কিন্তু নবৌক তই ভুল বুজিলি। তোৰ কামনাৰ সৰগখন মৰত কৰিবলৈ মই এদিনো বিচৰা নাছিলো। পৃথিবীত শান্তি আছে। শান্তিবোৰ বাৰু ক'ত আছে? কলিয়াৰ বেদনা বাঢ়ি আহিল। মনবৰে ভাবিলে মাৰমৰা ঠাইডোখৰ এতিয়ামানে ওখহি যাব পায়। পদুমীয়ে কথাটো বুজি পালে। পেহীয়ে প্ৰলয় অহা আগ মূহুৰ্ত্ততে জ্ঞান হেৰুৱা মানুহৰ দৰে বহি থাকিল। কলিয়া দুৱাৰ মুখৰ ফালে আগবঢ়াত পদুমী আচৰিত হ'ল। ইমান বোৰ কথা কোৱা মূল্যটো মনবৰে ক’ত দিলে? পেহীয়ে কথাটো গম পাব বুলি এবাৰ আশা কৰি জ্বলি থকা জুইৰ ফালে চাই থাকিল। মনবৰে ইয়াৰ পিছত কি কৰিব লাগিব বুজি নাপালে। কলিয়া দুৱাৰ পাৰ হওঁ হওঁতেই মনবৰৰ মাত শুনি বাগৰি অহা চকুপানীবোৰ মোহাৰি ল’লে। “ঘূৰি, আহ কলিয়া” মনবৰৰ মাতটো কোমল অথচ বেথাভৰা। কলিয়াই যেন সন্যাস ব্ৰত ধৰি বহু দিনৰ বাবে এইয়া মনৰৰৰ ওচৰত বিদায় খুজি ওলাই গৈছে।—আহ কলিয়া, চব পাহৰি পেলা। পদুমীৰ মাতষাৰে কাকো আচৰিত নকৰিলে। মনবৰে ভাবিলে পদুমী সঁচায়ে মৰমী। মনবৰে এবাৰ বাহিৰলৈ চালে কলিয়া আহিছেনে নাই? কলিয়াই ঘূৰিব খোজোতেই পৰি গ'ল। মনবৰ ওলাই গ'ল। পেহীয়ে এনেয়ে এবাৰ বাহিৰলৈ চালে আন্ধাৰত একো দেখা নাপালে। মনবৰক কলিয়াই দাঙি ক’লে—বৰ বেছি দুখ পালি নেকি?” কলিয়াই একো নামাতিলে।
পেহীয়ে তেতিয়াও আচল কথাটোনো কি একো বুজি নাপালে। তাৰ জনাৰো আশা নেদেখি আঁতৰি গ’ল। সুধিবলৈ ঠিক সাহ নহয় ইচ্ছা নকৰিলে। সেই সময়ছোৱাত বৰ বেজাৰ লাগিল পেহীৰ। অসুখৰ সময়ছোৱাত সাক্ষী হোৱাৰ বাবে ঈশ্বৰক দোষ দিলে। মনবৰেও কান্দিলে। পদুমীয়ে কিন্তু খুব হাঁহি ল’লে। শেষত দুয়োটোৰে বুজাবুজি হোৱাত। এফালে নতুন শিশুৰ কান্দোন। আৰু আন ফালে পুৰণা বহু পুৰণা দুটা শিশুৰ [ এৰা সিহঁত দুয়োটাকে পদুমীৰ শিশু শিশু যেন লাগিছিল। ] চিৰ জীৱনৰ বুজাবুজি। তেতিয়া মনবৰে কলিয়াক সাবটি ধৰি আছিল। এই নতুন কলিয়াটোক যেন মনবৰে বুকু ফালি সুমাই থ’ব বহুদিনৰ বাবে।