পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
জগন্নাথ বৰুৱা কলেজ আলোচনী

প্ৰশ্নৰ সমিধান বিচাৰি বেছি দূৰলৈ যাব নেলাগে, কাৰণ অতীতৰ মনীষী সকলে ইয়াৰ উপায়ৰ কথা ৰিঙিয়াই কৈ গৈছে —সেয়ে হ’ল সৰ্ব্বসাধাৰণে নিজক সেৱক বা সেৱিকা বুলি ভাবি ব্যক্তিগত সুখ সম্ভোগৰ প্ৰতি আসক্তিহীন হৈ জনগণৰ দুখ দাৰিদ্ৰ দূৰীকৰণত ব্ৰতী হোৱা, এয়ে “শুশ্ৰূষা”।

 এই শুশ্ৰূষা সেৱক বা সেৱিকাৰ জ্ঞান আৰু অনুভূতিৰ পৰিসৰ অনুযায়ী বিভিন্ন ধৰণৰ আৰু বিভিন্ন পৰিসৰৰ। শিক্ষা, সমাজ ব্যৱস্থা আৰু ভ্ৰমণৰ ওপৰতে সৰ্ব্বসাধাৰণৰ জ্ঞান আৰু অনুভূতি নিৰ্ভৰ কৰে। জ্ঞান আৰু অনুভূতি যিমান বিশাল হয়, শুশ্ৰূষাৰ কাৰ্য্যক্ষেত্ৰও সিমান বিশাল হয়৷ অৱশ্যে বাহ্যিক পৰিসৰেই শুশ্ৰূষাৰ মহত্ত্বৰ সম্পূৰ্ণ মাপকাঠি হব নোৱাৰে। ইয়াৰ মহত্ত্ব বিশেষকৈ নিৰ্ভৰ কৰে সেৱক বা সেৱিকাৰ পবিত্ৰ জ্ঞান, সূক্ষ্ম অনুভূতি আৰু কাৰ্য্যত নিস্বাৰ্থ পৰায়ণতাৰ ওপৰতহে। যেই কি নহওঁক বাহ্যিক পৰিসৰ অনুযায়ী এই শুশ্ৰূষা চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে :—

(১) পৰিয়াল বৰ্গৰ শুশ্ৰূষা।
(২) নিজৰ গাওঁ বা অঞ্চলৰ অধিবাসী সকলৰ মাজত শুশ্ৰূষা।
(৩) দেশবাসীৰ শুশ্ৰূষা।
(৪) সমগ্ৰ মানৱ জাতিৰ শুশ্ৰূষা।

 (১) মানৱ সেৱা বা মানৱ শুশ্ৰূষাৰ প্ৰথম খাপ আৰম্ভ হৈছে—নিজৰ পৰিয়ালটিৰ পৰা। নিজৰ ভাই-ভনী, পিতৃ-মাতৃ আন আন জ্যেষ্ঠ জনৰ শুশ্ৰূষাই এই খাপত একমাত্ৰ কৰ্ত্তব্য। এই ক্ষেত্ৰটো শুশ্ৰূষাক অৱস্থানুযায়ী দুটা অৱস্থাত ভাগ কৰিব পাৰি। যেনে সুস্থ অৱস্থা আৰু অসুস্থ অৱস্থা। সুস্থ অৱস্থাত কৰিব লগীয়া পৰিয়ালবৰ্গৰ প্ৰতি বিভিন্ন শুশ্ৰূষা আৰু অসুস্থ অৱস্থাত কৰিব লগীয়া শুশ্ৰূষা। সুস্থ অৱস্থাত নিজৰ কণকণ ভাই-ভনীক খুউৱা, ধুউৱা, পোষাক পৰিচ্ছদ চাফচিকুন কৰি দিয়া, মৰম আৰু চেনেহৰ মাজেদি শিক্ষা প্ৰদান আদি। পিতৃ-মাতৃ আৰু জেষ্ঠজনৰ প্ৰতি সুস্থ অৱস্থাত শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ ভাবে আলপৈচান ধৰা, তেখেত সকলৰ আহাৰ-বিহাৰ আদিৰ ব্যৱস্থা কৰা।

 অসুস্থ অৱস্থাত নিজৰ পৰিয়ালৰ কণকণ লৰাছোৱালীৰ প্ৰতি সহানুভূতিশীল হৈ ব্যাধি নিবাৰণ আদিৰ যত্ন কৰা। বেমাৰত আক্ৰান্ত হোৱা লৰাছোৱালীক ঔষধ খুউৱা, চিকিৎসক নিৰ্দেশ অনুযায়ী নিয়মিত মতে সিহঁতৰ পৰিচৰ্য্যা কৰা। সিহঁতে মনত কোনো বেজাৰ নোপোৱাকৈ ব্যাধি উপশমৰ ব্যৱস্থা কৰা ইত্যাদি। সেই ধৰণে পিতৃ মাতৃ আৰু জ্যেষ্ঠ জনক অসুস্থ অৱস্থাত নিয়মিত মতে ঔষধ খুউৱা, চিকিৎসকৰ পৰামৰ্শ মতে পালন কৰিব লগীয়া সকলো নিয়মৰ প্ৰতি সততে সচেতন হৈ ব্যাধিৰ উপশমৰ বাবে সকলো ব্যৱস্থা কৰা ইত্যাদি।

 ইয়াৰ বাহিৰেও পৰিয়ালবৰ্গৰ শুশ্ৰূষাৰ লগত আৰু এটি ‘শুশ্ৰূষাৰ’ কথা বিশেষকৈ মন কৰিব লগীয়া। সেয়েই হৈছে অতিথি “শুশ্ৰূষা”। অতিথি শুশ্ৰূষা প্ৰতি গৃহস্থীলোকৰ কাৰণেই এটি ডাঙৰ ধৰ্ম বুলি সকলোৰে বিশ্বাস। অৱশ্যে ই সম্পূৰ্ণ সত্য। অতিথি শুশ্ৰূষাৰ ক্ষেত্ৰত ধনী-