-শুশ্ৰূষা—
শ্ৰীথুনু দেবী—প্ৰথম বাৰ্ষিক : কলা)
মানুহ মৰম ভিক্ষাৰী, য'তেই চেনেহৰ ৰিব্ শুনে, তালৈকে মানুহৰ প্ৰাণে ঢাপলী মেলিবলৈ উত্ৰাৱল হয়। জগতৰ চেনেহৰ সুৰে মানুহক ৰৈ ৰৈ মাতে ৰিঙিয়াই, এই মৰমেই জীৱনৰ যত ক্লেশ-দুখ, হিংসা, দ্বেষ আতৰাই নিয়ে, এই খিনিতেই গগৈৰ এটি কবিতা মনত পৰে
“মানুহে মানুহে যদি মৰমৰ মোল বুজে
মৰম নহয় সখি শাওনৰ মেঘ
বুজিবা মৰম সখি, তেতিয়াই পাহৰিবা
জীৱনৰ যত ক্লেশ-দুখ, হিংসা, দ্বেষ।”
মৰম বলীয়া মানুহে মৰম বিচাৰি ফুৰোতেই ‘শুশ্ৰূষাৰ’’ জন্ম বুলিব পাৰি, চেনেহৰেই পৰশত “শুশ্ৰূষাই” মুক্তি লাভ কৰা যেন অনুমান হয়। সেই বুলি মৰম আৰু শুশ্ৰূষা কেতিয়াও একে হ’ব নোৱাৰে। “শুশ্ৰূষাৰ’’ সংজ্ঞা আমি একেষাৰ কথাতেই ক'ব নোৱাৰো৷ ডাঃ জন্সনে কৈছিল যে পোহৰৰ সঠিক বৰ্ণনা দিব নোৱাৰি। আমিও কওঁ সেই দৰেই, ‘শুশ্ৰূষাৰ’ প্ৰকৃত, বৰ্ণনা দিও বুলি আমি দিব নোৱাৰো। ‘শুশ্ৰূষা’ পাৰ্থিব জগতৰ বস্তু নহয়, লোকচক্ষুৰ অন্তৰালত ইয়াৰ স্থিতি। অনুভূতিৰ সূক্ষ্মতাঁৰত ইয়াৰ জোকাৰ, চেনেহৰ কঁপনিত ইয়াৰ প্ৰভাৱ, মৰমৰ সোঁতে সোঁতে শুশ্ৰূষাই ঢৌ খেলে।
বুৰঞ্জীয়ে ঢুকি নোপোৱা, নাঙঠা মানৱ ‘আদাম-ঈভলৈ’ যদি ঘূৰি চাওঁ—দেখিম সভ্যতাৰ অন্তৰালত শুই থকা সেই নৰনাৰী হালৰ মাজতো “শুশ্ৰূষাই” প্ৰতিস্থা লাভ কৰিছিল। “নাখাবা গছৰ গুটি' খোৱাৰ আগতেই সেই বনৰীয়া মানৱ হালে ইটিয়ে সিটিক মৰমৰ চকুৰে চাইছিল। মৰমৰ সেই ৰূপটিক জীয়াই তুলিবলৈ কৰা চেষ্টাতেই হয়তো “শুশ্ৰষাই” সাৰ পাই উঠিছিল। যেনে ‘আদাম’ যাব হয়তো হাবিৰ মাজত চিকাৰ কৰিবলৈ। ঈভে তাৰবাবেই সিচৰতি হৈ থকা ধনু-কাড় যোৰ গোটাই আনি আদামৰ আগত দাঙিলেহি, হাবিৰ ফলমূল আনি খোৱাৰ আগতেই ‘স্বামীক’ খুৱাই পঠিয়াবলৈ ঈভৰ বুকুত অদম্য হেপাই, চিকাৰ কৰি উভটি ভাগৰি অহা ‘আদামৰ’ ক্লান্ত মুখ খনি দেখি গছৰ পাত চিঙি বা-দিছিল। বাগৰি অহা নিজৰাৰ পানী ধৰি আনি, তৃষিত স্বামীৰ, তৃষ্ণা দূৰ কৰিছিল। আদামেও চেনেহী ঈভক জীৱন নিৰ্ব্বাহৰ সকলো সজুলি গোটাই দিছিল—
এয়েই “শুশ্ৰষা”।
১২