পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
জগন্নাথ বৰুৱা কলেজ আলোচনী

 প্ৰথম প্ৰেমে প্ৰেমিক-প্ৰেমিকাৰ অন্তৰলৈ নতুন আশাৰ ঢল আনে। যেতিয়া সম্মুখত বাধা পায় সিহঁতে তেতিয়া সকলো অতিক্ৰম কৰিব পাৰে। নোপোৱা কিবা এটা পোৱাৰ আশাত সিহঁতৰ আন্তৰ উথলি উঠে।

 সেই দিনা ৰাতি মেলিনাই বিচনাত পৰি মাক আৰু চেংপোৰ কথাবোৰ বাৰে বাৰে ভাবিলে। সেই নিশাৰ পৰাই তাই একেবাৰে সলনি হৈ পৰিল। সিহঁতে যিমানেই জাগি উঠা প্ৰেমক বাধা দিবৰ চেষ্টা কৰিছিল সিমানেই সিহঁতৰ পৰস্পৰৰ প্ৰেম বাঢ়ি গ’ল। অফুৰন্ত ভালপোৱা, মধুৰ অনুতাপ, আৰু ক্ষণস্থায়ী বিচ্ছেদৰ মাজেদি সিহঁতৰ প্ৰথম প্ৰেমৰ জাকজমক দিনবোৰ পুৰণা হৈ গ'ল। সিহঁতে সম্ভৱ বুজিছে সিহঁততকৈ শক্তিশালী বস্তুৱে সিহঁতক টানি নিছে।

 লাহে লাহে চেংপোয়ে বেপাৰৰ কাম ভালদৰে শিকি উঠিছিল। ’জেদ’ৰ কামত চেংপোৱে স্বকীয় উপাদান বিচাৰি পালে। জন্মগত শিল্পীৰ দৰে সি অতি কম সময়তেই নিজকে ‘জেদ’ ব্যৱসায়ত পাকৈত কৰি তুলিলে। ইয়াক সি ভাল পাইছিল। সম্পূৰ্ণৰূপে খুট মাৰি কৰিব নোৱৰালৈকে সি অবিশ্ৰান্ত গতিত লাগি থাকিছিল। দোকানৰ গিৰিহঁতে তাৰ কামত বিষ্ময় মানিছিল। অনেক অভিজাত শ্ৰেণীৰ লোকে ঘনে ঘনে তাৰ দোকানত ‘জেদ’ বিচাৰিবলৈ ধৰিলে। এদিন মেলিনাৰ দেউতাকে সম্ৰাজ্ঞীৰ জন্মোৎসৱত উপহাৰ দিবলৈ ঠিক কৰি। এটুকুৰা চকুতলগা নিমজ ‘জেদ’ বিচাৰিছিল। মেলিনাৰ মাকৰ কথামতে তেওঁ চেংপোৱে কাম কৰা দোকান খনলৈ গৈ বিচৰা বস্তুটোৰ কথা কৈছিল। চেংপোৰ ভাস্কৰ্য্যত চকু ফুৰাই তেওঁ একেবাৰে মোহিত হৈ পৰিছিল।

 “বোপা! এইবোৰ তোমাৰ বৰ আচৰিত সৃষ্টি। এইটো সম্ৰাজ্ঞীৰ কাৰণে। তুমি যদি এই কামটো কৰিব পাৰা তেন্তে তোমাৰ ভবিষ্যত উজ্জল।” চেংপোৱে জেদটুকুৰা ভালদৰে চাইলৈ, তাৰ ওপৰেদি লাহে লাহে হাত ফুৰাই চালে। পৰিতৃপ্তিৰ আমেজ চেঙৰ মুখত ফুটি উঠিছিল। শিলটুকুৰাক সি ‘কুৱেনদিন’ অৰ্থাৎ কৰুণাময়ী দেবীৰ ৰূপ দিবলৈ থিৰ কৰিলে। আৰু সি ভাবিছিল, ইয়াৰ পৰা সি এনেকুৱা এটা বস্তু সৃষ্টি কৰিব যি সৌন্দৰ্য্য কোনো মানুহে আগতে দেখা নাছিল।

 শিলছটাই চেংপোৰ হাতত প্ৰাণ নোপোৱালৈকে সি কাকো চাবলৈ নিদিছিল। সম্পূৰ্ণৰূপে মূৰ্ত্তিটো হৈ উঠাত ইয়াক স্থিৰকৃত অবস্থাত ৰখা হল, কিন্তু ই ভাস্কৰ্য্যৰ নিখুট কামেৰে প্ৰস্তুত হৈছিল আৰু ই, উৎকৃষ্ট সৌন্দৰ্য্যবৰ্ণিত আছিল। সাধাৰণ শিল্পীয়ে কৰিব নোৱাৰা কিবা এটা চোংপোৱে সৃষ্টি কৰিলে। এযোৰ ঘূৰণীয়া মিহি ‘ইয়াৰিং’ দেৱীগৰাকীৰ কানত পিন্ধোৱা আছিল আৰু ইয়াৰ কানৰ লতি দুটা ইমান মিহি, সুগঠিত আছিল যে, মানুহে ইয়াক ৰ’ লাগি চাই গৈছিল।

 দেৱীগৰাকীৰ মুখখন অবিকল চেংপোৱে প্ৰাণ ভৰি ভালপোৱা ছোৱালীজনীৰ দৰে আছিল।

 স্বাভাবিকতে কমিচনাৰজন অতিশয় সুখী হ’ল। সেই হেন ৰাজদৰবাৰত এই জেদ মূৰ্ত্তিটো অদ্বিতীয় হৈ থাকিব।