সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
জেদ্ মাতৃ

হৈছিল যদিও সিহঁতৰ বিয়াৰ কোনো সম্ভাৱনা নাছিল। কাৰণ সিহঁত দুয়ো একে বংশৰ আছিল।

 এদিন চেংপোৱে গৃহিণীৰ আগত ক'লে যে সি বাণিজ্য শিক্ষা কৰিবলৈ যাব খুজিছে। এজন জেদপাথৰৰ কাৰিকৰে তাক শিক্ষানবিচ হিচাবে দিয়া এটা চাকৰী পাইছে। গৃহিণীয়ে ভাবিছিল যে এইটো খুব ভালেই হৈছে কিয়নো সি তেওঁ এতিয়াৰ পৰা মেলিনাৰ আঁতৰত থাকিব পাৰিব। কিন্তু চেংপো সদায় ৰাতি ঘূৰি আহি তাতে থাকিবলৈ ল'লে আৰু আগতকৈ বেচিকৈহে মেলিনাৰ লগত ধেমালি-ধুমুল কৰিবলৈ ধৰিলে।

 মাকে এদিন কলে “মেলিনা তহঁত দুয়োটাই এতিয়া বুজন হৈছ আৰু আন হাতে চেংপো তোৰ ভাগিন হয় তেনেস্থলত তহঁত এনে দৰে হলিগলি কৰাতো অলপো ভাল হোৱা নাই। ”

 মাকৰ কথাই মেলিনাক ভালকৈ ভাবিবলৈ বাধ্য কৰালে তাই কেতিয়াও অনুভৱ কৰিব পৰা নাছিল যে চেংপোৰ প্ৰতি তাইৰ দুৰ্ব্বলতা আছে।

 সেইদিনা ৰাতি তাই চেংপোক বাগিচাত লগ ধৰিলে। জোনাক নিশা এখন শিলব বেঞ্চত বহি খুউব অনুনয়েৰে তাই মাকৰ কথাখিনি চেংপোক ক'লে। তাই লাজেৰে ক'বলৈ ধৰিলে “চেংপো মায়ে কৈছে আমি হেনো এনেদৰে হলিগলি কৰাত অলপো ভাল হোৱা নাই। ”

 “অ’ হয়, আমি বুজন হৈছোঁ৷’’

 ছোৱালীজনীয়ে মূৰটো লৰাই ক'লে “তাৰ মানে তুমি কি ক'ব খুজিছা?” তাই আধাকোৱাকৈ ৰৈ গ'ল।

 চেংপোৱে তাৰ হাতখনেৰে আলফুলকৈ মেলিনাৰ ককালত ধৰি কয় “ইয়াৰ মানে তোমাৰ মাজত থকা কিহবাই মোক তোমাৰ প্ৰতি দিনে দিনে বেচি আকৰ্ষণ কৰিছে, কিহবাই মোক তোমাক চাবলৈ বৰ হেপাহ কৰাইছে, তোমাৰ সান্নিধ্যত মোক কিহবাই সুখ আৰু আনন্দ দিয়ে আৰু মোৰ অনুপস্থিতিত মোৰ বৰ উকা লাগে আৰু মনটো সেমেকি উঠে।”

 ছোৱালীজনীয়ে হুমুনিয়াহ চাৰি কৈছিল “তুমি এতিয়া সুখীনে?” “হয়! সকলোবোৰ যেন পৰিবৰ্ত্তন হৈ গৈছে, মেলিনা, এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ।”

 “তুমিতো ভালকৈ জানা যে মই তোমাক বিয়া কৰাব নোৱাৰো আৰু মা দেউতাই বহুত দিনৰ আগৰে পৰা মোৰ বিয়া ঠিক কৰি ৰাখিছে।’’

 “তুমি তেনেদৰে নক’বা, তুমি তেনেদৰে নকবা সোণ।”

 “তুমি বুজিব লাগিব চেংপো।”

 “মই কেৱল ইয়াকে বুজো যে পৃথিবী আৰু স্বৰ্গ সৃষ্টি হোৱাৰ দিনৰে পৰা তুমি মোৰ কাৰণে আৰু মই তোমাৰ কাৰণে জন্ম লৈছিলো। তোমাক মই এৰি দিব নোৱাৰো আৰু তোমাক ভাল পোৱাতোত মোৰ ভুল হ'ব নোৱাৰে।”

 মেলিন তাৰ বাহুৰ মাজৰ পৰা দৌৰি গৈ নিজৰ কোঠাত সোমালগৈ।