পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 


 সকলো মানুহে কেৱল চৰ্কাৰী চাকৰিলৈ ধাউতি কৰি থাকিলেই কোনো এটা জাতিৰ মঙ্গল হব নোৱাৰে। দেশৰ দুখ-দৰিদ্ৰতা দূৰ কৰিবলৈ হলে বেপাৰ আৱশ্যক। আমাৰ দেশত বেপাৰ কৰিবলৈ যথেষ্ট সুবিধা আছে; দেশৰ শিক্ষিত লোক সকলে ইচ্ছা কৰিলে কাৰবাৰৰ নতুন নতুন নিয়ম আৰু উপায় উলিয়াই বহুত ধন উপাৰ্জ্জন কৰিব পাৰে; আৰু দেশৰ জন সাধাৰণকে৷ বাণিজ্য কৰাৰ হুপথ দেখুৱাই দিব পাৰে। কিন্তু সিপিনে আমাৰ সমূলি মন-কাণ নাই; অথচ দেশত দিনক দিনে বহি খোৱা মানুহৰ সংখ্যা বাঢ়িছে যাব লাগিছে। যি দেশৰ পৰা বছৰে বছৰে অজস্ৰ ধন বাহিৰলৈ যাব লাগিছে, কিন্তু অহাৰ ঘৰত শূন্য বুলিলেও হয়, সেই দেশৰ উন্নতি হব কেনেকৈ?

 সম্প্ৰতি আমাৰ দেশৰ যি দুই চাৰি জনে বাণিজ্যত হাত দিছে, তেওঁলোক প্ৰত্যেকেই টাটাৰ মহৎ জীৱনী পাঠ কৰা একান্ত আবশ্যক। বাণিজ্য বিষয়ত টাট৷ আমাৰ পথ-প্ৰদৰ্শক। তেওঁ চহকীৰ ছলি নাছিল; কিন্তু নিজৰ একাণপতীয়া চেষ্টা উদ্যম আৰু অধ্যৱসায়ৰ গুণত তেওঁ অজস্ৰ ধন উপাৰ্জ্জন কৰিছিল আৰু স্বদেশলৈ ধন-আগমনৰ বাট মুকলি কৰি দিছিল। এতিয়া ভাৰতত তেনেকুৱ৷ কিছুমান টাটাৰ আৱশ্যক হৈ পৰিছে।

 চুৰাট নগৰ বোম্বে প্ৰেচিডেন্সিৰ ভিতৰত। এই নগৰতে পোন প্ৰথমে ইংৰাজ কোম্পানীয়ে কুঠী বা গুদাম ঘৰ সাজে। চুৰাট নগৰৰ অলপ দূৰতে বৰদ৷ ৰাজ্যৰ ভিতৰত নাভছাৰি নামে এখন সৰু নগৰ আছে। চহৰখন সৰু যদিও জনসংখ্যা বেচি।