সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জেম্‌ছেদজী টাটা
 


 অলপ দিনৰ ভিতৰতেই টাটাই সুন্দৰকৈ বুজি পালে যে বোম্বে নগৰত এটা কাপোৰৰ কল চলালে বহুত ধন লাভ কৰিব পৰা যাব। তেওঁ নিজেই এটা কল চলাবলৈ মন কৰিলে। কিন্তু তেওঁ কোনো কামকেই নিজে ভালদৰে নজনাকৈ হাতত নলয়। কাপোৰৰ কলৰ বিষয়ে শিকিবৰ কাৰণে তেওঁ ইংলণ্ডৰ মান্‌চেষ্টাৰ নগৰলৈ যাত্ৰা কৰিলে। নজন| নুবুজাকৈ কোনো কামকেই হাতত লব নাপায়। উধা-মুধাকৈ কাৰবাৰ কৰিলে, লাভ কৰা দূৰৈৰ কথা, মূলৰো হাতা-হাতিহে হয়।