পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 


প্ৰণালী চাই ফুৰ৷ বৰ ভাল কাম। কোনো দেশত ক্ৰিব| ভাল নিয়ম-প্ৰকৰণ দেখা পালে তাক নিজেও চলাবলৈ যত্ন কৰিব লাগে। কেৱল কিতাপৰপৰাই সকলো শিক্ষা পোৱা নাযায়; ভ্ৰমণেহে মানুহৰ আচল শিক্ষাৰ সহায়ক।

 এই সময়তেই আমেৰিকাত যুদ্ধ হয়। আমেৰিকাৰ পৰা বছৰে বছৰে ঢেৰ কপাহ বিদেশলৈ ৰপ্তানী হয়। ইংলণ্ডৰ প্ৰায় আটাইবিলাক আৱশ্যকীয় তুলাই আমেৰিকাৰ পৰা অহা। যুদ্ধ আৰম্ভ হোৱাত আমেৰিকাৰ তুল৷ ৰপ্তানী হোৱা প্ৰায় বন্ধ হোৱা যেন হ’ল। তেতিয়া ভাৰতৰ পৰা ইংলণ্ডলৈ তুলা যাবলৈ ধৰিলে৷ অলপ দিনৰ ভিতৰতেই বোম্বে নগৰী তুলা ৰপ্তানীৰ ঘাই আড্ডড্স হৈ পৰিল। বোম্বেৰ বহুত বেপাৰীয়ে এই কাৰবাৰত ঢেৰ ধন উপাৰ্জ্জন কৰিলে। টাটাই প্ৰেমচাঁদৰ লগত একে লগ হৈ এই কাৰবাৰত হাত দিলে। কাৰবাৰ বৰ ডাঙ্গৰ হ'ল; অনেক টক৷ তুলাত সোমাল।

 ইপিনে ১৮৬৫ খৃষ্টাব্দত, আমেৰিকাৰ যুদ্ধ হঠাৎ শেষ হ’ল। যিবিলাক মানুহে ভুলাৰ কাৰবাৰত ব্যস্ত আছিল, তেওঁলোে এই খবৰ শুনি মূৰতে বজ্ৰ পৰা যেন হ’ল। কিমান বেপাৰী যে ধৰুৱা হৈ পৰিল, তাৰ ইয়ত্তা নাই। টাটা কোম্পানীৰো বহুত লোকচান হল। টাটাই লণ্ডণ লগৰলৈ গৈ তাত বাণিজ্যৰ এটা শাখা পাতি আহিছিল; লোকচান হোৱা দেখি তেওঁ তাক বেচি পেলালে। তেওঁলোকৰ বোম্বে নগৰৰ কাৰবাৰটো কোনো মতেহে ৰক্ষা পৰিল৷ উথন-পতন জগতৰ স্বাভাৱিক ৰীতি বুলি