সঙ্গীত সম্ৰাট
[ পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ ]
শ্ৰীউমেশ ঠাকুৰ (তৃতীয় বাৰ্ষিক : কলা)
ৰাজঋষি শ্ৰীশ্ৰীভত্তৃহৰিয়ে কৈ গৈছে, “সাহিত্য, সঙ্গীত আৰু কলাবিহীন লোক সাক্ষাৎ পশুতুল্য।”
চৌষষ্ঠি কলাৰ ভিতৰতে সঙ্গীত এটি শ্ৰেষ্ঠ কলা। সঙ্গীতে এখন সমাজক তথা এটা জাতিক উন্নতিৰ জখলাত খোপে খোপে উঠাই নিবলৈ সক্ষম হয়। সঙ্গীতে প্ৰাণৰ অনুভূতি প্ৰকাশ কৰি সকলোকে বিমল আনন্দ দিয়ে। পৃথিবীত আজিলৈকে এনে মানুহ ওলোৱা নাই যি সঙ্গীত শুনি বেয়া পায়। মানুহ কিয়, বনৰীয়া হিংস্ৰ জন্তুৱেও সঙ্গীতৰ আগত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। বিষাক্ত সাপেও যোগীৰ পেঁপাৰ মাতৰ তালে তালে তাৰ বিষ থকা জিভা উলিয়াই নাচিবলৈ ধৰে। ভগৱান কৃষ্ণৰ মুৰুলীৰ মধুৰ তানত গোকুলৰ গৰুবোৰ ল’ৰি আহিছিল; গোপী সকলে আহাৰ পানী এৰি তেওঁৰ কাষ পাইছিলহি। হৰিদাসে তেওঁৰ সঙ্গীতকলাৰ সাধনাৰ মাজেৰে ভগৱানৰ মন জয় কৰিব পাৰিছিল। মিঞা তানসেনে ‘দীপক' ৰাগেৰে নুমাই যোৱা চাকিকো জ্বলাই তুলিছিল; ‘মন্থাৰ ৰাগ গাই বৰষুণ নমাইছিল। এজন মনিষীয়ে কৈ গৈছে—"Music when healthy is the teacher of perfect order; and also when depraved the teacher of perfect disorder."
আন এজনৰ মতে “যি জন মানুহে সঙ্গীত শুনিবলৈ ভাল নেপায় আৰু যি জনে ফুল ভাল নেপাই সেই জন মানুহেই পৃথিবীৰ আটাইতকৈ নিষ্ঠুৰ হৃদয়ৰ মানুহ।”
আজি মই ইয়াত সঙ্গীতৰ বিষয়ে আলোচনা কৰিবলৈ হাতত কলম লোৱা নাই। সঙ্গীতৰ নিচিনা এটা বিষয় আলোচনা কৰি এটা প্ৰৱন্ধ লিখিবলৈ মোৰ সিমানখিনি জ্ঞান বৰ্ত্তমান নাই। মোৰ মাথোন সঙ্গীতৰ প্ৰতি আছে—এটা জীৱন্ত প্ৰেম। সঙ্গীতক মই ভগৱান ৰূপে ধ্যান কৰোঁ;সেই কাৰণেই আজি এজন ভাৰতৰ শ্ৰেষ্ঠ সঙ্গীতজ্ঞৰ চমু চিনাকী মোৰেই নিচিনা সঙ্গীতপ্ৰিয় ছাত্ৰ-ছাত্ৰী বন্ধু সকললৈ আগবঢ়ালো।
মই আজি যি জন মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিব খুজিছো সেইজন কোনো ডাঙৰ ৰাজনীতিজ্ঞ নহয়; অথবা এটম বোমা, হাইড্ৰোজেন বোমা বা স্পুটনিক্ উৰাব পৰা বৈজ্ঞানিকো নহয়। কিন্তু ওপৰত উল্লেখ কৰা কোনো এজনতকৈও তেখেত হীন নহয়। তেখেত হ’ল ভাৰতৰ এজন শ্ৰেষ্ঠ সঙ্গীত তপস্বী পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰ।