পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
শুশ্ৰূষা

 (ক) সৰু জুপুৰীটো, ভগা-ছিগা বেৰছালৰ মাজেদি সোমাই আহিছে সূৰ্য্যৰ প্ৰচণ্ড উত্তাপ বা শিল বৰষুণৰ অত্যাচাৰ। তাৰ মাজত সোমাই আছে চিৰৰুগ্ন নিষ্পেষিত এজন বৃদ্ধ, এটি শিশু,বৃদ্ধৰ কৰুণ আৰ্ত্তনাদ, শিশুৰ হিয়া ভগা কান্দোন, দুয়ো বুকুৰ বেদনা চকুৰ পানীৰে ব্যক্ত কৰিছে। তেওঁলোকৰ শান্ত্বনাৰ একমাত্ৰ আহিলা “শুশ্ৰূষা”।

 (খ) এখনি গাওঁ। বসন্তৰ অত্যাচাৰত কোঙা সকলো। কোনেও কালৈকো চাবৰ উপায় নাই। সেই বুঢ়া ব্যাধি—ক্লিষ্টাৰ অৱশ কেঁকনি আজি শুনে কোনে, কোনেও কাৰো সঁহাৰি নেপায়। হায়! মাতৃ-পিতৃহাৰা সন্তানৰ আজি কি অৱস্থা!

 (গ) আকৌ ভীষণ বজ্ৰপাত, এনে মৃত্যু বিভীষিকাৰ মাজতে হাইজাৰ অভ্যূদয়, কেউফালে মৃত্যু যন্ত্ৰণাত সকলো অধীৰ হৈ পৰিছে। নৈৰ পাৰৰ নিৰ্জ্জনতা ভেদ কৰি অহা এটা শব্দ—ধুমধাম্। কেউফালে কান্দোনৰ ৰোল। এদলে চকুলো টোকে আত্মীয়জনক মৃত্যুলৈ পঠিয়াই, আনদলে চকুলো টোকে আৰোগ্যৰ আশাৰে পোহৰ বিচাৰি।

 (ঘ) এখন মহাসমৰ। যুদ্ধত আক্ৰান্ত হোৱা সৈনিকৰ, তেজেৰে লিপ্ত হোৱা খট্‌ বিখট্ দেহাবোৰ। কেউকালে বেদনাত জৰ্জ্জৰিত কৰুণ সুৰবোৰ। উস্ আস্ শব্দবোৰ, যুদ্ধৰ বিভীষিকা এটা ডাঙৰ বিভীষিকা। কোনোৰ হাতভৰি ভাগিছে। কোনোৰ প্ৰাণবায়ু ওলাই যাওঁ যাওঁ হৈছে। কোনো আধামৰা হৈছে, কোনোৱে হয়তো বিৰাট চিঞৰ মাৰি মাটিত ঢলি পৰিছে। কোনোৱে আকৌ বীৰবেশে মৃত্যুক বৰণ কৰিছে। এনে কৰুণ আৰ্ত্তনাদে হয়তো কাৰোবাৰ কানত স্পৰ্শ কৰিলেও সকলো বৃথা হৈ গৈছে।

 এই বিলাকেই হৈছে মানৱ বেদনা। জগতত মানৱবেদনা সীমাহীন। যেনিয়েই চোৱা যায় –তেনিয়েই কেৱল বেদনাৰ কৰুণ উচ্ছ্বাস শুনিবলৈ পোৱা যায়; সেই কাৰণেই কবিৰ হৃদয়ত ই এনে ধৰণে ঝঙ্কাৰিত হৈ উঠিছে অস্ফুট সুৰত—

“নিৰানন্দ জগতৰ কৰুণ উচ্ছ্বাস
স্তৰে স্তৰে ছন্দে ছন্দে উঠিছে ঝঙ্কাৰি
সীমাহীন প্ৰান্তৰৰ উদাস সঙ্গীত।”

 একে ধৰণেই প্ৰকৃতি পূজাৰী Wordsworthএ গোটেই মানৱ জাতিৰ প্ৰতি দৃষ্টি পৰাত-“still sad music of humanity” শুনিবলৈ পায়। “বেদনাৰ অনুভূতি বিপুল আবেগ” এয়েই কবিৰ কাৰণে বেদনাক্লিষ্ট মানৱৰ বেদনাৰ উপশম ঘটোৱাত একমাত্ৰ সম্বল, কাৰণ তেওঁলোকৰ কবি প্ৰতিভা আছে আৰু তাৰেই তেওঁলোকে “মানৱদেৱতাক” সেৱা কৰিব পাৰিব। কিন্তু পৰমেশ্বৰৰ সৃষ্টিত সকলো মানুহ সমান গুণৰ অধিকাৰী হ'ব নোৱাৰে। সৰ্ব্বসাধাৰণ মানুহৰ অন্তৰত বেদনাৰ অনুভূতি আৰু বিপুল আবেগ আদি হয়, কিন্তু কবি প্ৰতিভা নেথাকিবও পাৰে। তেন্তে সৰ্ব্বসাধাৰণে চকুৰ চাৰিওফালে সদায় দেখি থকা মানৱৰ এই হিয়া ভগা বেদনাৰ উপশম ঘটোৱাত কানো কৰ্ত্তব্য নাই নেকি? যদি আছে, তেন্তে কি উপায়েৰে আগ বাঢ়িব, অৱশ্যে আজিৰ যুগত এই