এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্ছেদজী টাটা
৮
অলপ দিনৰ ভিতৰতেই টাটাই হুন্দৰকৈ বুজিপালে যে বোম্বে
নগৰত এটা কাপোৰৰ কল চলালে বহুত ধন লাভ কৰিব পৰা
যাব৷ তেওঁ নিজেই এটা কল চলাবলৈ মন কৰিলে। কিন্তু তেওঁ
কোনো কামকেই নিজে ভালদৰে নজনাকৈ হাতত নলয়।
কাপোৰৰ কলৰ বিষয়ে শিকিবৰ কাৰণে তেওঁ ইংলণ্ডৰ মান্চেষ্টাৰ
নগৰলৈ যাত্ৰা কৰিলে৷ নজন| নুবুজাকৈ কোনো কামকেই হাতত
লব নাপায়। উধা-সুধাকৈ কাৰবাৰ কৰিলে, লাভ কৰা দূৰৈৰ
কথা, মূলৰো হাতা-হাতিহে হয়।