কলিয়াৰ সলনি মনবৰ সোমাই অহাত পেহী আচৰিত নহ’ল। বৰং ৰঙ পালে। কেনে সুন্দৰ খবৰ এটা তাই দিব। “মনবৰ তই পেহীয়েৰক মাছ খুৱাব লাগিব।” পদুমীয়ে হাঁহিলে। মনবৰ আচৰিত হল পদুমীৰ বুকুৰ মাজত পিয়াহ খাই নিছিন্ত মনে টোপনি যোৱা লৰাটোৰ বাপেক তেন্তে সি। কেনে ভাগ্যবান? মনবৰৰ মাত নাপাই পেহীয়ে লাজ পালে। কিনো কৰিব কিনো নকৰিব বুলি এবাৰ কলিয়াক চিঞৰিলে। মনবৰৰ চকুয়েদি চকুলো বাগৰি আহিল। কলিয়াৰ গাত তেন্তে দোষ নাই! এবাৰ মনবৰে চিঞৰি দিব নেকি? নাই সিয়ে খেৰ আনি দিব। মনবৰ খেৰ আনিবলৈ দুৱাৰ মুখ পালেহি। কলিয়াই হেপাই হেপাই আহিব ধৰিছে। এহাতে এমুঠি খেৰ—আৰু আনহাতে কঁকালত ধৰি লেঙুৰীয়াই লেঙুৰীয়াই আহিব ধৰিছে। পেহীয়ে তাক কৃত্ৰিম খঙ কৰিলে। মনবৰে দুৱাৰ মুখত থিয় হৈ এইয়া কি দেখিছে?
পেহীয়ে জুই দিয়াত ব্যস্ত হৈ পৰিল। পদুমীয়ে লৰাটো ঠিকঠাক কৰাত লাগি গ'ল। পৰিবেশটো শান্ত অৱস্থালৈ অহাত কলিয়াই মনবৰৰ ফালে ঘূৰি কলে—“মনবৰ ককাইটি ৰাইজে মোক বাদ দিছে শেষত মাথোন তয়ে বাকী আছিলি, তয়ো বাদ দিলি। ঠিকেই কৰিছ। এবাৰ নুসুধিলি মোক কিয় ৰাইজে বাদ দিছে? আৰু তোৰ লগত মোৰ ভাল দেখি কতই সুযোগ বিছাৰিছে তোৰে মোৰে বিবাদ কৰিবলৈ। কিয় বিচাৰিছে জান? তোৰ সমাজে বিচাৰে এই মৰামৰি, হিংসা-দ্বেষ। তাৰ বিৰোধিতা যি কৰিব—সি সকলোৰে বাদ হ'ব। এই হ’ল তোৰ সমাজ। মোক মৰাৰ কাৰণে তোক সমাজে ক’ব—ভালেই কৰিলি, উচিৎ দণ্ড পাইছে। কিন্তু তই এবাৰ মোৰ কথা বিলাক শুন। কলিয়া ৰ’ল। পেহী বা পদুমীয়ে কোনেও কি হৈছে একো বুজিব নোৱাৰিলে। কঁকালত হাত খন দি এবাৰ থিয় হবলৈ চেষ্টা কৰি কলিয়াই ক’লে—এবাৰো ভাবি নাচালি, তঁহতৰ ঘৰলৈ, তঁহতৰ ওচৰলৈ, তঁহতৰ বুকুৰ মাজলৈ চাপি যাবলৈ কিয় ইমান চেষ্টা কৰোঁ। ভুল বুজিব সকলো কথাই পাৰি কিন্তু নোৱাৰি সকলোৰে স্বৰূপটো বিচাৰি উলিৱাব। মালিৰামে কোৱা সকলো কথাই মই নবৌৰ মুখে শুনিও তোক বাধা নিদিলো। কিয় জান? সি এবাৰ পদুমীলৈ চালে। পেহী আৰু পদুমীয়ে ফাঁচীৰ কাৰণে সাজু কৰা আচামীটোৱে ঈশ্বৰৰ বাণী একান্ত মনে শুনি থকাৰ দৰে কলিয়াৰ কথাবোৰ বুজিবলৈ লক্ষ্য কৰিছিল। নবজাতকে তেতিয়া পদুমীৰ বুকুৰ উমত শান্তি পাইছিল। পদুমীয়ে কপালৰ আগত পৰি থকা চুলি কিডাল ঠিক কৰি ল’লে। একো কৰিব লগীয়া কাম নথকাত, কবলগীয়া কথা নথকাত পেহীয়ে আধাপোৰা ডালিখৰি এডালেৰে জুই খুচৰি কিবা এটা ভাবিছিল। “তই ভুল কৰা নাই, ভুল কৰিলো মই, মোৰ পিতৃমাতৃ হেৰুৱাই,—কিহৰ কাৰণে পৃথিবীত জীয়াই থাকিবলৈ বিছাৰিলোঁ। ভাবিছিলো তহঁতে মোক এৰি নিদিয় বুলি—কিন্তু তহঁতেও শেষত এৰি দিলি। মানে আতৰাই দিলি। তোৰ লৰা হোৱা শুনি জ্বৰৰ গাৰেই দৌৰি আহিছোঁ। তই নাই বুলি। দুদিন জ্বৰ। তঁহতে ভাবিছিলি মই পলাই গ'লো কিন্তু মোৰ যে জ্বৰ তই এবাৰো খবৰ নল’লি।