কিবা এটা অদৃশ্য শক্তিয়ে কৰিছে। মই নিজে একো ক’ব পৰা নাই। কেৱল তপস্যাৰ দ্বাৰা গ্ৰহণ কৰা যন্ত্ৰৰ দৰে হৈ পৰিছো। মই ভগৱানৰ দান গ্ৰহণ কৰিছো আৰু জনসাধাৰণক বিলাই দিছো।”
সঙ্গীতক ওঙ্কাৰনাথজীয়ে, ভগৱানৰ তপস্যাৰ দৰে গ্ৰহণ কৰিছে। সেই মহান তপস্যাৰ মাজেদি, আজি অতবছৰৰ সাধনাৰে, পণ্ডিতজীয়ে ভগৱানৰ আশীষ লভিবলৈ সমৰ্থবান হৈছে। স্বয়ং সৃষ্টিকৰ্ত্তাৰ ৰূপৰ মাজেদি সঙ্গীত সাধনা কৰি সঙ্গীত বৃক্ষৰ সুস্বাদু ফল নিজেই ভোগ কৰাৰ উপৰিও জনসাধাৰণক তাৰ সোৱাদ লভিবলৈ দি পণ্ডিতজীয়ে তেখেতৰ সঙ্গীতক অমৰ কৰি তুলিছে।
এনে এজন সঙ্গীতজ্ঞক আমাৰ মাজত পাইছিলো যোৱা বছৰ হৈ যোৱা সঃ অঃ সঙ্গীত সন্মিলনত। তেখেতৰ কণ্ঠৰ মধুৰ মুৰ্চ্চনা এতিয়াও আমাৰ কানত বাজি আছে। এই খ্যাতনামা সুৰশিল্পীজনৰ নিজস্ব সুৰ-সংযোজনা কৰি গোৱা ঋষি বঙ্কিমচন্দ্ৰৰ অমৰ সংগীত “বন্দেমাতৰম’’ৰ প্ৰতিটো শব্দই বহুতদিনলৈ আমাৰ মনত থাকিব। পণ্ডিতজীৰ মধুৰ কণ্ঠস্বৰে সকলোৰে অন্তৰ পৰশিছিল। তেতিয়াহে বুজি পালোঁ,—সঙ্গীত কি বস্তু আৰু বুজি পালো পণ্ডিতজীৰ সঙ্গীত সাধনাৰ শ্ৰেষ্ঠ আদৰ্শ। এবাৰ পণ্ডিতজীৰ মুখলৈ চালো; তিনিকুৰি বছৰ চেৰাই যোৱা এই বৃদ্ধজনৰ মধুৰ কণ্ঠত চকু থৰ হৈ গ'ল; মোৰ ওচৰত যেন তেতিয়া আৰু কোনোৱেই নাছিল। মই মাত্ৰ শুনিছিলো এই ঋষিজনৰ মধুৰ কণ্ঠৰ মাজেদি ওলোৱা “বন্দেমাতৰম” মাতৃবন্দনাৰ মধুৰ ঝঙ্কাৰ। বিৰাট সভামণ্ডপত হেজাৰ হেজাৰ দৰ্শকৰ ডিচেম্বৰ মাহৰ জাৰত সেমেকি থকা প্ৰাণ। সেই মধুৰ মুৰ্চ্ছনাত আনন্দিত হৈ উঠিছিল। সেই অপূৰ্ব্ব মাতৃবন্দনাৰ প্ৰাণৱন্ত ৰূপে দৰ্শক সকলৰ প্ৰাণত অফুৰন্ত শিহৰণ তুলিছিল। আজিও সেই মধুৰ সুৰ আমাৰ কানত বাজি আছে।
"The music in my heart I bore,
Long after it was heard no more."
সঙ্গীতে পাষাণ হৃদয় কোমলাব পাৰে। সঙ্গীতে শিল গলাই পানী কৰিব পাৰিছিলনে নাই ক’ব নোৱাৰিলেও এইটো হ’লে—ক’ব পাৰো যে ওঙ্কাৰনাথজীৰ সঙ্গীতৰ লহৰীয়ে শিলতকৈও কঠোৰ হৃদয়ৰ ফেছিষ্ট নেতা মুছ’লিনিৰ চকুৰ লোতক উলিয়াইছিল। পণ্ডিতজীৰ কণ্ঠস্বৰ,তেখেতৰ ৰাগিনীৰ সন্মোহিনী শক্তি ইমান প্ৰৱল, তেখেতৰ সঙ্গীতৰ সুৰ ইমান অন্তস্পৰ্শী যে তাক তলত দিয়া উদাহৰণটোৰ পৰাই উপলদ্ধি কৰিব পাৰি।
যোৱা মহাসমৰৰ সময়ত এই ভাৰতীয় সঙ্গীত সাধক জনে ইউৰোপ ভ্ৰমণ কৰিছিল। তেখেতে ইউৰোপ ভ্ৰমণ কৰি থকা সময়ত ইটালীৰ ডিক্তেটৰ মুছলিনীয়ে, তেখেতক ভাৰতীয় সঙ্গীত শুনাবৰ কাৰণে আমন্ত্ৰণ কৰে। তেওঁৰ আমন্ত্ৰণ ক্ৰমে পণ্ডিতজী ফেছিষ্ট নেতাজনৰ কাষ পালেগৈ। পণ্ডিতজীয়ে সঙ্গীত আৰম্ভ কৰিলে। এই সঙ্গীত সাধক জনৰ সঙ্গীতৰ যাদুকৰি ধ্বনিত কঠোৰ হৃদয়ৰ ফেছিষ্ট নেতাজন তন্ময় হৈ পৰিল; মুছলিনীৰ দুগালেদি চকুৰ পানী বৈ আহিল। এয়ে হ'ল ওঙ্কাৰ নাথ, এয়ে হ'ল ওঙ্কাৰ নাথৰ সঙ্গীতৰ সন্মোহিনী শক্তি।