পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চমু আলোচনা

আত্মনিৰ্ভৰশীলতা

শ্ৰীনীলমণি ফুকন

 পানীপিয়া চৰায়ে যে আকাশৰ ডাৱৰলৈ মুখ মেলি পানী পিবলৈ আশা কৰি থাকে, সেইবাবে পানী পিউ পিউ কৰি চটফটনিত কাল কটায়। অথচ তলত জান-জুৰি, খাল-ডোঙত পানী ভৰি থাকে,দূৰ দূৰণিৰ গৰু ম'হ আহি তাত নামি পেট ভৰাই পানী পিয়ে; নিজে বিচাৰ-খোচাৰ কৰি পানীটোপা পিবলৈ আত্ম-নিৰ্ভৰশীল নোহোৱা বাবেই পানী-পিয়া চৰাই সদায় তৃষ্ণাতুৰ। এই কাৰণেই পৰত আশ বনবাস বুলি কোৱা হয়।

 নিজৰ ওপৰত সকলো কথাতে নিৰ্ভৰ কৰি চলা অভ্যাসেই আত্মনিৰ্ভৰশীলতা। এই দৰে আত্মশক্তিৰ ওপৰত নিৰ্ভৰ কৰা অভ্যাস কৰোতে কৰোতে সেয়ে স্বভাৱত পৰিণত হয়। স্বভাৱতে কৰিব পৰা কামেই সদায় সুসম্পাদিত। নিজৰ ভৰি দুটাৰ ওপৰত সদায় নিৰ্ভৰ কৰি চলা পৰ্ব্বতীয়া লোকে ঠিয় পৰ্ব্বততো পথালি খোজ দি তামোল গছত কেৰ্কেটুৱা বগোৱা দৰে ওপৰলৈ অবাধে উঠি গৈ থাকে। কিন্তু নিজৰ ভৰি চলাই পৰ্ব্বতত উঠিবলৈ সাহ নোহোৱা মানুহৰ লোকৰ পিঠিৰ হোৰাত উঠি যাওঁতেও, হাত ভৰি কঁপে, কাৰণ, নিজৰ ভৰিৰ ওপৰত নিৰ্ভৰ কৰি দিবলগীয়া খোজ কেইটাই লোকৰ পিঠিত খোপনি নাপায়।

 পৰে কৰা কাম নিজহাতে কৰা কামৰ জোৰ লব নোৱাৰে। এই কাৰণেই আপোন হাত জগন্নাথ, জগন্নাথৰ প্ৰসাদত যিটো তৃপ্তি, আপোন হাতে ৰন্ধা-বঢ়া আহাৰতো সেই তৃপ্তি পোৱা যায় বাৰে বাৰে-বঙ্গলুৱা ভোজন-গৃহৰ দহখন ব্যঞ্জনেও সেই তৃপ্তি দিব নোৱাৰে। নিজে ৰন্ধা ভাত আঞ্জাৰ যুটি সুকীয়া; এই বাবেই মহাত্মাই নিজ হাতে কটা সুতাৰ খদ্দৰৰ কৌপিণহে পিন্ধিছিল।

 আত্মনিৰ্ভৰশীলতাই মানুহক সকলো কথাতে নিয়মীয়া কৰি তোলে। নিজে ঘটা ধন ভাঙিবৰ হলে মানুহে যিদৰে হাত ধৰি চলে, পৈতৃক সম্পত্তিৰ ব্যৱহাৰত সেইদৰে টান ধৰি নচলে; টকাক খোলাকটি যেন দেখে। এজন লক্ষপতি ধনীয়েও যদি দৈনন্দিন জীৱনৰ নিজে কৰিব পৰা কামখিনি আনৰ হতুৱাই নকৰাই আপুনি কৰিবলৈ অভ্যাস কৰে, তাৰপৰা তেওঁৰ এসোপা লগুৱা লিকচৌ ৰখা খৰচৰেই যে ৰাহি হয় এনে নহয়, তাতোকৈ অধিক মূল্যৱান কথা হৈছে যে, তেনেদৰে চলিলে, তেওঁৰ জীৱন আড়ম্বৰশূন্য হবলৈ ধৰে, আড়ম্বৰ বিহীন জীৱন অময়া সুখৰ ঠাই, সন্তোষৰ ভড়াল, দেহাই জিৰণি লোৱা বৰঘৰ, পৱিত্ৰ আচৰণৰ নামঘৰৰ মণিকূট।

 নিজৰ লাখুটি ডালৰ এটা মূৰ আন এজনে ধৰি লৈ ফুৰাওতে এজন অন্ধৰ, সময়ে সময়ে একোটা উজুটি খোৱাৰ আশঙ্কা থাকে, কিন্তু নিজে গম ধৰিব পৰা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি নিজে সেই লাখুটি বাই গৈ থাকোতে বাটত উজুটি নাখায়। অন্ধয়ো এইদৰে আত্মনিৰ্ভৰশীল হৈ যাওঁতে