আমি যথেষ্ট ভাগ্যৱান যে তেনে এজন সঙ্গীতজ্ঞৰ সুমধুৰ সঙ্গীত শুনিবলৈ পাইছিলো। সঁচাকৈয়ে অপূৰ্ব্ব তেখেতৰ কণ্ঠৰ সুললিত সুৰ; পৱিত্ৰ তেখেতৰ সঙ্গীত সাধনা।
আজি এই ঋষি তুল্য সঙ্গীত শিল্পী গৰাকীৰ অলপ মাথোন চিনাকী ছাত্ৰ-ছাত্ৰী বন্ধুসকলৰ মাজত ডাঙি ধৰি নিজেই গৌৰব অনুভৱ কৰিছো। তেখেতৰ সঙ্গীত-সাধনাৰ বিষয়ে লিখি শেষ কৰিব পাৰিম এনে দুঃসাহস মোৰ নাই।
অৱশেষত এই সঙ্গীত-বিদগ্ধ পণ্ডিতজনৰ প্ৰতি আন্তৰিক প্ৰণাম জনায় তেখেতৰ দীৰ্ঘজীৱন কামনা কৰি সামৰণি মাৰিলো। আকৌ কেতিয়াকৈ সেই পণ্ডিতজনক দেখা পাম, কেতিয়াকৈ তেখেতৰ মধুৰ কণ্ঠেৰে গোৱা সুমধুৰ সঙ্গীত শুনিবলৈ পাওঁ তাৰ আশা জানো এৰিব পাৰিম?
“....সাহিত্যৰ ভাষা সততে প্ৰাঞ্জল আৰু সৰ্বসাধাৰণৰ বোধগম্য হলেহে তাৰ দ্বাৰা জাতীয় জীৱন গঢ়িত হব পাৰে নহলে সি জাতিটোৰ উন্নত এটা শ্ৰেণীক ফালি নি তাক নিশকতীয়া আৰু মৰামুৱা কৰে। কিয়নো ভাষাত অকল শিক্ষিতৰ আধিপত্য নৰজে ই জনসাধাৰণৰহে সম্পত্তি। সাহিত্যৰ ৰচনা কঠিন হলে সি ক্ৰমাত জনসাধাৰণৰ ভাষাৰ পৰা নিলগ হৈ যায় আৰু শেষান্তৰত সি তাকৰীয়া পণ্ডিতমণ্ডলীৰ মাজতহে আৱদ্ধ হৈ ৰয়গৈ; গতিকে তাৰ দ্বাৰা এটা জাতিৰ আটাইবিলাক লোক একগোট হৈ জাতীয় জীৱন সুগঠিত হোৱাত অন্তৰায় ঘটে। সেই বাবেই আজিকালিৰ উন্নত জাতিবিলাকে জাতীয় সাহিত্যত কোৱা-ভাষা আৰু লিখা-ভাষাৰ মাজত পাৰ্য্যমানে ওচৰ সমন্ধ ৰাখিবলৈ চায়। যি জাতিৰ সাহিত্য কোৱা ভাষাৰ পৰা যিমান নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱন সিমান ক্ষীণাবলৈ ধৰে আৰু অন্তত কেতিয়াবা তাৰ অস্তিত্বও লোপ পায়গৈ।”
—পদ্মনাথ গোহাঞি বৰুৱা
(প্ৰথম অধিবেশন, ১৯১৭)