।

 এই কথাত টাটাই বৰ দুখ পালে। তেওঁৰ প্ৰতিজ্ঞা যে ইমান সোনকালে ভঙ্গ হব তাক তেওঁ সপোনতো ভবা নাছিল।