পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ জেম্‌ছেদজী টাটা বিজন-বনৰ মাজত বহি “ৱৱম্ শিব” বুলি থকাই উচিত। সংসাৰত ভিক্ষুক আৰু সোৰোপাৰ কাৰণে ঠাই নাই । এতিয়া কৰ্ম্ম যুগ ; সংসাৰ কৰ্ম্মীৰ কাৰণেহে। বৰ্ত্তমান জগতৰ সোঁত বেলেগ পিনে ধাবিত । এতিয়৷ ধনেই শক্তিৰ উহ। যাৰ ধন নাই, তাৰ একো নাই। যাৰ অভাৱ-অভিযোগ আৰু পেটৰ চিন্তা বেচি তেওঁ সংসাৰত সুখেৰে কাল কটাব নোৱাৰে । এতিয়া আমি বেঁচি ভাগেই ধৰ্ম্ম লৈয়েই ব্যস্ত ; কিন্তু এসময়ত আমাৰ পূৰ্বৰ্ব্ব পুৰুষ সকলে ধৰ্ম্ম বিষয়ত যিমান উন্নতি কৰিব পাৰিছিল, আমি তাৰ এক-শতাংশও পৰা নাই ৷ আমাৰ সমাজ বৰ্ত্তমান একেবাৰেই অৱনতিৰ দুৱাৰদলিত। এতিয়৷ আমি মৃত- প্রায় ; গতিকে এতিয়৷ আমি পৰমেশ্বৰৰ আশীষ-বাণী মূৰৰ ওপৰত লৈ সকলোৱে কৰ্ত্তব্য কামত লাগি যাবলগীয়া হৈছে৷৷ সকলোৱে এক ভাৰতবাসী ভাই বুলি মনৰ পৰা তুচ্ছ-তাচ্ছিল্য ভাৱ আৰু হিংসা দ্বেষ এৰি দিব লাগিব । পৰাপক্ষত আনৰ ওচৰত হাত নপতাকৈ খাবলৈ যত্ন কৰা উচিত। প্রকৃত মানুহৰ নিচিনাকৈ থাকিব পৰাটো জাতীয় জীৱনৰ প্ৰথম আৰু প্ৰধান ধৰ্ম্ম হোৱা যুগুত ৷ ধনেই ধৰ্ম্মৰ মূল । ধনৰ সহায়ত নিজৰ সংসাৰ সুকলমে পৰিচালিত কৰাৰ বাহিৰেও অনেক সৎকাম কৰিব পাৰি । আগেয়ে পেটৰ কথা, পিচতহে হৰিৰ চিন্ত। ; ধন নাই বাৰ প্ৰাণ নাই তাৰ, – এইবোৰ নীতি-পূৰ্ণ বাক্য সদাই মনত ৰাখি কাম কৰিব লাগে। মানুহমাত্রেই সদাই সৎ পথত থাকি ধন ঘটিবলৈ শিকিব লাগে আৰু তাৰ সজ ব্যৱহাৰ কৰিব লাগে। G