পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SSC জেম্‌ছেদজী টাটা সৰু-ডাঙ্গৰ সকলো কামলৈ বিশেষ নজৰ ৰাখিব লাগিব; কোনো বিষয়ৰ প্ৰতি অবহেলা কৰিলে তাৰপৰা কুফল ফলিব পাৰে। কাবাৰী মানুহ খুব সূক্ষ্মদৰ্শী হব লাগে; তেওঁলোকৰ মানত টকাটে৷ আৰু পইচাটোৰ মাজত পাৰ্থক্য থাকিব নালাগে। এম্প্ৰেছ মিল স্থাপিত হোৱাৰ পিচত টাটা আৰু তেওঁৰ কৰ্ম্ম- চাৰী সকলে অনেক অসুবিধা ভোগ কৰিলে; কিন্তু অশেষ চেষ্টা আৰু অবিচলিত ধৈৰ্য্যৰ গুণত তেওঁলোকে সেই বাধা-বিঘিনি আৰু অসুবিধাবিলাক লাহে লাহে বিদূৰ কৰিলে। কেই বছৰমানৰ ভিতৰতেই কলত যথেষ্ট পৰিমাণে লাভ হ'ল; আৰু মিল চলোৱা খৰচৰ ৰাহিৰেও তেওঁৰ অংশীদাৰ সকলক বহুত টক। ভগাই দিলে। বেচি লাভ হোৱা বাবে টাটা সিমানতেই ক্ষান্ত নাথাকিল, আৰু যাতে বেচি লাভ হয় তাৰ স্থবন্দৱক্ত কৰিলে। তেওঁ সুন্দৰকৈ জানিছিল যে মিলৰ উন্নতি-অৱনতি ঘাইকৈ মিলৰ কৰ্ম্মচাৰী সকলেহে কৰিব পাৰে। মিলৰ নাইবা আন কোনো কাৰবাৰৰ গৰাকী সকলে এই কথাটি নুবুজি চলে বাবে কামত সিমান | লাভ কৰিব আৰু সুখ্যাতি আৰ্জ্জিব নোৱাৰে। টাটা এই বিষয়ত উদাসীন নাছিল; মানুহে যি কাম কৰে তাত যদি মন নবহে, তেন্তে সেই কামটো কৰিবলৈ কৰ্ম্মচাৰীক আদেশ দিলে তাৰপৰা ভাল ফল আশা কৰা মিছা; উদ্যম আৰু উৎসাহেৰে কৰা কামৰ শেষ ফল ভাল। পেটৰ ভোকত বহুত ঠাইত বেতন ভোগী কৰ্ম্মচাৰী সকলে নিৰ্বানন্দ হৈ কাম কৰে। টাটাই এইবোৰ কথা বুজি কৰ্ম্মচাৰী সকলৰ মাজত বেতনত বাহিৰেও পুৰস্কাৰ বন্দৱৰ্ত্ত কৰি দিছিল, তাৰ