আৰু বেলেগ বেলেগ ললিতকলা তথা সুকুমাৰ কলাৰ উন্নতিৰ পথত শঙ্কৰ-মাধৱৰ অৱদানে অসমীয়া
সংস্কৃতিৰ ওপৰত সৰ্ব্বভাৰতীয় ৰহণ সানি তাক উজ্জ্বলৰ পৰা উজ্জলতৰ কৰি তুলিলে।
আনহাতে সেইসময়ত সত্ৰবিলাকত যথেষ্ট ভাৱে সুকুমাৰ কলা আৰু কাৰিকৰী বিদ্যাৰ চৰ্চ্চা হৈছিল। এই বিলাকেও আমাৰ সংস্কৃতিৰ মন্দিৰত নৈবেদ্য যোগোৱাত যথেষ্ট সহায় কৰিছিল।
ইয়াৰ বাহিৰেও সৰ্থেবাৰীৰ অসমীয়া কাহী-বাটি, অসমীয়া শিল্পীৰ দুগদুগী, গামখাৰু, কেৰু, চিপাত, জোনবিৰি আদি বিভিন্ন অলঙ্কাৰৰ মাজেদি ফুটি উঠা শিল্প প্ৰতিভা, পাহাৰী ভাই সকলৰ বাঁহ বেত আদিৰ নানান বস্তু, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদ’ল, কামাখ্যা মন্দিৰ আদিৰ গাথঁনি আৰু আন আন বহুতো ভাস্কৰ্য্য়ই অসমীয়া সংস্কৃতিৰ বিৰাট ৰূপটোলৈকে আঙ্গুলিয়াই।
আজিৰ অসমীয়া সংস্কৃতিৰ চিনাকী দিবলৈ গৈহে উপৰোক্ত কথা খিনি প্ৰাচীন সংস্কৃতিৰ প্ৰতিবিম্বৰূপে দেখুৱা হল মাত্ৰ। আনহাতে বৰ্ত্তমান অসমীয়া সংস্কৃতিৰ বিষয়ে কবলৈ যাওঁতে বা ইয়াক বিশ্বজনীন পটভূমিত পেলাই বিচাৰ কৰিবলৈ যোৱাৰ আগতে আজিৰ ভাৰতীয় সংস্কৃতি তথা বিশ্ব- সংস্কৃতিয়ে কোন বাটেৰে আগবাঢ়িছে আৰু কি অৱস্থাৰ সন্মুখীন হবলগীয়া হৈছে তাৰ বিষয়ে সামান্য আলোচনা কৰাও নিতান্তই প্ৰয়োজন।
ভাৰতীয় সংস্কৃতিৰ ইতিহাস অতি প্ৰাচীন। পুৰণি পৃথিবীৰ আন আন দেশে অজ্ঞানতাৰ আঁৰকাপোৰ গুচাই পোহৰৰ মুখ দেখিবলৈ নৌ-পাওঁতেই ভাৰতীয় ঋষি মুনি সকলে সংস্কৃতিৰ চৰ্চ্চা কৰিছিল। সময়ৰ দুৰন্তগতিত ই নানা ঘাত প্ৰতিঘাতৰ মাজেদি আগবাঢ়ি আহিব লগীয়া হৈছে; আৰু বৰ্ত্তমান অৱস্থাত চাৰি ফালৰ জগতখনত যি এটা যান্ত্ৰিক সভ্যতাৰ প্ৰতিযোগীতা চলিছে। তাৰ ফলত অকল ভাৰতীয় সংস্কৃতিয়েই নহয় সদৌ বিশ্ব সংস্কৃতিয়েই বিপদৰ বুকুলৈ বাট বুলিছে।
প্ৰাচ্য সংস্কৃতি আজি দো-মোজীয়া অৱস্থাত। সঁচা কথা—প্ৰাচ্যৰ দেশবোৰে সাংস্কৃতিক অভিযান চলাইছে, কিন্তু প্ৰশ্ন হৈছে—তেওঁলোকে কেনে দৃষ্টিভঙ্গীৰে সংস্কৃতিক নিৰীক্ষণ কৰিছে? সংস্কৃতিৰ চিৰন্তন মৰ্য্য়দাক ৰক্ষা কৰিব পাৰিছে জানো? ভালদৰে মন কৰিলে দেখা যাব যে প্ৰাচ্যৰ প্ৰত্যেক জাতিয়েই আজি বাস্তৱ সভ্যতাক বেছিকৈ সাৱটি ধৰিছে। বাহিৰত সংস্কৃতিৰ জয়ঢোল কোৱালেও তেওঁলোকে অভিযান চলাইছে শক্তিৰ-সংস্কৃতিৰ নহয়। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ শক্তি বঢ়াবলৈ গৈ প্ৰাচ্যৰ প্ৰত্যেক জাতিয়েই ইখনৰ পিচত সিখনকৈ মাৰাত্মক অস্ত্ৰ আৱিস্কাৰৰ অভিযান চলাইছে। ফলস্বৰূপে পৃথিবীৰ বুকুত শীতল যুদ্ধৰ বতাহ বলিছে। প্ৰাচ্যৰ দেশবোৰৰ যদি অলপো সাংস্কৃতিক বোধ থাকিলহেতেন বা সাংস্কৃতিক মৰ্য্য়দা অক্ষুন্ন ৰাখিবলৈ চেষ্টা কৰিলোহেতেন তেনেহলে বিখ্যাত মনীষী সকলৰ কাৰাবৰণ, ইংলণ্ড-আমেৰিকা-ৰাছিয়া আদি দেশৰ মাজত সামৰিক অভিযান নচলিলেহেতেন।
এই বিষাক্ত বায়ুমণ্ডলে বৰ্ত্তমান অসমীয়া সংস্কৃতিৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ই বিপৰ্য্যয়ৰ বুকুলৈ আগবাঢ়ি গৈছে। আচলতে ইউৰোপৰ যান্ত্ৰিক বিপ্লৱেই (industrial revolution ) সাংস্কৃতিৰ বুকুত সংঘাত সৃষ্টি কৰিলে। যান্ত্ৰিক সভ্যতাৰ দ্ৰুত উন্নতিয়ে লগে