ভাবি টাটাই অধীৰ আৰু নিচেষ্ট নহল। যতনত ৰতন মিলে— তেওঁ এই বহুমূলীয়া কথাষাৰ অলপ সময়ৰ কাৰণেও নাপাহৰিলে। এই কাৰণেই কাৰবাৰ কৰিবলৈ মনৰ বল, শিক্ষা, কষ্ট- সহিষ্ণুতা আৰু কামত পটুতাৰ আৱশ্যক। সত্যৰ সদায় জয়; সকলোৱে সত্য গুণৰ বশ। কাৰবাৰী সকলে মন কৰিব লাগে —টেঙা আম এবাৰহে বেচিব পাৰি। আনক ঠগি অসৎ উপায়েৰে ধন ঘটা বৰ পাপ কাম। ধৰ্ম্ম মতে চলি যি অলপ ধন ঘটা যায় তাতেই সন্তুষ্ট থাকিব লাগে। আগ-পিচ চাই কাৰবাৰ ডাঙ্গৰ কৰা ভাল।
টাটা কোম্পানীয়ে ক্ৰমে ক্ৰমে এই ক্ষতি পূৰণ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ কিছুদিনৰ পাচত আবিচিনিয়৷ দেশৰ ৰজা থিওডৰৰ লগত ভাৰত গবৰ্ণমেণ্টৰ যুদ্ধ হয়। অইন অইন কোম্পানীৰ লগতে টাটা কোম্পানীও সেই যুদ্ধৰ বই-বস্তু যোগাবলৈ গাত ল'লে। কিন্তু থিওডৰে আত্মহত্যা কৰা বাবে যুদ্ধ সোনকালে অবসান হ’ল। টাটা কোম্পানীয়ে ইয়াত কিছু টকা পালে।
টাটাই আকৌ নতুন ব্যৱসায় হাতত লোৱা-নোলোৱাৰ বিষয়ে ভাবিবলৈ ধৰিলে। কিছুমানৰ লগত লগ লাগি তেওঁ এটা তেলৰ কল কিনিলে; তাক শেহত কাপোৰৰ কলত পৰিণত কৰি পেলালে। সেই কলটোত সূতাও তৈয়াৰ কৰিব পাৰি। সেই সময়ত সেই ঠাইত মুঠতে আঠোটা কল আছিল; সেই কাৰণে প্ৰত্যেক কলৰ গৰাকীৰেই বহুত লাভ হৈছিল। বেচি দাম পোৱা বাবে কলটো বেচিলে।