পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
জগন্নাথ বৰুৱা কলেজ আলোচনী

 চেংপোৱে সুধিলে “তুমি ইমান দিন ক’ত আছিলা?” এটা পাৰ্চেল মোকোলাই ওৱাঙে কলে, “কিয়ানৰ পৰা এই আহি পাইছোহি। চোৱা! এইটো উঠি যোৱা ‘পাৱহ’ দোকানখনৰ”।

 চেংপো একেবাৰে নিতালমাৰি আছিল; যেতিয়া ওৱাঙে এটা বান্দৰৰ মূৰ্ত্তি উলিয়ালে, তেতিয়া চেংপোৱে চিঞৰি ক'লে, “নকলী”।

 সদাগৰ জনে লাহে লাহে ক'লে, “তুমি ঠিক ধৰিছা। বান্দৰটোৰ মুখখনত একো প্ৰকাশভঙ্গী নাই। তুমি একেবাৰে ইয়াৰ শিল্পীৰ দৰে কৈছা”।

 চেংপোৰে সঙ্কোচেৰে ক'লে “মই জানোঁ।”

 “হয় মোৰ মনত পৰিছে—তুমিয়েই মোক সেই আশ্চৰ্য্যজনক মূৰ দোৱাই থকা কুকুৰটো দিছিলা৷ মই তোমাক কবলৈ বেয়া নাপাওঁ—যে মই সেই কুকুৰটো বেচি প্ৰায় দুগুণ লাভ কৰিলো, তোমাৰ তেনে ধৰণৰ কিৰা বস্তু আছে নেকি?”

 “মই তোমাক ‘পাৱহৰ’ প্ৰকৃত বান্দৰৰ মূৰ্ত্তি কেনেকুৱা তাক দেখুৱাম৷’’

 তেওঁৰ দোকানতেই চেংপোৱে ’কিয়ানত’ তৈয়াৰ কৰা এটা মূৰ্ত্তি দেখুৱালে। আৰু ওৱাঙে সেইটো বেচিবলৈ তেওঁক বাধ্য কৰালে।

 পিছৰ বাৰ নানচেঙলৈ যাওঁতে তেওঁ বন্ধু মহলত কৈছিল যে—জেদৰ কিছুমান লেখত ল'ব লগীয়া বস্তু পশ্চিম চীনত থকা এজন সাধাৰণ পুতলা দোকানীয়ে সংগ্ৰহ কৰিছে। তেওঁ আৰু কৈছিল যে তাত আৰু এনে সৌন্দৰ্য্যপূৰ্ণ বস্তু আছে।

 “এজন সাধাৰণ মানুহৰ হাতত এনে ধৰণৰ মূল্যবান বস্তু থকাটো বৰ আচৰিত যেন লাগে।”

 প্ৰায় ছমাহৰ পাছত তিনিটা সৈনিকে চেংপো আৰু কমিচনাৰৰ জীয়েকক ৰাজধানীলৈ নিবলৈ আদেশ পত্ৰ লৈ আহিল। কমিচনাৰ অফিছৰ সেই চেক্ৰেটেৰী জনো ইহঁতৰ লগত আহিছিল।

 চেংপোৱে ক'লে, “যদি তোমালোকে মোক কিছুমান বস্তু লগত নিবলৈ দিয়া, তেন্তে মই তোমালোকৰ লগত যাম।”

 “এৰা, তাতে কেচুৱাটোৰ আৱশ্যকীয় বস্তুও যাব লাগিব”। মেলিনাই ক'লে।

 “ইযে কমিচনাৰৰ নাতিনীয়েক সেইটো নাপাহৰিব। যদি ইয়াৰ বাটত কিবা অসুখ হয়, তেন্তে তাৰ বাবে আপুনি জগৰীয়া হ'ব”।

 সিহঁতক বাটত ভদ্ৰ ব্যৱহাৰ কৰিবলৈ কমিছনাৰে মানুহ কেইটাক নিৰ্দ্দেশ দি পঠাইছিল। সৈনীক কেইটা দোকানৰ সন্মুখত ৰৈ চেংপো আৰু মেলিনাক ভিতৰলৈ যাবলৈ অনুমতি দিলে।

 বিদায়ৰ বিষণ্ণ মুহূৰ্ত্ত আহিল। জীৱনত কোনো দিনেই সিহঁতৰ লগত দেখাদেখি নহয় বুলি জানি চেংপোৱে মেলিনা আৰু কেচুৱাটোক চুমা খালে। আৰু পাহছত লাহে লাহে খিৰিকিয়েদি পাৰহৈ গুচি আহিল।

 মেলিনাই খিৰিকিৰ পৰা লাহে লাহে কৈছিল “তোমাৰ কাৰণে মোৰ অন্তৰত সদায় প্ৰেম থাকিব। তুমি আৰু কাহানিওঁ জেদ স্পৰ্শ নকৰিবা।”