সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
জগন্নাথ বৰুৱা কলেজ আলোচনী

কামে তাৰ শিল্পী মনৰ হাবিয়াস কিছু পৰিমাণে কমাব পাৰিব। মেলিনাই অনুনয়ৰ সুৰত কথাবোৰ কৈ গ'ল।

 কিন্তু চেংপোয়ে তাইৰ কথালৈ মন নকৰিলে। তাৰ অন্তৰত চিন্তাৰ হেন্দোলনি। নীৰৱতা ভঙ্গ কৰি চেংপোৱে কয় “চীনামাটিৰ কাম কৰি মই এনে শিল্পৰ সৃষ্টি কৰিম যি মোৰ শিল্পী মনৰ চিনাকি দিব। মই মজলীয়া শিল্পীবোৰৰ দৰে কাম কৰাতো তুমি বাঞ্চা কৰানেকি। একো ভয় নকৰিবা মেলিনা—এতিয়া শঙ্কাৰ ডাৱৰ আতৰি গৈছে।”

 নাৰী সূলভ স্বভাৱক বুজনি দিব নোৱাৰি তাই কয়, “তেনেহলে প্ৰিয়তম, তুমি তোমাৰ নাম অপ্ৰকাশিত কৰি ৰাখিবা। আমি এতিয়াও বিপদত। তুমি যদি তোমাৰ পৰিচয় দিয়া, আমাৰ ধ্বংস অনিবাৰ্য্য।’’

 মেলিনাই এনেদৰে কোৱাৰ কাৰণ আছিল তাই ভালদৰেই জানিছিল, চেংপোৰ নিজ হাতে গঢ়িব পৰা শিল্পৰ বাহিৰে আন একোৱেই তেওঁক সান্তনা দিব নোৱাৰে। • • •

 চেঙপোৱে তাৰ জীৱনৰ দুখলগা পৰিস্থিতিটোৰ কথা অনুভৱ কৰিছে। সি পুলিচৰ হাতৰ পৰা ৰক্ষা পোৱাতকৈ নিজৰ হাতৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা চিন্তা কৰিব লগীয়া হৈছে। তাৰ সৌন্দৰ্য্যৰ প্ৰতি মোহলগা দৃষ্টি, ৰূপৰ প্ৰতি তৃষ্ণা, নিজৰ সৃষ্টিৰ বাৰে গৰ্ব্ববোধ আৰু জেদৰ প্ৰতি অনুৰাগ— এইবোৰেই তাৰ জীৱনত ডাঙৰ সমস্যা হৈ উঠিছে।

 পৰিবাৰৰ অলঙ্কাৰৰ বিনিময়ত চেঙপোয়ে কিছুমান টুকুৰা শিল সংগ্ৰহ কৰিলে আৰু এখন দোকান খুলিলে। স্থিৰ শান্ত-দৃষ্টিৰে মেলিনাই কৰ্ম্মব্যস্তু চেংপোক চাই থাকে।

 “খুউব ভালহৈছে প্ৰিয়তম, মোৰে শপত আৰু ভাল নকৰিবা।”

 চেংপোৱে মেলিনালৈ চাই এটা ম্লান হাঁহি মাৰিলে। সি কিছুমান ইয়াৰিং আৰু ডিঙিৰ অলঙ্কাৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে কিন্তু... জেদ-পাথৰে তাৰ পূৰ্ণ প্ৰকাশ বিচাৰে। যি শ্ৰেষ্ঠ শিল্প সৃষ্টি কৰিব তাৰ ইয়াৰিং বা পাথৰৰ সাধাৰণ বস্তু তৈয়াৰ কৰাৰ কোনো অৰ্থ নাই। সেয়ে চেংপোৱে লুকাই চুৰ কৈ কিছুমান ধুনীয়া ধুনীয়া শিল্পৰ সৃষ্টি কৰিলে। চেঙৰ নিজা উদ্ভাৱনাৰ এই মনোৰম বস্তুবোৰ শীঘ্ৰে বিক্ৰী হ'ল আৰু লাভো হ'ল।

 পুনৰ শঙ্কাৰ ভাৱৰে মেলিনাক আৱৰি ধৰে—“মোৰ বৰ ভয় লাগিছে চেং; তুমি সকলোৰে পৰিচিত হৈ পৰিছা। তুমি পুনৰ বিখ্যাত হৈ পৰিছা। অলপতেই মই এটা কেচুৱাৰ মাক হ'ম। তুমি অলপ সজাগ হৈ থাকিবা।”

 “এটা কেচুৱা! আমি এতিয়াৰ পৰা এটা পৰিয়াল হ'ম।” চেং পোৱে চিঞৰি উঠে।

 নাৰী সুলভ কাল্পনিক মনৰ উমান বুজিব পাৰি চেংপোৱে মেলিনাৰ কথাবোৰৰ অজস্ৰ চুমাৰে প্ৰত্যুত্তৰ দিছিল।—“কিন্তু আমি সজ্ঞানে চলিব লাগিব;” মেলিনাই মনে মনে কৈছিল।

 বাস্তবিকতে সিহঁতে ভালেই কৰিলে। চেংপোৰ নিজা উদ্ভাৱনা “পাৱহ শিল্পৰ” খ্যাতি ৰৈ বৈ গ'ল। প্ৰায়বোৰ অভিজাত শ্ৰেণীৰ লোকে তাৰ বিক্ৰী বস্তুবোৰ কিনিছিল আৰু ’কিয়ান’