পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 

ভাবি টাটাই অধীৰ আৰু নিচেষ্ট নহল। যতনত ৰতন মিলে- তেওঁ এই বহুমূলীয়া কথাষাৰ অলপ সময়ৰ কাৰণেও নাপাহ- ৰিলে। এই কাৰণেই কাৰবাৰ কৰিবলৈ মনৰ বল, শিক্ষা, কষ্ট- সহিষ্ণুতা আৰু কামত পটুতাৰ আৱশ্যক। সত্যৰ সদায় জয়; সকলোৱে সত্য গুণৰ বশ। কাৰবাৰী সকলে মন কৰিব লাগে -টেঙা আম এবাৰহে বেচিব পাৰি। আনক ঠগি অসৎ উপায়েৰে ধন ঘটা বৰ পাপ কাম। ধৰ্ম্ম মতে চলি যি অলপ ধন ঘটা যায় তাতেই সন্তুষ্ট থাকিব লাগে। আগ-পিচ চাই কাৰবাৰ ডাঙ্গৰ কৰা ভাল।

 টাটা কোম্পানীয়ে ক্ৰমে ক্ৰমে এই ক্ষতি পূৰণ কৰিবলৈ চেষ্ট৷ কৰিলে। ইয়াৰ কিছুদিনৰ পাচত আবিচিনিয়৷ দেশৰ ৰজা থিওডৰৰ লগত ভাৰত গবৰ্ণমেণ্টৰ যুদ্ধ হয়। অইন অইন কোম্পানীৰ লগতে টাটা কোম্পানীও সেই যুদ্ধৰ বই-বস্তু যোগাবলৈ গাত ল'লে। কিন্তু থিওডৰে আত্মহত্যা কৰা বাবে যুদ্ধ সোনকালে অবসান হ’ল। টাটা কোম্পানীয়ে ইয়াত কিছু টকা পালে।

 টাটাই আকৌ নতুন ব্যৱসায় হাতত লোৱা-নোলোৱাৰ বিষয়ে ভাবিবলৈ ধৰিলে। কিছুমানৰ লগত লগ লাগি তেওঁ এটা তেলৰ কল কিনিলে; তাক শেহত কাপোৰৰ কলত পৰিণত কৰি পেলালে। সেই কলটোত সূতাও তৈয়াৰ কৰিব পাৰি। সেই সময়ত সেই ঠাইত মুঠতে আঠোটা কল আছিল; সেই কাৰণে প্ৰত্যেক কলৰ গৰাকীৰেই বহুত লাভ হৈছিল। বেচি দাম পোৱা বাবে কলটো বেচিলে।