পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
পৰিচয়

তাক বাৰু আমাৰ মাজতে সোমাই এই হুলস্থুল খন কৰিবলৈ কিহে পাইছিল? সিয়েই সকলোৰে মূল। ইয়াক—মনবৰে তাক কি কৰিলে তাৰ মনশান্ত হ’ব ভাবি নাপালে। হাকিমৰ ঘৰলৈ বাট আৰু বেছি নাই। এইবাৰ তাৰ হাকিমৰ কথা মনত পৰিল। হাকিমে বাৰু অসময়ত তাক কিয় মতাই অনালে। মাটি মোৰ পৰা এৰোৱাই দিব নেকি? নাই হাকিমে তাক তেনে নকৰে। কত বছৰ, সেই সি এই গাঁৱলৈ অহাৰ পৰাই নিগাজীকৈ হাকিমৰ মাটি খাই আছে। তাক এৰুৱাই নিদিয়ে। আন কিবা কথাৰ কাৰণে মতাইছে। মনবৰে নিজকে সান্ত্বনা দিলে। হাকিমৰ ঘৰ পালেগৈ। কানত থোৱা আধা খোৱা চুৰটটো পেলাই দিলে। হাকিমে বেয়া বুলিব। ফটা কামিজটো ঠিক কৰি ল’লে। হাকিমে কিবা ক’ব বুলি। বাহিৰতে হাকিম আছিল।

 এইবাৰ সি বুজিলে হাকিমে তাক কিয় খঙ কৰিলে। এই সকলো বিলাক কলিয়াৰ কাম! সি হেনো ধান কমকৈ দিয়ে। কলিয়াই ঠিক মতে দিয়ে। জহাধান নকৰাৰ বাবে ধমক দিলে। কতনো কি কথাবোৰ যে তাক ক’লে। সি বাৰু কেনেকৈ সহি থাকে? মিছামিছি কথাবোৰ কলিয়াই আহি লগাই থাকেহি। এইবাৰৰ পৰা হেনো মাটি আনক দিব। আনক মানে? কলিয়াক দিব। কলিয়াক দেখিম মই। এইবাৰ মনবৰে মনটো ঘূৰাই ল’লে।

 ঘৰ কিমান সময়ত পাবগৈ বাৰু? এবাৰ সি সময়তো হিচাব কৰিলে। ঘৰৰ কথা মনত পৰাত তাৰ পদুমীৰ ৰূপটো চকুৰ আগত ভাঁহিবলৈ ধৰিলে। বিছনা থাকোতেও কিয় বাৰু পদুমীয়ে মাটিত বিছনা কৰিছে? পেহীয়েও দেখোন জুই ধৰাৰ দিহা কৰিছে? জুই কেলৈ? তাৰ মনতো অজান আনন্দত পুলকি উঠিল। হঠাতে মনত পৰিল মাটিৰ কথা। মাটিতেই সিহঁতৰ জীৱন গঁথা আছে—সেই মাটিৰ ওপৰত কলিয়াৰ কি অধিকাৰ আছে? সি আৰু ভাবিব নোৱাৰিলে। এবাৰ ঈশ্বৰক খাটিলে পদুমীক বহুদিন জীয়াই ৰাখক!

 সিহঁতৰ গাওঁ পাওঁতে সন্ধ্যা পাৰহৈ গৈছে। বেগা বেগীকৈ তাৰ ঘৰলৈ খোজ ললে। জপনাৰ পৰা সি তাৰ অনুসন্ধানী চকু দুটা চাৰিও ফালে ঘূৰিলে। সৌটো খেৰ ঘৰত কোন? খেৰ টানিছে? কলিয়া? কলিয়া হয়নে নহয় এবাৰ সি ভালদৰে চাই ললে। ঠিক কলিয়া। খেৰবোৰ কিয় টানিছে? নিশ্চয় চুৰ কৰিছে। নহলে.....। নাই আৰু ভাবিব নোৱাঁৰি। জপনাৰ খুটিটো উভালি মনে মনে তাৰ ওচৰলৈ গৈ প্ৰাণকাতৰে এটা মাৰ তাৰ কঁকালত বহুৱাই দিলে। এটা বিকৎ চিঞৰ মাৰি কলিয়া পৰি গ’ল। “কথা লগাবি। পদুমীৰ লগত কথা পাতিবি। চুৰ কৰিবি তাৰ শোধ। কলিয়াৰ চিঞঁৰ পেহী বা পদুমীয়ে নুশুনিলে। কলিয়া নহা দেখি এবাৰ পেহীয়ে তাগিদা দি ভিতৰৰ পৰাই কলে—খেৰ কিডাল আনোতে তোৰ এমাহ লাগিব। বেগেতে আন! মনবৰ থৰ হ'ল। কিয় বেগেতে নিব লাগে? তেন্তে পদুমীৰ কিবা নিশ্চয় হৈছে? ভিতৰৰ পৰা অহা নবজাতক শিশুৰ এটা কোমল কান্দোন মনবৰে শুনি আৰু বেছি আচৰিত হ'ল। সেইয়া কাৰ কান্দোন? তেন্তে.......। মনবৰ দুৱাৰ খুলি ভিতৰলৈ সোমাই গল। দুৱাৰ খোলাৰ শব্দ শুনি পেহীয়ে কলে—বাৰু আনিলি বোপাই। পেহীয়ে দুৱাৰ মুখলৈ চাই থাকিল।

১০