পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফেন্তম শ্ৰলীলাকুমাৰী বৰুৱা ( প্ৰথা বাৰ্ষিক : কলা ) সেই দিন ৰাতি বিজুলীৰ চকাম কা পোহবত মই তোমাৰ কাষলৈ গৈছিলো, জোনাকী নিশাৰ ফুলকুমলিয়া পোহৰ বোৰ কেতিয়াবাই দিগন্তৰ পাৰ ভাঙি আতৰি গৈছিল তেতিয়া আউসীৰ ধুমুহা এৰাতি। কোঠাৰ মৃদু পোহৰ খিনি আন্ধাৰৰ কড়াল গৰ্ভ'ত হেৰাই গ'ল, আৰু মোৰ বুকুত উঠিল ভাবনাৰ হাজাৰ বিজাৰ উৰ্মিমালা। তোমাক জগাই দিবৰ মন গৈছিল কিন্তু মোৰ ফাকু গুৰিৰ দৰে চকুহাল দেখিলে তুমি কিজানি ভয় খোৱা? (আগন অৰ্ণবৰ নীলা তাত নাই ) মৰমেৰে মিনাক। আলফুলিয়া বিছনা খনত। শুই, শুই তুমি বাৰু তেতিয়া কি ভাবিছিলা? হতে। এৰি অহা কোনোৱা দিনৰ সুমধুৰ ইতিহাস! মোৰ মনৰ পততি তেতিয়া মিছিল ভক্সাৰ পাৰৰ আদিমানবব অভিজ্ঞতা তাৰ পিছত—? জপাই থোৱা খিৰিকি খনৰ মিহি দীঘলিয়া ফঁাকটোয়েদি মাৰ যাৰ থোজ বেলিৰ নিছিন। তোমাৰ মুখ খন মই দেখিলে। কিন্তু বেছি সময়ৰ বাবে নহয়। তাৰ পিছত মই আতঁৰি আহিলো। মাজৰাত্ৰি তোমাৰ কাষলৈ যোৱাৰ কথা তুমি বিশ্বাস কৰা নাই নেকি? তাৰ সাক্ষী কোন জানা? সেই দিনাৰ মহ1 নিশাটো, আৰু মোৰ খিৰিকিৰ কাষত থকা শেৱালীৰ বস্তচ্যুহা নিমজ পাহি বোৰ।