পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
অসমৰ সাংস্কৃতিক বিপৰ্য্যয়


লগে মহাসমৰ দুখনে অকল অসমৰেই নহয় গোটেই বিশ্বসংস্কৃতিৰে ককাল বেঁকা কৰি দিলে। হাদিৰাচকিৰ ৰণৰ অসমৰ স্বাধীন সূৰ্য্য়ৰ শেষ অস্তগামী ক্ষীণ পোহৰ চেৰেঙাৰ লগতেই অসমীয়া সংস্কৃতিও নিষ্প্ৰভ হৈ গ'ল। ইয়াৰ পিছৰ ডেৰশ বছৰীয়া পৰাধীন জীৱনে অসমবাসীৰ অকল মানসিক মৃত্যুকে ঘটোৱা নাছিল; গীত, নৃত্য, ভাষা-সাহিত্য, ভাস্কৰ্য্য আদি সকলে ফালৰ পৰাই অসমীয়া সংস্কৃতি মৃত্যুৰ কৰাল গৰাহত পৰিল। নিজৰ নিজত্ব হেৰুৱাই পৰাধীন অসমীয়া জাতি মোহ গ'ল পাশ্চাত্য সভ্য়তাৰ ৰঙচঙীয়া প্ৰলেপত। ভূতৰ ওপৰত দানহ পৰাৰ দৰে একে সময়তে ওচৰ চুবুৰীয়া বঙ্গ ভাষাই অসমীয়া ভাষাক গলাধঃকৰণ কৰিবলৈ মুখ মেলি আহিল।

 অসমীয়া সংস্কৃতিৰ এই কালক্ষণত পাঞ্চজন্যত ফুকাৰ দিলে—কেইজনমান অসমৰ কালজয়ী লোকে। এওঁলোকেই অসমীয়া সংস্কৃতিৰ ওপৰত সঞ্জীৱনীৰ পৰশ বুলালে। এওঁলোকৰ অক্লান্ত চেষ্টাৰ ফলত ই ধ্বংসৰ বুকুৰ পৰা ঘূৰি আহিল যদিও উন্নতিৰ পথত বেছিদূৰ আগবাঢ়িব নোৱাৰিলে।

 সংস্কৃতিৰ ওপৰত সমাজৰ প্ৰভাৱৰ বিষয়ে আগতেই উনুকিয়াই অহা হৈছে। অসমীয়া সংস্কৃতি আমাৰ সমাজৰ পৰাই জন্ম। সমাজ স্থিতিশীল নহয়; গতিশীল। সংস্কৃতিও গতিশীল। যুগে যুগে সামাজিক অৱস্থাই নানা ৰূপ সলাই আহিছে আৰু অসমীয়া সমাজৰ লগতে সংস্কৃতিও পৰিবৰ্ত্তন হৈ আজি কুৰিশতিকাত জটিল ৰূপ ধাৰণ কৰিছে। বিদেশী শাসনে আমাৰ সংস্কৃতিৰ জকাঁটোহে ৰাখিলগৈ। স্বাধীনতা পোৱাৰ পিচতো—পৰাধীনতা আৰু পাশ্চাত্য সভ্যতাই অসমীয়া সমাজত যি ৰঘুমলাৰ বীজ সিঁচি গল—সি পোখা মেলি অসম ছাটি ধৰিছে, ইয়াৰ ফলস্বৰূপে অসমৰ সংস্কৃতিয়ে আজি নিজকে বৰ বিপন্ন বোধ কৰিছে।

 ভাষা, সাহিত্য, গীত, নৃত্য, বাদ্য আদি সকলো ফালৰ পৰা অসমীয়া সংস্কৃতি বিপদৰ সন্মুখীন হৈছে। আজি অসমীয়া ভাষা আৰু সাহিত্য লৈও টনা আজোৰা চলিছে। অসমীয়া সাহিত্যিকে যথেষ্ট ভাৱে সাহিত্য দেউলত উপাচাৰ আগবঢ়াব পৰা নাই। বিশ্ব-সাহিত্যৰ লগত ফেৰ মাৰিবলৈ যোৱা দূৰৰ কথা আনকি ভাৰতীয় সাহিত্যৰ তুলনাতেই আমাৰ সাহিত্য বহুতে পিছ পৰা। বিভিন্ন বজৰুৱা শব্দৰ আমদানিৰ ফলত অসমীয়া ভাষাৰ অৱস্থাও তদনুৰূপ।

 অসমৰ সাংস্কৃতিক বিপৰ্য্যয়ৰ আন এটা কাৰণ হৈছে আমাৰ সংস্কৃতিৰ মাজত আজি সংহতিৰ অভাৱ। ভাৰত চৰকাৰৰ শাসন-নীতি এই ক্ষেত্ৰত বহুত ভাৱে জগৰীয়া বুলি কব লাগিব। প্ৰাচীন দিনৰ পৰাই পৰ্ব্বত-ভৈয়াম, হিন্দু-মুছলমান আদি সকলোৰে সংঘটিত অৱস্থাৰ ফলতেই অসমীয়া সংস্কৃতি গঢ় খাই উঠিছে। আনকি পাহাৰী ভাই সকলৰ অৱদান বাদ দিলে ই আধৰুৱা হৈয়ে ৰ'ব। ভৈয়ামবাসী আৰু পাহাৰী ভাই সকলৰ মাজত যি মিলা প্ৰীতিৰ সুযোগ হেৰাইছে সি অসমীয়া সংস্কৃতি তথা সদৌ অসমীয়া জাতিটোৰে উন্নতিৰ পথত বিৰাট অন্তৰায় তাক দূৰদৰ্শী লোক মাত্ৰেই অনুভৱ কৰিব পাৰিছে। অসমৰ অৰ্থনৈতিক অৱস্থাও আমাৰ সাংস্কৃতিক বিপৰ্য্য়য়ৰ কাৰণ বুলিব পাৰি। সংস্কৃতি টকাৰে কিনিব পৰা বস্তু নহয়। ইয়ালৈ লাগে গভীৰ সাধনা। আনহাতে সংস্কৃতিৰ সাধনা