সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
বাল্মীকিৰ কথা

 এটা অতি দুখলগা মানৱ জীৱনৰ বিবৃত্তিয়ে চিৰকালৰ বিশ্বমানৱক উন্নত হবলৈ প্ৰেৰণা দিব পাৰিবনে?

 কিন্তু ব্ৰহ্মা, সৃষ্টি কৰ্ত্তা, “প্ৰজাপতি”য়ে কৈছে যেতিয়া লিখিবই লাগিব। তেওঁ নিশ্চয় ইয়াৰ ভিতৰতে সৃষ্টি ৰক্ষাৰ কিবা উপায় বিচাৰি পাইছে। মোৰ মাধ্যম লৈ সৃষ্টি কৰ্ত্তাই তেওঁৰ উদ্দেশ্য পূৰণ কৰিছে। মই জীৱোন্মুক্ত মানুহ। কোনো খ্যাতিৰ কাৰণে, কোনো সম্পদৰ কাৰণে লোভ কৰি এই ৰামায়ণ মই লিখা নাই। কোনো ধৰ্ম্ম প্ৰচাৰৰ উদ্দেশ্যও মোৰ নাই—যদি কিবা ধৰ্ম্ম আছে তেন্তে সি ‘মানৱ-ধৰ্ম্ম’। এই ধৰ্ম্মই অসুৰৰ দেশ লঙ্কাও জিনিছে। লঙ্কা সোণেৰে নিৰ্ম্মিত আছিল, কিন্তু এই সোণ অহঙ্কাৰ-অবিদ্যাৰ, অসত্য। গতিকে সি পোৰা যাব পাৰে। সত্যৰ কুটিৰৰ কূটা এডালে অগ্নিয়ে স্পৰ্শ কৰিব নোৱাৰে। যি অগ্নিয়ে লঙ্কা পুৰি ছাই কৰিলে সেই অগ্নি কেৱল অগ্নি নহয়। এই অগ্নি মোৰ অন্তৰৰ পৰা ব্যাধে চৰাই-মৰা মুহূৰ্ত্তত বাহিৰ হৈছিল,সিয়ে গৈ সোণৰ লঙ্কা ছাৰখাৰ কৰিলে। এই অগ্নি এতিয়াও জ্বলি আছে, ৰাৱণক চিৰকাল ধৰি পুৰি মাৰিছে – যাতে তাৰ আৰু পুনৰ্জ্জন্ম হ’বৰ সুবিধা নহয়, জগত তোলপাৰ কৰিবৰ তাৰ আৰু উপায় নহয়।

 মই বাল্মীকি, মই মহাকবি, মই শৰীৰেৰে জগতত চিৰকাল বিদ্যমান নহওঁ। যি শৰীৰ উঁয়ে খাই অন্ত কৰিব পাৰে, মহাকালৰ সমুখত সি আৰু কি? কিন্তু মোৰ অগ্নিবচন থৈ গ’লোঁ। এই অগ্নি আকাশৰ নক্ষত্ৰে নক্ষত্ৰে জ্বলিছে। প্ৰতি ৰামায়ণ-শ্ৰোতা আৰু পঢ়োঁতাৰ অন্তৰতে এই অগ্নি জ্বলিব।

 ৰামায়ণ কেৱল “কৰুণাৰ ৰস নিজৰাই” নহয়; ই চিৰজ্বলন্ত অগ্নিৰ পূঞ্জ মহাসূৰ্য্য।