সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
জগন্নাথ বৰুৱা কলেজ আলোচনী

 মূৰ্ত্তিটোৰ এটা হৃদয়গ্ৰাহী কাহিনী আছে। মূৰ্ত্তিটোৰ ভঙ্গিত দেখাপোৱা ভাবটোত এটা নাটকীয় মুহূৰ্ত্তৰ চাপ আছে। কোনো নাৰীক স্নেহৰ জনৰ বুকুৰ পৰা বলেৰে টানি অনাৰ এটা ভঙ্গিমা মূৰ্ত্তিটোৱে বিৱৰিছে। শিল্পীজনে হয়তো গঢ়িব খুজিছিল মাটিৰ মানুহলৈ স্নেহ যাচি সৰগৰ পথৰ বাট বুলুৱা এগৰাকী কৰুণাময়ী দেৱীৰ মূৰ্ত্তি। কিন্তু মূৰ্ত্তিটোৰ প্ৰকাশ ভঙ্গিয়ে কোনো দৰ্শককে তেনে ধাৰণা নিদিয়ে। মই একেবাৰেই আচৰিত হলো। কেৱল মাত্ৰ মূৰ্ত্তিটোৰ দেহত এনেকুৱা পাহৰিব নোৱাৰা জীৱন্ত ভাব এটা শিল্পীয়ে কেনেকৈ ফুটাই তুলিলে – আনহাতে মূৰ্ত্তিটোৰ সাজ পোছাক অভিনব। মুঠতে সমস্ত মূৰ্ত্তিটোৱেই শিল্পীৰ নিজ প্ৰতিভাৰ আশ্চৰ্য সৃষ্টি।

 মই সুধিলো “এই অপৰূপ মূৰ্ত্তিটো কনভেন্টৰ সন্ন্যাসিনীয়ে কেনেকৈ পালে?” মোৰ উত্তৰত গবৰ্ণৰে কৈ গ'ল “মূৰ্ত্তিটোৰ ভঙ্গিটোলৈ লক্ষ্য কৰা, পলৰীয়া ভাৱটো মন কৰা আৰু চকুৰ পতাত জিলিকি উঠা প্ৰেম, সঙ্কোচ আৰু বিপৰ্য্যয় সানমিহলি—অনুভৱ কৰিবলৈ যত্ন কৰা।” অকণমান সময় নীৰৱে থাকি ক'লে “আহা ভিতৰলৈ যাওঁ, তোক সম্পূৰ্ণ কাহিনীটো বিবৰি ক'ম।”

 নিশ্চয় এশবছৰ মানৰ আগৰ কথা হ'ব! মেলিনা তেতিয়া কেইকিংৰ ধুনীয়া ঘৰত বাস কৰা এজনী সুখী আৰু সৰু ছোৱালী আছিল। উচ্চ কৰ্ম্মচাৰী কমিচনাৰ চেঙৰ জীয়েক হিচাৰে তাইক বৰ বেচি লাই দিয়া হৈছিল। মেলিনাৰ দেউতাক বৰ কঠোৰ বিচাৰক আছিল কিন্তু নিজৰ জীয়েকক তেওঁ হিয়া উবুৰিয়াই মৰম কৰিছিল। সচৰাচৰ ঘটাৰ দৰে কিছুমান বংশৰ মানুহে এই ধুনীয়া অট্টালিকাত কাম কৰিবলৈ আহিছিল। তাৰে ভাল শিক্ষিত সকলক চৰকাৰী চাকৰি দিয়া হৈছিল আৰু নিৰক্ষৰ সকলক এই বিৰাট পৰিয়ালত আলধৰা স্বৰূপে ৰখা হৈছিল।

 এদিন এজন দূৰসম্বন্ধীয় ভাগিন আহিছিল। তেওঁৰ নাম আছিল চেংপো। তেওঁ হাঁহি মাতি কথা কোৱা আৰু তজবজীয়া এটা ষোল বছৰীয়া ল'ৰা আছিল। তেওঁ বয়সতকৈ কিছু ওখ আছিল। তেওঁৰ হাতৰ জোঙা আঙ্গুলি কেইটা মন কৰিলে গাঁৱলীয়া ল'ৰা যেন নেলাগে। তেওঁ ঘৰখনত এনে এটা আপোন ভাব সুমুৱালে যে মেলিনাৰ মাকে তেওঁক নিৰক্ষৰ হোৱাৰ স্বতেও পৰিদৰ্শক সকলৰ তত্বাৱধান লোৱা কামটো যাচে।

 চেংপো মেলিনাতকৈ বছৰেকৰ ডাঙৰ আছিল। তেতিয়াও সিহত সৰু হৈ থকাৰ কাৰণে একেলগে হাঁহি মাতি ফুৰিছিল।

 ওঠৰ বছৰৰ পাছত চেংপোক একেবাৰে অকামিলা দেখা গ'ল। কিহে মেলিনাক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল তাই তাক নিজে ক'ব নোৱাৰিছিল। মুঠতে তেওঁ অন্যৰ পৰা সুকীয়া আছিল। আৰু অলপ ওখ আৰু বেচি ধুনীয়া আছিল। তেওঁ সকলোৰে লগত মিলিব পাৰিছিল আৰু সেয়েহে পৰিয়ালত বাপেকৰ বাহিৰে সকলোৰে মৰমৰ ভাগ পাইছিল। দুয়োৰে মাজত স্বাভাৱিক অন্তৰঙ্গতা জাগি উঠিছিল। লাহে লাহে এই অন্তৰঙ্গতা প্ৰেমত পৰিণত