পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেমছেদজী টাটা ১২ ফলত কৰ্ম্মচাৰী সকলৰ ভাল কাম কৰিবলৈ আগ্ৰহ হৈছিল। ইয়াত বাহিৰেও বছৰৰ মূৰত লাভৰ পৰিমাণ চাই তেওঁলোককো এটা ভাগ দিবৰ ঠিক কৰিলে; বহুত দিন থাকি ভাল কাম কৰি অৱসৰলোৱ৷ কৰ্ম্মচাৰীক পুৰস্কাৰ দিবৰ ঠিক কৰিলে; যি মানুহ কাম কৰিবৰ অসমৰ্থ হয়, তেওঁক পেন্সন দিয়াৰ ঠিক কৰিলে। এই মিলৰ অনেক নিয়ম-প্ৰকৰণ গবৰ্ণমেণ্টৰ কামৰ নিচিনা। আপোন-পেটীয়া মানুহে কেতিয়াও কাৰবাৰত উন্নতি কৰিব নোৱাৰে; কাৰবাৰী মানুহ ত্যাগী সৰল আৰু সমদৰ্শী হব লাগিব; তেওঁ তলতীয়া কৰ্ম্মচাৰীক নিজৰ ঘৰৰ মানুহৰ নিচিন৷ বুলি ভাবি চলিব লাগিব। ভাই আৰু ভাগী একে সমান। টাটাৰ এইবিলাক মহৎ গুণৰ কাৰণে কৰ্ম্মচাৰী সকলৰ টাটা আৰু মিলৰ প্ৰতি বৰ শ্ৰদ্ধ। জন্মিল, এজন কৰ্ম্মচাৰীও এই মিল এৰি আন মিলৰ আশ্ৰয় নললে। অৱশেষত আন আন মিলৰ গৰাকী সকলেও টাটাৰ মিলৰ উন্নতিৰ কাৰণ জানিব পাৰি নিজৰ মিলৰো তেনেকুৱা বন্দৱস্ত কৰি ল'লে। আমাৰ দেশৰ শিক্ষিত লোক সকলে যেনেকৈ চলা-ফুৰা, খোৱা-লোৱা আৰু পিন্ধা-উ- কৰে, সাধাৰণ মানুহ বিলাকেও তেওঁলোকক অনুকৰণ কৰি তাকেই কৰে; গতিকে শিক্ষিত সকলৰ মতি-গতি, ধৰণ কৰণ ভাল হলে আন মানুহবিলাকৰে৷ ভাল হবৰ সম্ভৱ। টাটাৰ পৰা অনেক মানুহৰ উপকাৰ হ'ল। তেওঁৰ সকলে৷ কাজেই আদৰ্শস্থানীয় আছিল। টাটাই কৰ্ম্মচাৰী সকলক কেৱল লাভৰ আশা দেখুৱায়েই