মিল নাছিল। কলটোৰ কামলৈ চাই টাটাই খুব কম দামতে কিনিলে, কাৰণ ইয়াৰ কিন৷ দাম ৫০ লাখ টকা আছিল। কিন্তু টাটাই কলটে৷ কিনি বৰ ঠগ খালে, তেওঁ গোটেই জীৱনতে এনেকুৱ৷ ঠগ খোৱা নাই। ধৰম্ছী মিল কিনাটো টাটাৰ জীৱনৰ এটা ডাঙ্গৰ ভুল। মিলটোৰ কল-কব্জাবোৰ একেবাৰেই বেয়া আৰু পুৰণি; কিছুমান কলকব্জা নাই। সেইবোৰ কামত লগাবলৈ হলে বহুত পইচা খৰচ কৰি ভাল কৰিব লাগিব। লোকৰ বস্তু কিনিবৰ সময়ত সদাই লক্ষ্য কৰিব লাগে যে বেচিভাগ বস্তুৰেই অনেক দুৰ্গুণ হলেহে গৰাকীয়ে বস্তুটো বেচিবলৈ মন কৰে। টাটা কেবা বছৰো কল ভাল কৰোঁতেই লাগি থাকিল। তথাপি কলটি ঠিকমতে শেষ নহয়। অৱশেষত দহ বছৰৰ মূৰত মিলটো সম্পূৰ্ণ ৰকমে ভাল হৈ উঠে। এই কামত টাটাৰ যথেষ্ট ধন খৰচ হল। ইয়াত তেওঁৰ ধৈৰ্য্য, অধ্যৱসায় আৰু কষ্ট সহিষ্ণুতাৰ যথেষ্ট পৰিচয় পোৱা যায়। ধৰম্ছী মিল ভাল কৰাটো টাটাৰ জীৱনৰ অক্ষয় কীৰ্ত্তিস্তম্ভ। বহু দিন ধৰি তেওঁৰ অধ্যৱসায় দেখি আন আন মানুহবিলাক অবাক হৈছিল। মিলৰ গৰাকী আন মানুহ হোৱা হলে হাতসাবটি বহি থাকি হেঁতেন; টাটাই যি কামতে হাত দিয়ে তাৰ পৰা সোণ উৎপন্ন নকৰি নাথাকে। মিলটি ভাল কৰি তেওঁ তাৰ নাম “স্বদেশী মিল” ৰাখিলে। এতিয়া স্বদেশী মিলৰ অৱস্থা সকলোৰে চকুত লগা।
টাটাৰ দুয়োটা মিল ভালদৰে চলিবলৈ ধৰিলে। তেওঁৰ