পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 


প্ৰায় হাজাৰ বছৰ ধৰি ই পাৰ্চী পুৰোহিতবিলাকৰ কেন্দ্ৰস্থান আছিল। পাৰস্ত দেশৰ মানুহক পাৰ্চী বোলে। তেওঁলোকে মুছলমান ধৰ্ম্ম গ্ৰহণ নকৰি নিজ প্ৰাচীন ধৰ্ম্ম ৰক্ষা কৰিবৰ কাৰণে নিজৰ জন্ম-ভূমি এৰি আহি বোম্বে অঞ্চলত বসতি কৰিলে। কিছুমান পাৰ্চী মানুহে নাভছাৰি নগৰত ভালদৰে বস-বাস কৰি থাকিল৷ পাৰ্চীবিলাক ধৰ্ম্মপৰায়ণ, সত্যপৰায়ণ; তেওঁলোকে যি কামকে ধৰে, শেৰ্য নহয় মানে তাক হঠাং এৰি নিদিয়ে।

 ১৮৩৯ খৃষ্টাব্দত নাভছাৰি নগৰৰ এজন পাৰ্টী মানুহৰ ঘৰত জেম্‌ছেদজী টাটাৰ জন্ম হয়। ‘টাটা’ তেওঁলোকৰ বংশৰ উপাধি। এই বছৰতে আফগানিস্থানত আফগান আৰু ইংৰাজৰ মাজত আফগান যুদ্ধ হয়। টাটা পাৰ্টী সমাজত উপজি সেই সমাজতে ডাঙ্গৰ দীঘল হয়; গতিকে তেওঁ পাৰ্চী মানুহৰ নিচিনা সৰল আৰু কৰ্ত্তব্যনিষ্ঠ হোৱাটো স্বাভাৱিক৷ সৰুৰেপৰাই তেওঁৰ স্বভাৱ-চৰিত্ৰ বৰ ভাল আছিল। নাভছাৰি নগৰতেই প্ৰথমে তেওঁৰ শিক্ষাৰ আৰম্ভ হয়। তাতে তেওঁ পাটীগণিত আৰু মৌখিক অঙ্ক শিকে; আৰু তাৰ লগে লগে অলপ-অচৰপ ধৰ্ম্ম-শাস্ত্ৰও পঢ়িবলৈ শিকে। তাৰ পিচত ১৮৫২ খৃষ্টাব্দত ১৩ বছৰ বয়সত তেওঁক উচ্চ শিক্ষাৰ কাৰণে বোম্বে নগৰলৈ পঠিয়ায়।

  বোম্বে পাই টাটাই এখন নতুন জগৎ পোৱা যেন হ'ল। তাত নানা জাতীয় মানুহ নানা কামত ব্যস্ত; আৰু নতুন নতুন জ্ঞান, নতুন নতুন চিন্তা, কৌশল আৰু নতুন নতুন কামৰ