পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জেম্‌ছেদজী টাটা

( ১ )

 ভাৰত ৰত্ন প্ৰসবিনী; ইয়াত গুণী, জ্ঞানী আৰু ত্যাগী পুৰুষৰ কেতিয়াও অভাৱ নহয়। ভাৰতৰ এতিয়া ঘোৰ দুৰৱস্থা, তথাপি এনেকুৱা দিনতো কবি, বৈজ্ঞানিক, ৰাজনৈতিক আৰু স্বদেশ প্ৰেমিক অনেক মহাপুৰুষ অৱতীৰ্ণ হৈ ভাৰতৰ প্ৰাচীন গৌৰৱ- মুকুট অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে।

 এতিয়া ভাৰতবাসীৰ আটাইতে কৈ ডাঙ্গৰ সমস্যা হৈছে অন্ন সমস্যা, ধন সমস্যা। কবলৈ দুখ লাগে যে আমি সুজলা-সুফলা ভাৰত জননীৰ সতি-সন্ততি হৈয়ো লোকৰ ওচৰত হাত পাতি ফুৰা পথৰ ভিক্ষাৰী হৈছোঁ। “যি নাই ভাৰতত, সি নাই ভাৰতত” ঋষিসকলৰ এই অমূল্য কথাষাৰ আমি ব্যৰ্থ কৰিছোঁ। তথাপি আমাৰ চৈতন্য নাই, কৰ্ত্তব্য কামলৈ ঐকান্তিক উৎসাহ নাই, আছে কেৱল চিৰ লগৰীয়৷ সোৰোপালি আৰু মনৰ মামৰ কূৰ্চ্চুট কপটাদি ভাববোৰ।

 বৰ্ত্তমান জগতত প্ৰকৃত মানুহৰ নিচিনাকৈ জীয়াই থাকিবলৈ হলে ধনবান হোৱাৰ আৱশ্যক। এতিয়া আৰু “অৰ্থমনৰ্থং ভাৱয় নিত্যম্” এই বাক্য মতে চলিবলৈ হলে সংসাৰ-লেঠা ত্যাগ কৰি