পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
জেদ্ মাতৃ

 “মুখখন একেবাৰে মেলিনাৰ দৰে হৈছেহেঁ” দেউতাকে কলে।

 চেংপোৱে উত্তৰত ক'লে “হয়, মেলিনাই মোৰ প্ৰেৰণা।”

 “বোপা, এতিয়াৰ পৰা সকলোৱে তোমাৰ কৃতকাৰ্য্যতা স্বীকাৰ কৰিব।” তেওঁ চেঙপোক উপযুক্ত মূল্য দিছিল আৰু কৈছিল, “তোমাক এই সুবিধা দিয়া বাৰে মোৰ ওচৰত তুমি কৃতজ্ঞ থকা উচিত।”

 চেংপোৰ নাম জনাজাত হৈ পৰিল, কিন্তু সি যাক সদায় বাঞ্ছা কৰিছিল তাক তেতিয়াও পোৱা নাছিল। মেলিনাৰ অবিহনে সি এই কৃতকাৰ্য্যতাত একো আমোদ পোৱা নাছিল। তাৰ প্ৰাণৰ গভীৰ ক্ষুধা মেলিনাৰ অন্তৰালত আছিল। সি কামত মন বহুৱাব নোৱাৰা হ'ল ক্ৰমান্নয়ে। আনকি তাৰ শিল্প সৃষ্টিৰ প্ৰেৰণাও মৰহি গ'ল।

 মেলিনা একৈশ বছৰীয়া গাভৰু হল, তথাপি তাইৰ বিয়া হোৱা নাই। এটা লৰা মেলিনাৰ বাবে ঠিক হ'ল, কিন্তু তাই কেৱল এটা মাত্ৰ উপহাৰ পঠাই বিয়া ভাঙি দিলে।

 সম্পূৰ্ণ নিৰাশ হৈ সিহঁত দুয়ো পলাই যোৱাৰ কথাকে ঠিক কৰিলে। চেংপোৰ কামত সম্পূৰ্ণ আস্থা ৰাখি মেলিনাই কিছুমান অলঙ্কাৰ লগত লৈ যাবলৈ ঠিক কৰিলে। কোনোবা এখন দূৰৰ প্ৰদেশত থকাটোকে সিইতে ভাবিছিল।

 এদিন সন্ধিয়া সিহঁত দুয়ো বাগিছাৰ পিছফালেদি পলাই যাবলৈ ধৰোঁতেই এটা বুঢ়া চাকৰে ৰাতিৰ নীৰবতাৰ মাজত সিহঁত হালক দেখা পালে। তাৰ সন্দেহ হ’ল, কিয়নো মেলিনা চেঙৰ প্ৰেম সেই পৰিয়ালটোৰ সকলোৱেই ভু পাইছিল।

 পৰিয়ালক কদৰ্য্যতাৰ পৰা আঁতৰাই অনা তাৰ কৰ্ত্তব্য বুলি সি ছোৱালীজনীৰ হাতত ধৰিছিল আৰু যাবলৈ নিদিছিল। চেংপোৰ কোনো সুকীয়া পথ নাছিল, চাকৰটোক সি অন্য ফালে ঠেলামাৰি দিছিল। বুঢ়াই থৰক বৰক অৱস্থাত পৰিও তাইক যাবলৈ নিদিছিল, আৰু চেংপোৱে একে ভুকুতে তাক শিলনি খনৰ ওপৰত বগৰাই দিছিল। জোঙা শিলৰ ওপৰত পৰি সি একেবাৰে অৱশ হৈ পৰিছিল, আৰু তাৰ মৃতপ্ৰায় অৱস্থা দেখি সিহঁতহাল পলাই গুচি আহিল।

 পিছদিনা পুৱা পৰিয়ালৰ সকলোৱে মৃত চাকৰটো আৰু সিহঁত পলাই যোৱা কথাটো জানিলে। এই কুকাৰ্য্য সিহঁতে লুকাই ৰাখিবৰ চেষ্টা কৰিলে, কিন্তু সকলো বিফল হ’ল; তেতিয়া কমিচনাৰ জন খঙত অধিৰ হৈ ক'লে “পৃথিবীৰ শেষ প্ৰান্তলৈ গৈয়ো মই তাক ন্যায়ৰ ওচৰলৈ আনিমেই”।

 ৰাজধানীৰ পৰা পলাই আহি সেই যুৱক-যুৱতী হাল অনাই বনাই ঘূৰি ফুৰিছিল। শেষত ঘূৰিফুৰি ’য়ানটেজ’ পাৰ হৈ দক্ষিণ চীন পাইছিলগৈ।

 পিছত স্থিৰ হ’ল—ইয়ানটেজ অতিক্ৰম কৰি অহাৰ পাছত কিবা এটা অদৃশ্য শক্তিয়ে তাইৰ স্বামীক ক্যাংচেঙৰ জেদৰ পথেদি লৈ গ'ল। প্ৰাদেশিক ৰাজধানী ‘নান চেঙ'ত ৰ’বলৈ সাহ নকৰি সিহঁত ‘কিয়ান’ৰ ফালে আগবাঢ়িল। মেলিনাই চেঙপোক জীবিকা উপাৰ্জ্জনৰ অন্য এটা পথ লবলৈ অনুৰোধ কৰে। ক্যায়ং চেঙত উৎকৃষ্ট চীনামাটি উৎপন্ন হৈছিল। চীনামাটিৰ