পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩
জেদ্ মাতৃ

চহৰৰ মাজেদিয়েই প্ৰাদেশিক ৰাজধানীলৈ যোৱা বাটৰুৱা সকলে তাৰ পৰা কিছু জেদৰ বস্তু কিনি লৈ যায়।

 এদিন এটা মানুহ তাৰ দোকানলৈ আহিছিল। আৰু তেওঁৰ প্ৰদৰ্শিত বস্তু বোৰ চায়ে সুধিছিল, “কেইষিং কমিচনাৰ চেঙৰ সম্বন্ধীয় তুমি চেংপো নোহোৱানে?”

 চেংপোয়ে কাহানিও কেই কেইষিংত নাছিলো বুলি শীঘ্ৰে অস্বীকাৰ কৰিলে।

 “ভালবাৰু, তুমি যেতিয়া জোৰ দিয়েই কৈছা। তুমি বিবাহিত নে?”

 “সেই বিলাক তোমাৰ কোনো আৱশ্যক নাই” চেংপোৱে উত্তৰ দিছিল।

 মেলিনাই দোকানৰ পিছফালেদি ভুমুকিয়াইছিল। মানুহটো যোৱাত মেলিনাই কলে যে, মানুহটো দেউতাকৰ অফিচৰ এজন চেক্ৰেটেৰী। সম্ভৱ তেওঁৰ জেদ শিল্পই তেওঁক প্ৰবঞ্চনা কৰিছে।

 পিছদিনা সেই মানুহজন পুনৰ আহিল। “মই কৈছো নহয়, মই তোমাৰ কথা একো বুজিব পৰা নাই” চেংপোয়ে কলে।

 “ভাল তেনেহলে, মই তোমাক চেংপোৰ কথা ক'ম। তেওঁক নৰহত্যা আৰু কমিচনাৰৰ জীয়াৰীক বলেৰে ফুচুলাই অনা আৰু তেওঁৰ অলঙ্কাৰ আত্মসাৎ কৰা অভিযোগত দোষী সাব্যস্ত কৰা হৈছে। যদি মোক তুমি চেংপো নহয় বুলি সন্দেহ ভঞ্জন কৰাব খুজিছা, তেন্তে তোমাৰ পৰিবাৰক মোক এপিয়লা চাহ দিবলৈ ক’ব পাৰানে? তেওঁ যদি কমিচনাৰৰ জীয়েক নহয়, তেন্তে মোৰ সন্দেহৰ কাৰণ নাথাকিব।”

 “মই ইয়াত এখন সাধাৰণ দোকান খুলিছো। যদি তুমি বাৰে বাৰে মোক আমনি দিয়া, তেন্তে নিশ্চয় মই তোমাক যাবলৈ ক'ব লাগিব।”

 এটা ব্যঙ্গ হাঁহি মাৰি মানুহটো গুছি গ'ল।

 খৰ খেদাকৈ সিহতে জেদৰ বিক্ৰীবস্তু আৰু মূল্যবান বস্তু বাহানি লৈ এখন নাও ভাৰা কৰি ৰাতিৰ আন্ধাৰৰ সুবিধা লৈ নৈয়েদি পলাই গ'ল। সিহঁতৰ কেচুৱাটো তেতিয়া কেৱল তিনিমহীয়া।

 ই সম্ভৱ মানুহৰ নিষ্ঠুৰত নাইবা অদৃষ্টৰ পৰিহাস। এমহীয়া নৌযাত্ৰাৰ পাছত সিহঁতৰ কেছুৱাটোৰ অসুখৰ বাবে ‘কানশ্বিয়েন’ ত ৰৈ যাব লগাত পৰিছিল। সিহঁতৰ তেতিয়া ধনৰ আৱশ্যক খুউব বেচি হৈ পৰিল। চেংপোৱে তাৰ স্বকীয় উৎকৃষ্ট সৃষ্টি অন্ধচকুৰ মূৰ দোৱাঁই থকা এটা কুকুৰৰ মূৰ্ত্তি “ওৱাঙ’ নামৰ জেদ সদাগৰ এজনক বেচিলে।

 সদাগৰ জনে ক'লে “কেলেই, এইবোৰ দেখোন পাৱহ জেদ্। কোনো শিল্পীয়ে আৰু এনেকুৱা বস্তু সৃষ্টি কৰিব নোৱাৰে। অপৰিসীম সৌন্দৰ্য্য।”

 চেংপোৱে কলে, “আপুনি ঠিক ধৰিছে। মই এইবোৰ ’পাৱহ’ৰ পৰা আনিছো।” সি মনে মনে খুউব তৃপ্তি পালে।

 এদিন সেই ভেদে সদাগৰ ওৱাঙে আৰু কিছুমান ‘পাৱহ জেদ’ পোৱাৰ আশাৰে চেংপোক তেওঁৰ দোকানলৈ নিমন্ত্ৰণ কৰিলে।