পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
শুশ্ৰূষা

দুখীয়াৰ প্ৰভেদ নাই, ধনী বিত্তশালী মানুহেও অতিথি শুশ্ৰূষা কৰিব নোৱাৰে, অথচ দুখীয়া ভিক্ষাৰী এঘৰেও সম্পূৰ্ণ অতিথি শুশ্ৰূষা কৰিব পাৰে। অৰ্থসম্পদে কোনো শুশ্ৰূষাতে সহায় কৰিব নোৱাৰে। শুশ্ৰূষাৰ মূলতে শুশ্ৰূষাকাৰীৰ অন্তৰৰ ত্যাগৰ ভাব আৰু ভক্তি। কীৰ্ত্তন পুথিত ইয়াৰ জলন্ত প্ৰমাণ পোৱা যায়। উদাহৰণ স্বৰূপে দৰিদ্ৰ ব্ৰাহ্মণ জনে ভিক্ষা কৰি অনা চাউল মুঠিৰেই কৃষ্ণ আৰু নাৰদক সম্পূৰ্ণ ভাৱে শুশ্ৰূষা কৰিব পাৰিলে, কিন্তু তাৰ আগতে লাখ লাখ সম্পত্তিৰ মালিক ধনী চহকী এঘৰে তেওঁলোক দুজনক বাটৰ মুখৰ পৰাই ঘূৰাই পঠালে। এনেকৈ আমাৰ কাৰ্য্য সমূহত অতিথিশুশ্ৰূষাৰ আদৰ্শ দেখিবলৈ পোৱা যায়। অতিথি সেৱা বা শুশ্ৰূষা বিশেষকৈ মন কৰিব লগীয়া, অতিথিৰ প্ৰতি কৰা ব্যৱহাৰ বোৰত। আমাৰ এষাৰ কথা আছে, “আছে দান নাই সমিধান।” সুন্দৰ শয্যাত শুবলৈ দি সুখাদ্য খাবলৈ দি আন হাতে হেয় ভাৱ পোষণ কৰিলে,সি অতিথি শুশ্ৰূষা হ'ব নোৱাৰে। আন হাতে স্নেহ আৰু প্ৰীতি ভৰা এষাৰ মাতেই শ্ৰান্ত অতিথিৰ সকলো ক্লান্তি দূৰ কৰিব পাৰে।

 (২) ইয়াৰ পাছত আহে নিজৰ গাওঁ বা অঞ্চলৰ অধিবাসী সকলৰ মাজত কৰিবলগীয়া ‘শুশ্ৰূষাৰ’ কথা। এই শুশ্ৰূষা কেৱল ব্যক্তিগত প্ৰচেষ্টাৰেই কৰিব নোৱাৰি। এই ক্ষেত্ৰত সামাজিক আৰু ব্যক্তিগত দুয়োটা প্ৰচেষ্টাই প্ৰয়োজন। অৱশ্যে এই ক্ষেত্ৰটো ব্যক্তিগত ভাবে কৰিব লগীয়া অনেক শুশ্ৰূষা আছে; বয়সৰ মান অনুযায়ী পৰিয়ালবৰ্গৰ প্ৰতি কৰা সকলো শুশ্ৰূষা এই ক্ষেত্ৰটো কৰিব পৰা হয়। মাত্ৰ নিজৰ পৰিয়ালবৰ্গৰ দৰে ভাবিবলৈ সক্ষম হব লাগিব। এই ধৰণে ভাবিবলৈ যাওঁতে অৱশ্যে বহুত বাধা বিঘিনিৰ সমুখীন হ'ব পাৰে। সেই ক্ষেত্ৰত সেৱক বা সেৱিকাৰ অন্তৰ্দৃষ্টি থাকিলে, সেই বিলাক অতিক্ৰম কৰাত বিশেষ কোনো অসুবিধা নহয়। সামাজিক ভাবে কৰিব লগীয়া শুশ্ৰূষা অনেক। এনে কাৰ্য্যৰ প্ৰয়োজন হয়, যেতিয়া নিজৰ গাওঁ বা অঞ্চলত ব্যাপক কোনো দুৰ্য্যোগ আহি পৰে। এই দুৰ্য্যোগৰ ভিতৰত ওপৰত উল্লেখ কৰা “বেদনা” সমূহৰ দৰে এই প্ৰাকৃতিক দুৰ্য্যোগবোৰ পৰে। প্ৰাকৃতিক দুৰ্য্যোগ, মহামাৰি আদি ব্যাপক দুৰ্য্যোগৰ সময়ত দলবদ্ধ হৈ ল'ব নোৱাৰিলে দুৰ্দ্দশাগ্ৰস্ত লোকৰ-দুৰ্দ্দশা নিবাৰণো ফলৱতী হব নোৱাৰে।

 হঠাতে এনেকুৱা দুৰ্য্যোগৰ পৰা জনগণকে ৰক্ষা কৰিবলৈ হ’লে প্ৰতিষেধক সমিতি আদি পাতি কামত আগ বাঢ়িব লাগে। তেতিয়া সহজে আৰু সোনকালে কৃতকাৰ্য্যতা লাভ কৰিব পৰা হয়। অৱশ্যে এই ক্ষেত্ৰত সেৱক বা সেৱিকাৰ কিছুমান ব্যৱহাৰিক বিশেষ শিক্ষাৰ প্ৰয়োজন। বিশেষকৈ চিকিৎসা বিষয়ত সেৱক বা সেৱিকাৰ অন্ততঃ প্ৰাথমিক চিকিৎসা বিজ্ঞানৰ শিক্ষা থকাতো একান্ত আৱশ্যক। তাৰ উপৰি দুৰ্য্যোগৰ সময়ত আনক শুশ্ৰূষা কৰিবলৈ যাওঁতে নিজক কেনেকৈ বচাই ৰখাব পাৰি তাৰ সকলো বিলাক বৈজ্ঞানিক প্ৰণালী প্ৰত্যেক সেৱক সেৱিকাই জনা উচিত। নহলে আনক শুশ্ৰূষা দিবলৈ যাওঁতে নিজেই শুশ্ৰূষা ভিক্ষাৰী হব লাগিব। তেতিয়া হয়তো শুশ্ৰূষাৰ সকলো উদ্দেশ্য নষ্ট হৈ যাব। এই বিলাক হৈছে সাময়িক স্বাভাৱিক অৱস্থাত কৰিব লগীয়া শুশ্ৰূষা।