সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
জগন্নাথ বৰুৱা কলেজ আলোচনী

বৰ্ণ, গন্ধ, লাগে আনন্দ। চিৰন্তন পুৰুষ আনন্দৰ প্ৰতিমূৰ্ত্তি। নিৰানন্দ বা বেজাৰ তেওঁৰ চন্দ্ৰমুখৰ আগত কলাভাৱৰ সদৃশ। নিৰ্ম্মল বহল আকাশকো বুকুত লৈ তেওঁ আছে। চন্দ্ৰত কলঙ্ক আছে,তেওঁত নাই।

 মই এই মাত্ৰ মুক্তি-স্নান কৰি আহিছোঁ। মোৰ হাতত আগৰ দস্যু-ৰত্নাকৰৰ মাৰণাস্ত্ৰ নাই;আছে কমণ্ডলু-ভৰা সুশীতল শান্তি-জল। মোৰ গা-মূৰ ক’তো বিলাসৰ সামগ্ৰী নাই; আছে জটা,আছে গৈৰিক বসন, আছে জপৰ মালা। মই কাৰো অপকাৰ চিন্তা কৰিব নোৱাৰোঁ। ব্যাধটোক চৰাই মাৰিবলৈ বাধা দি মই জানো তাক অনাহাৰত মৃত্যু-মুখত পৰিবলৈ কৈছোঁ? কিয় সি খেতি-বাতি নকৰে? কিয় সি গৰু গাই পালন নকৰে? কেৱল শাৰীৰিক খাদ্য বিচাৰিয়েই সি অৰণ্য চলাথ কৰিব? আত্মিক খাদ্য তাক অলপো নালাগেনে? মই তাক শাওঁ দিছোঁ; ব্যাধ হৈ সি কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। তাৰ মানে, তাক মৰিবলৈ শাওঁ দিয়া নাই। ব্যাধ-বৃত্তি এৰি মানৱ-বৃত্তি গ্ৰহণ কৰিলে সি নিশ্চয় প্ৰতিষ্ঠা লাভ কৰিব। ময়ো দেখোন এসময়ত নিষ্ঠুৰ ঘাতক দস্যু আছিলোঁ। মই এতিয়া বিশ্ব-মানৱৰ আদৰ্শ হ’ব পাৰো বুলি ক’ব নোৱাৰোনে? মই মোৰ জীৱনটো আগধৰি গঢ়ি লৈছোঁ, এতিয়াহে কাব্য ৰচিবলৈ ল’ম। নিজে শুদ্ধ নোহোৱাকৈ শুদ্ধ আদৰ্শৰ প্ৰচাৰ কৰিম কেনেকৈ? এইটো এটা দৰকাৰী কথা।

 চৰাইৰ কোমল বুকু আৰু চোকাকাঁড়ৰ জানো কিবা মিল হয়? এই মিলত সৃষ্টি নাথাকে, হয় ধ্বংস। এই মিলত ছন্দ নাই, আনন্দ নাই; আছে প্ৰলয়, আছে মৃত্যুৰ মহাক্লেশ। মানুহজাতিয়েও প্ৰতিষ্ঠা লাভ কৰিব তেতিয়াহে যেতিয়া তাৰ উচিত মানৱীয় কৰ্ম্মবোৰ সি কৰিবলৈ ল’ব।

 মোক ব্ৰহ্মাই শিকাই থৈ গ’ল, মই এতিয়া এই ছন্দ ব্যৱহাৰ কৰি ৰামকাহিনী ৰচনা কৰিব লাগে। ছন্দ নোহোৱাকৈ জানো নোৱাৰোঁ? ভৰি নোহোৱাকৈ খোজ কাঢ়িব জানো পাৰিম? ৰাম-কাহিনী ৰচনা কৰি মই কি বাণী জগতক শুনাব পাৰিম? ই “মানৱ-প্ৰতিষ্ঠা”ৰ বাটত কিবা সহায় হ’বনে? ৰামতো এজন সাধাৰণ মানুহ; এওঁ দেৱতা নহয়, ঈশ্বৰ নহয় নাইবা মহাবিক্ৰমী অসুৰ-দানৱো নহয়। পৃথিবীৰ সৰু ভূমি এখণ্ডৰ এওঁ ৰজা হ’ব লগীয়া আছিল। কিন্তু তাৰো ৰজা হবলৈ নাপালে। যেতিয়া ভোগৰ কাল আৰম্ভ হ’ল, তেতিয়া এওঁ ত্যাগ কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া থাকিব লাগিছিল ৰাজ-কাৰেঙত, তেতিয়া থাকিব লগা হ’ল অৰণ্য অঞ্চলত। শেহত প্ৰাণময়ী পত্নী আছিল লগত; যেতিয়া তেওঁৰ সঙ্গৰ একান্ত প্ৰয়োজন আছিল সেই সময়তে পত্নী হ’ল অন্তৰ্হিত। নিজৰ লগত নাই ৰাজসৈন্য, নাই অস্ত্ৰ-শস্ত্ৰ, যুদ্ধৰ বৰ্ম্ম, গাত বাকলি, এই সময়ত যুঁজিব লগা হ’ল বিৰাট অসুৰ-শক্তিৰ বিৰুদ্ধে! মানুহৰ ৰজা হৈ পৰিচালনা কৰিবলগা হ’ল জন্তুৰ সৈন্যবোৰ। চেনেহৰ আপোনজন কাষত কোনো নোহোৱা হ’ল; থাকিল মাত্ৰ এটা ডাঙৰ জন্তু, যাৰ ওপৰত তেওঁ সকলো কথাতে নিৰ্ভৰ কৰিবলগা হ’ল—আনকি ভায়েকৰ মৃত্যুৰ সময়তো।

 এয়ে হ’ল ৰামৰ কাহিনী।