কৰিবলৈ টকাৰ প্ৰয়োজন। তীব্ৰ অৰ্থনৈতিক অভাৱে অসমীয়া সামাজিক জীৱনৰ ভিতৰ চ'ৰা
পঙ্গু কৰি পেলাইছে। জীৱন-ধাৰণৰ সম্বল বিচাৰি আমাৰ ডেকা-গাভৰুৱে আজি হাবাথুৰি
খাইছে—সংস্কৃতিৰ চৰ্চ্চা কৰিবলৈ তেওঁলোকৰ সময় ক’ত! দাৰিদ্ৰ্য়তাই আজিৰ অসমীয়াৰ এটা
শ্ৰেণীক সৰ্ব্বশ্ৰান্ত কৰিছে আৰু আনহাতে মুষ্টিমেয় ধনী শ্ৰেণী এটাই আনশ্ৰেণীৰ ওপৰত শোষণ
চলাইছে। অসমীয়া শিল্পীয়ে দাৰিদ্ৰ্য়ৰ তাড়নাত নিজকে বলি দিছে।
অসমীয়া ডেকা-গাভৰুৰ মানসিক অৱনতিও (mental upset ) আমাৰ সংস্কৃতিৰ ডাঙৰ দুভাৰ্গ্য। মানসিক অৱনতিয়ে তেওঁলোকৰ উৎসাহ, উদ্যোগ আদিত মায়াজাল বিস্তাৰ কৰিছে। সেয়েহে আজিৰ উঠি অহা ডেকা-গাভৰুৰ দলে তেওঁলোকৰ সংস্কৃতিলৈ একো অৱদান যোগাব পৰা নাই। অৱশ্যে আমাৰ ডেকা-গাভৰুৰ এই মানসিক অৱনতিৰ কাৰণে সমাজখনো বহু- পৰিমাণে জগৰীয়া। আগতেই উনুকিয়াই অহা হৈছে - অসমীয়া সংস্কৃতি সম্পূৰ্ণ সমাজমুখী। চাৰিউফালৰ আধুনিক প্ৰভাৱক সামৰি লবলৈ গৈ অসমীয়া সমাজ দুৰ্ব্ব ল হৈ পৰিছে। সামাজিক অনুষ্ঠানবোৰত কেৰোণে ধৰিছে। এই অসুস্থ বাতাবৰণৰ ফলত আমাৰ উঠি অহা ডেকা-গাভৰুৰ মানসিক অৱস্থাই যে সুস্থভাবে গঢ় লব নোৱাৰে স্বাভাৱিক কথা। বৰঞ্চ পশ্চিমীয়া সভ্যতাৰ আদৰ্শ অনুপ্ৰাণিত শিক্ষা-দীক্ষাই আমাক আজি নিজা সংস্কৃতিৰ বৰঘৰতেই অচিনাকী কৰিহে তুলিছে।
অসমীয়া সংস্কৃতিক এই চৰম বিপৰ্য্য়য়ৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আজি আমাৰ সমাজ আৰু চৰকাৰ দুয়ো বিশেষ সাবধান হ'ব লাগিব। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ আগতে ভিতৰুৱা কেৰোণবোৰ দূৰ কৰা একান্তই প্ৰয়োজন। দেশ পৰাধীন হৈ থাকোতে ইয়াৰ প্ৰতি আমাৰ চকুগজাঁ নাছিল। সেই সময়ৰ উপাৰ্জিত দাসত্বই আমাক অন্ধ কৰি ৰাখিছিল। কিন্তু দেশ স্বাধীন হোৱাৰ পিচতো যদি সংস্কৃতি ফাঁচীকাঠত উঠিব লগীয়া অৱস্থাৰ সৃষ্টি হয় তেতিয়া আমি কাক দোষী কৰিম? আনহাতে সংস্কৃতিৰ ধ্বংস মানে আমাৰ জাতীয় জীৱন জাতীয় সভ্যতা ধ্বংস।
সংস্কৃতিক সতেজ কৰি ৰাখিবলৈ হলে আজি আমাৰ দৃষ্টি-ভঙ্গী সলনি কৰা প্ৰয়োজন। কি ৰাজনৈতিক, কি অৰ্থনৈতিক সকলো ক্ষেত্ৰত সাংস্কৃতিক সম্বন্ধ ৰাখি নচলিলে আমি প্ৰকৃত স্বাধীনতা লাভ কৰিব নোৱাৰিম। ডেৰশ বছৰীয়া পৰাধীনতাই আমাক আত্মবিস্মৃত কৰাৰ লগে লগে আমাৰ মনোবৃত্তি সমূহো ঠেক পৰিসৰৰ ভিতৰত আৱদ্ধ হ’ল। আমাৰ এই দুৰ্ব্বলতাবোৰ আঁতৰাবৰ কাৰণে সকলো অসমীয়াই আজি সাজু হোৱা উচিত। আমাৰ সাহিত্য সভা তথা আন আন অনুষ্ঠান- বোৰেও ইয়াৰ নেতৃত্ব কৰা দৰকাৰ। আনহাতে বিশ্বজনীন ভাব গ্ৰহণৰ সময়তো বিবেচনা বাছনিৰ প্ৰতি বিশেষ সতৰ্ক হোৱা উচিত। এইটো ঠিক যে আমাৰ সংস্কৃতিক এই বিপৰ্যয় অৱস্থাৰ পৰা উদ্ধাৰ কৰি উন্নতিৰ চৰম সীমালৈ নিবলৈ হলে আন আন দেশৰ তথা বিশ্ব-ফুলনিৰ সৌন্দৰ্য্য আহৰণ কৰা প্ৰধান কথা। কিন্তু বিশ্ব-জনীন ভাব গ্ৰহণৰ সময়ত কোনখিনিলৈকে বিশ্বজনীন