পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 


বিচিত্ৰ ধাৰা প্ৰবাহিত। তেওঁ বোম্বেৰ এল্‌ফিন্‌ষ্টোন্ স্কুলত নাম লগায়।

 ১৯৫৮ খৃষ্টাব্দত তেওঁৰ বিদ্যা-শিক্ষা শেষ হয়। নানা কাৰণবশতঃ তেওঁ ছাত্ৰ-জীৱনত বিশেষ কৃতিত্ব দেখুৱাব পৰা নাছিল।

 টাটাৰ পিতাকৰ এট। মধ্যম ৰকমৰ কাৰবাৰ আছিল। তেওঁ চীন দেশৰ লগত বাণিজ্য কৰে। বিদেশৰ লগত কাৰবাৰ কৰাকে বহিববাণিজ্য বোলে। অন্তৰ্ব্বাণিজ্যতকৈ বহিৰ্ববাণিজ্যত দেশৰ মঙ্গল বেচি। কাৰণ অন্তৰ্ববাণিজ্য হলে নিজৰ দেশৰ ভিতৰতে চলে, তাত বিদেশৰ পৰা ধনাগমনৰ সুবিধা নাই; কিন্তু বহিৰ্নবাণিজ্যত হলে বিদেশৰপৰ৷ ধনাগমনৰ যথেষ্ট সুবিধা আছে।

 টাটাই কলেজ এৰি পিতাকৰ কাৰবাৰত যোগ দিলে। আফিঙৰ কাৰবাৰটে৷ সেই সময়ত পাৰ্চীবিলাকৰ একচেতীয়া যেন আছিল, অইন মানুহে সেই কাৰবাৰৰ মোল বুজা নাছিল। পাচীবিলাকে সেই ব্যৱসায় কৰি বহুত ঘন ঘটিলে। টাটাই পিতাকৰ ওচৰত কাৰবাৰৰ অলপ-অচৰপ আও-ভাও শিকি চীন- দেশৰ ওচৰত থকা হংকঙলৈ ( এই দ্বীপ ইংৰাজৰ অধীন ) যাত্ৰ৷ কৰিলে; তাত তেওঁ আফিঙৰ ব্যৱসায় ভালদৰে শিকি আহিল। এই শিক্ষাৰ পৰাই তেওঁৰ বাণিজ্যত বুদ্ধিবৃত্তি প্ৰখৰ হয়; তেওঁ বাণিজ্য কৰাৰ ছেগ ভালদৰে বুজিলে। নিজৰ ঘৰ এৰি নানাদেশৰ মানুহৰ স্বভাৱ চৰিত্ৰ আৰু কাৰবাৰ কৰাৰ নিয়ম