পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌জেদজী টাটা নিশ্চিন্ত নাছিল; কাম শেষ হোৱাৰ পাচত যাতে তেওঁলোকে অলপ অচৰপ আমোদ-প্ৰমোদ কৰিব পাৰে তাৰ স্থবন্দৱস্ত কৰি দিছিল৷ নিয়মিত সময়ত নিয়মিত হিচাবে কৰা নৃত্য-সঙ্গীতে মানুহৰ শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰে। কৰ্ম্মচাৰী সকলে আজৰি সময়ত পঢ়া-শুন| কৰিবৰ কাৰণে পুথি-ভৰাল পাতি দিছিল; তাত অনেক বাতৰি কাকত আৰু কিতাপ আছিল। ইয়াত বাহিৰেও, তেওঁলোকৰ ভিতৰত এট। খেলৰ দল আছিল। বঙ্গদেশৰ বেঙ্গল কেমিকেলৰ কৰ্ম্মচাৰীবিলাকৰ কাৰণেও এনেকুৱ| অনেক সুবিধা আছে। টাটাই বুদ্ধি কেউপিনে খটায়। তেওঁ সকলোবিলাক কামকে দুটা কথালৈ মন কৰি কৰে। প্ৰথমতে হৈছে সেই কামৰপৰা নিজৰ উপকাৰ আৰু দ্বিতীয়তে হৈছে নিজৰ দেশৰ মানুহৰ উপকাৰ। কোন বস্তু কেতিয়া কেনেকৈ কি কামত লগাব লাগে, তাক টাটাই সুন্দৰকৈ জানিছিল। আমাৰ ইয়াৰ বহুত মানুহৰ গাত এই অতি আৱশ্যকীয় গুণটিৰ অভাৱ দেখা যায়। সকলোৱে অহোপুৰুষাৰ্থ কৰি এই গুণটি আৰ্জ্জি লোৱা উচিত। মিলটি দহ বছৰ চলিল। এতিয়া টাটাৰ বুদ্ধি আন পোনে খেলালে। তেওঁ সময়ৰ গতি বুজি খুব মিহি ধুতি তৈয়াৰ কৰিবৰ কাৰণে আন এটি নতুন মিল স্থাপন কৰিবলৈ মনস্থ কৰিলে। ঘটনাক্ৰমে এই সময়তে ধৰছী নামৰ মিল এটাৰ ডাক-নীলাম হয়। সেই সময়ত বোম্বে প্ৰেচিডেন্সিৰ ভিতৰত ইয়াতকৈ ভাল