পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৫
জেদ্ মাতৃ

 খিৰিকিৰ ওচৰত থিয় হৈ এটা হাতজোকাৰি জোকাৰি চিৰদিনৰ কাৰণে বিদায় দিয়া মেলিনাক চেংপোৱে দূৰৰ পৰা শেষ বাৰৰ কাৰণে চাই লৈছিল।

 চেংপোক চকুৰে নমনা হোৱাৰ পাছত তাই বস্তু-বাহানি সামৰাত ব্যস্ত থকাৰ ভাও দেখুৱাই কেইটামান বস্তুলৈ গধুৰ মনেৰে লাহে লাহে দোকানৰ সন্মুখলৈ ওলাই আহিল। তাই সিহঁতক লৰাটো চাবলৈ ক'লে আৰু অন্য বস্তুবাহানি সামৰাত ব্যস্ত থকাৰ ভাও দেখুৱালে। সৈনীক কেইটাৰ সন্দেহ হৈছিল, আৰু ঘৰটোৰ চুকে-কানে ভালদৰে চাবলৈ ধৰিলে। কিন্তু চেংপোক নেপালে।

 মেলিনাই ঘৰলৈ উভটি আহি মাকৰ মৃত্যুৰ বাতৰি পাইছিল আৰু দেউতাকক সম্পূৰ্ণ বুঢ়া অৱস্থাত পাইছিলহি। যেতিয়া মেলিনাই আহি দেউতাকক অভিবাদন জনালে, তেতিয়া ক্ষমাৰ কোনো চিনেই বৃদ্ধ দেউতাকৰ মুখত দেখা পোৱা নগ'ল। কেৱল মাত্ৰ কেচুৱাটোলৈ চকু ফুৰাই তেওঁৰ মনটো কিছু পৰিমাণে কুমলিছিল। আনহাতে, বুঢ়া মানুহ জনে কিছু উপশম পাইছিল যে—চেংপো আৰু নাই৷ অৱশ্যে চেংপো অহা হেতেনো কমিছনাৰ জনে কি কৰিলেহেতেন তাৰ সন্দেহ আছিল। সম্ভব তেওঁ তেতিয়াও সেই মানুহটোক ক্ষমা কৰিব নোৱাৰিছিল, যি তেওঁৰ জীয়েকৰ জীৱনটো কলুষিত কৰিছিল আৰু পৰিয়ালটোলৈ বিপৰ্য্যয় মাতি আনিছিল।

 বছৰৰ পাচত বছৰ পাৰহৈ গ'ল। চেংপোৰ কোনো সংবাদ পোৱা নগ’ল। কেণ্টনৰ গৱৰ্ণৰ এদিন ৰাজধানীলৈ আহিছিল। কমিচনাৰ জনে তেওঁৰ সন্মানৰ অৰ্থে ভোজ ভাতৰ আয়োজন কৰিলে। সেই সময়তে গৱৰ্ণৰে ক'লে কমিচনাৰে সম্ৰাজ্ঞীক উপহাৰ দিয়া কৰুণাময়ী দেবী গৰাকীৰ দৰে, তেওঁ ঠিক তেনে ধৰণেৰে আচৰিত আৰু নিপুণ কাৰুকাৰ্য্যৰ এজনা মুৰ্ত্তি আনিছে। প্ৰকৃততে ই অতি মনোৰম মূৰ্ত্তি। তেওঁ এই মূৰ্ত্তিজনাক যুগল কৰিবৰ কাৰণে সম্ৰাজ্ঞীক দিব।

 “মই আপোনালোকক দেখুৱাবলৈ ধৈৰ্য্য ধৰিম।” গবৰ্ণৰ জনে উল্লাহেৰে কৈছিল।

 ভোজভাত শেষ হৈ যোৱাৰ পাছত এটা উজ্জ্বল কাঠৰ বাকচ ভিতৰলৈ আনিলে। তেতিয়া বগা পাথৰৰ কৰুণাময়ী দেবীক বাকচটোৰ পৰা উলিৱাই টেবুলৰ সোঁমাজত থলেহি। সকলোৱে উবুৰিখাই মেজৰ ওপৰত পৰিল। এই গৰাকীয়েই সেই বিৰহিনী কৰুণাময়ী দেবী।

 মেলিনাক এজনী লিগিৰীয়ে খৰখেদাকৈ কলেগৈ। মেলিনাই কোঠাটোলৈ গল আৰু টেবুলৰ সোঁমাজত শিলৰ মূৰ্ত্তিজনাক দেখি একেবাৰে শেতা পৰি গ'ল। তাই মনে মনে ক'লে “তেৱেই এইজনা তৈয়াৰ কৰিছে। মই ভালদৰে জানো এই জনা তেওঁৰেই।” চেংপো জীয়াই আছেনে নাই এই কথা জানিবৰ আগ্ৰহেৰে তাই শিল্প বিষয়ে পতা কথা শুনিবৰ বাবে কান পাতি ৰ'ল।

 এজন অতিথিয়ে প্ৰশ্ন কৰিলে “ইয়াৰ শিল্পী জন কোন?” কেণ্টনৰ গৱৰ্ণৰে কবলৈ ধৰিলে “সেইটোৱেইটো কাহিনীটোৰ উল্লেখযোগ্য অংশ।”

 “তেওঁ সম্পূৰ্ণ ৰূপে জেদৰ শিল্পী নহয়। মই মোৰ পৰিবাৰৰ ভাগিনৰ পৰা তেওঁৰ বিষয়ে জানিব পাৰো। তাই কোনোবা এখন বিয়ালৈ যাওঁতে মোৰ পৰিবাৰৰ পুৰণি কলীয়া ব্ৰেচলেট যোৰ পিন্ধি গৈছিল। দুটা ড্ৰেগণ মূৰ্ত্তি আকৃতিৰে ব্ৰেচলেট জোৰ ধুনীয়া। ভাগীনজনীয়ে তাৰে এপাত

১৪