পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
পৰিচয়

গধূলি ৰাস্তাত মালিৰামে মনবৰক তাৰ ভবিষ্যত ঘটনাৰ প্ৰতি সঁকিয়াই দিলে মালিৰামৰ কথা মনবৰৰ মনত বদ্ধ মূল হল। মালিৰামে ঠিকেই কৈছে। ’এইখন’ কি?

 দোধোৰ-মোধোৰ মনেৰেই সি দিনটো কটালে। কিমান কোৰ মাৰিছে এবাৰ পাছলৈ ঘূৰি চোৱা তাৰ এটা অভ্যাস! সেই অভ্যাসো সি আজি হেৰুৱাই পেলাইছে। আঁতৰত কোৰ মাৰি থকা সাগৰকাইক চুৰট খাবলৈ সি সদায় দিনটোত এবাৰ মাতে। আজি সি সাগৰকাইক মাতিবলৈ পাহৰি পেলাইছে। আজি সাগৰকাই তাৰ বাবে মানুহ নহয়। আন কিবা এটা! পদুমীৰ ওপৰত সি আজি বিশ্বাস হেৰুৱাই পেলাইছে। কলিয়াৰ প্ৰতি তাৰ পশু স্বভাৱটো জাগি উঠিছে। সি কোৰ মাৰি থকা মাটিডৰা, সি থিয় হৈ থকা পৃথিবীখন যেন তাৰ ভৰিৰ তলৰ পৰা আঁতৰি গৈছে। সি আজি কাকো বিশ্বাস কৰিব নোৱাৰে। তাৰ অসহায় অসহায় যেন লাগিল। মাটিবোৰ বৰ কোমল সি অনুভব কৰিলে। কোমল বোকাৰপৰা অহা উটকৎ গোন্ধ এটাৰ ঘ্ৰাণ সি পালে। এছাটি বতাহে তাৰ তেল নঘঁহা চুলিবিলাক আঁতৰাই দিলে। তাৰ মনত পৰিল পদুমীৰ কথা। পদুমীয়ে কিয় বাৰু তাক বিশ্বাসঘাটকতা কৰিলে। কিয় বাৰু তাক পদুমীয়ে ভুল বুজিলে? ইয়াৰ উত্তৰ দিগন্তত উৰি যোৱা পাখী ভগা কপৌবোৰে তাক দিব নোৱাৰে। শান্তি কপৌৰ ডেউকা ভগা দেশত সি কিহৰ কল্পনা কৰিব বাৰু? ক্লান্ত মনবৰে বিচাৰিছিল এক নীড়। যত অশ্ৰান্ত মনে শ্ৰান্তৰ কণিকাৰ প্ৰলেপ সানিবলৈ প্ৰয়াস পাব। যত থাকিব অনাবিল প্ৰেম। সেই ঠাইটো যে ধূমকেতুৰ আবিৰ্ভাব হৈছে। বেয়া লাগে তাৰ জীৱনটোৰ কথা ভাবি। সি ক’তোয়েই অকনো শান্তি নাপাবনে বাৰু। প্ৰথমে ভাবিছিল ধানমুঠিৰ কথা। এহাল তেজাল গৰুৰ কথা। এডৰা পলসুৱা কোমল উৰ্বৰ মাটিৰ কথা। য’ত থোকা থোকে সোণ লগাৰ স্বপ্ন সি দেখিছিল। সেইবোৰৰ ওপৰিও সি আৰু এটা বস্তু বিছাৰিব লগাত পৰিল। সেইটো হৈছে তাৰ চিৰ লগৰী। তাকো সি পাইছিল। তাৰ পৰা যেন সি কক্ষচ্যুত ধূমকেতুৰ দৰে খহি পৰিল। এখন প্ৰেমহীন পৃথিবীত য’ত বিশ্বাসৰ মূল্য যমুনাৰ এটা দুৰ্ব্বল জোৱাঁৰ। ৰাতিটো সি শুব নোৱাৰিলে। বেয়া বেয়া সপোনবোৰ লাগবান্ধ নোহোৱাকৈ সি দেখি যাবলৈ ধৰিলে। টোপনিও তাৰ চকুৰ পৰা আতঁৰি গৈছে। নিচেই কাষত শুই থকা পদুমীয়ে মনবোৰৰ এই কথা বিলাক গম নাপাই যদিও পদুমীয়ে মনবৰক তাহানি শুনা সাধুকথাৰ কোনোবা ভূত যেন লাগিছিল। যেন মনবৰৰ ৰূপ ধৰি তাইৰ ওচৰলৈ আহিছে। তাই আজি মনবৰক আচল মনবৰ নহয় বুলি ভুল কৰিছিল। কোনোবা সাধুত পোৱা দৈত্য হে। তাক আজি তাই বহুত বেলেগ দেখিছে। আগেয়ে বিচনাত শুলে মনবৰে কোন দোখৰ মাটিত বোকা দিব, কত হাল বাব, কোন কনত জহা দিব ইত্যাদি খেতিৰ কথা তাইৰ লগত আলোচনা কৰে। আৰু আজি? শেষ ৰাতি মনবৰে দূৰণিৰ পৰা কুকুৰাৰ ডাক শুনিলে। তাৰ চকু দুটা টোপনিয়ে হেঁচি ধৰিলে। কিন্তু সি শুব নোৱাৰিলে। বাহিৰত সেয়া কোনোবাই ফুচফুচাই কথা পাতি আছে। সি এবাৰ