এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
“সাহিত্যতো ব্ৰহ্মচৰ্য্য ৰূপ সাধনা লাগে। তেহে, জাতি এটিক সাহে পিতে গদাধৰ কৰিব পাৰি। যি জাতি মৰণ-পথৰ পথিক, সেই জাতিৰ ভাৱ-সম্পদ জড় বা জগা-কাঠ, আশা-আকাঙ্খ্যা নিস্পন্দ, কাৰ্য্য পদ্ধতি পাছ বল দিয়া তাক উৎসাহ-উদ্দীপনাও ফুলজাৰী সদৃশ—ক্ষন্তেক জ্বলিয়েই নুমাই থাকে। অচিৰেই তেনে জাতিৰ পতন অৱশ্যম্ভাৱী। সাহিত্যত ব্ৰহ্মচৰ্য্য ধৰ্ম্ম ধৰিব পাৰিলেহে বহি- জগতৰ সকলো আক্ৰমণ প্ৰতিবাদ কৰিবলৈ মূৰ দাঙি উঠিব পাৰি আৰু কুমাৰণী বাঁহৰ দৰে সকলো বিজতৰীয়া বীজাণুক ধ্বংস কৰি আপোন জাতলৈ তুলি ল'ব পাৰি।... গতিকেই, ব্ৰহ্মচৰ্য্য ধৰ্ম্মটিক সাহিত্যৰ ভিতৰ-কাৰেঙত দীপলিপ কুঁৱৰীকৈ আবুৰত ৰাখিব লাগিব।”
বেণুধৰ শৰ্ম্মা,
( ২৫শ অধিবেশন, ১৯৫৬ চন )