ব্ৰেচলেট ভাঙি একেবাৰে অধীৰ হৈ পৰিল। এইটো বৰ দুখ লগা কথা আছিল। কিয়নো ব্ৰেচলেট যোৰ অতি অনুপম আৰু মেৰামতি কৰিব পৰা বিধৰ নাছিল।” ভাগীনজনীয়ে সেই মোৰ ব্ৰেচলেটৰ পৰিবৰ্ত্তে আন এযোৰ ব্ৰেচলেট আনিদিব খুজিলে। তাই প্ৰত্যেক দোকানলৈ গৈ উভটি আহিব লগাত পৰিছিল। কিয়নো তেওঁলোকে খোলাখুলিকৈ ক'লে যে এই কেইদিনৰ ভিতৰত আৰু নোৱাৰি মই চাহ দোকান বোৰত বিজ্ঞাপন দি ফুৰিলো। বিজ্ঞাপন শুনি অপৰিষ্কাৰ কাপোৰ কানিৰে পৰিচিত এটা মানুহ আহিছিল। তেওঁ ব্ৰেচলেট যোৰ জোৰা লগাব পাৰিম বুলিলে আৰু জোৰা লগাইছিল। সেইবাৰেই প্ৰথম মানুহ জনৰ কথা গম পাওঁ।”
সম্ৰাজ্ঞীয়ে কৰুণাময়ী দেৱী গৰাকীক যুগল কৰিবৰ ইচ্ছা কৰা শুনি মোৰ এই দক্ষ শিল্পীজনৰ কথা মনত পৰিল। মই কেণ্টনত পোৱা সকলোতকৈ উৎকৃষ্ট জেদ অনাই তেওঁক মতাই পঠালোঁ। তেওঁ মোৰ ওচৰলৈ আহোতে এটা হাতে হাতে ধৰা পৰা চোৰৰ দৰে ভয়ত অধীৰ হোৱা দেখিলো।
“মই যে সম্ৰাজ্ঞীৰ ওচৰত থকা দেৱী গৰাকীক যুগল কৰিবলৈ এই জনা মূৰ্ত্তি সাজিবলৈ তেওঁক মতাইছিলো এইটো কবলৈ বহুত সময় লাগিছিল।” মই যেতিয়া ঘূৰণীয়া ইয়াৰিং যোৰৰ কথা কলো তেতিয়া তেওঁ চকিত হৈ উঠিছিল। লাহে লাহে তেওঁ শিলচতাৰ ওচৰ চাপিছিল আৰু প্ৰত্যেকটো কোন ভালদৰে পৰীক্ষা কৰি চালে। মই সুধিলে “কি হৈছে?” এই টুকুৰা ভাল নহয়নেকি?” অৱশেষত তেওঁ ঘূৰি চালে আৰু গৰ্বিত ভাৱে ক'লে “এই টুকুৰা খুব ভাল হব। ইয়াৰ যত্ন সফল হব।” তাৰ জীৱনতে এনেকুৱা ধৰণৰ জেদ পোৱাতোকে কল্পনা কৰি আহিছিল। “গৱৰ্ণৰ মই ইয়াক কৰিম। কিন্তু কাৰুকাৰ্য্যৰ বিনিময়ত একো মূল্য দিব নোৱাৰিব আৰু মোৰ স্বকীয় অনুভূতি বিলাক প্ৰকাশ কৰিবলৈ আপুনি সম্পূৰ্ণ স্বাধীনতা দিব লাগিব।”
“মই তেওঁক সকলো লাগতীয়াল সৰঞ্জাম যোগাৰদি তেওঁক এখন সাধাৰণ বিচনা আৰু টেবুল দি এটা কোঠালিত ৰাখিছিলো।
তেওঁ এজন অদ্ভুত মানুহ আছিল। তেওঁ কাৰো সৈতে কথাবাৰ্ত্তা নহৈছিল। আনকি তেওঁৰ আহিলা পাতিৰ যোগাৰ ধৰা চাকৰটোৰ প্ৰতিও কৰ্কশ আছিল কিন্তু তেওঁ কাৰবাৰ অনুপ্ৰেৰণাত কাম কৰি আছে। প্ৰথম পাঁচমাহ মানলৈকে তেওঁ মোক মূৰ্ত্তিটো চাবলৈ নিদিছিল আৰু তিনিমাহ মানৰ শেষতহে তেওঁ কামতে সম্পূৰ্ণ কৰিছিল। মূৰ্ত্তি জনাক প্ৰথমে দেখি মই নিজকে পাহৰি গ'লো। ঠিক বৰ্ত্তমান তোমালোৰ দৰে। শিল্পীজনৰ মুখত মই এটা আচৰিত ভাব দেখিছিলোঁ যেতিয়াই জেদ্ মুৰ্তিটোলৈ অনিমেষ নেত্ৰে চাইছিল।”
তাৰ পাছত শিল্পীজনে লাহে লাহে কৈছিল—
“গৱৰ্ণৰ মহোদয় মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই মূৰ্ত্তিটোৱেই মোৰ জীৱনৰ কাহিনী।”