পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
জগন্নাথ বৰুৱা কলেজ আলোচনী


 বিচনাত মনবৰৰ মনত এমাহ আগতে ঘটি যোৱা ঘটনাটোৰ কথা মনত পৰিল। কলিয়া আৰু পদুমীৰ মাজত থকা ঠাই কনৰ কথা সি ভাবিবলৈ ধৰিলে। পদুমীলৈ কলিয়াৰ কেনে শ্ৰদ্ধা,কলিয়াৰ প্ৰতি পদুমীৰ কেনে মোহ? আৰু দুয়োটাৰ প্ৰতি তাৰ অবিচাৰ! এইয়েটো! ইয়াত সি নিঃচিহ্ন হৈ গৈছে। সি ঈশ্বৰৰ ওচৰত কি কৈফিয়ৎ দিব বাৰু? সি সেই তাহানিৰ অৰণ্য-মানৱলৈ বদলি হৈ গৈছে। আৰু তাৰ লৰাটো? সি বাৰু এমাহ জীয়াই থাকিবলৈ, এমাহ সিহঁতৰ বুকুৰ মাজলৈ কিয় আহিছিল, সি নহাহেঁতেনো হল হেঁতেন! লৰাটোৰ কাৰণে তাৰ বেজাৰ লগা নাই। কলিয়াই সেই ঠাই আজি পূৰাবলৈ দৌৰি আহিছে। সি আজি তাৰ বুকুৰ উমেৰে মৰম একেলুৱা কলিয়াক জীয়াই ৰাখিব। কলিয়াক বান্ধি ৰাখিব। কলিয়া আজিৰ পৰা তাৰ—ল’ৰা। পদুমীৰ ল'ৰা।

 ঘটি যোৰ ঘটনাটো সি এবাৰ জুকিয়াই চালে। কলিয়া আৰু পদুমী। দুয়োটাৰ প্ৰতি দুয়োটাৰ এটা আকৰ্ষণ। এই আকৰ্ষণ কিহৰ আকৰ্ষণ তাক মনবৰে নাজানে। কিন্তু সিদিনা মালিৰামে যেতিয়া তাক বাটত পাই সুধিলে-হেৰ এই পদুমী আৰু কলিয়াৰ এই খন কি অ’? “এই খন” মানে সি বুজি পালে। দুয়োটা তাৰ মৰমৰ। মালিৰামো তাৰ বিশ্বাসৰ মানুহ। অৱশ্যে মালিৰামে দুই চাৰিটা লোকৰ কথা লগোৱা-ভগোৱা সি শুনিছে। এই ক্ষেত্ৰত সি কেনেকৈ মালিৰামক মানি নলব? দোষ দেখিলে শত্ৰুয়েও তোমাক দেখুৱাই দিব। মনবৰে কেনেকৈ বাৰু কলিয়াক টান কথা শুনাব। সি যে কিমান আঘাট পাব। কথাটোৰ শেষ কিহত হ’ব মনবৰে বুজিলে। এদিন পদুমী আৰু কলিয়াৰ মাজত থকা আচল কথা ওলাই পৰিব। আৰু তাক ৰাইজে বাদ দি থ'ব! বাদ দিয়া কথাটো ভাবি এবাৰ মনবৰৰ গাটো শিহঁৰি উঠিল। সি কেনেকৈ বাৰু থাকিব? দহখন গাওঁ একেলগে ভাওনা পাতিব, একেলগে সবাহ পাতিব আৰু সি? নাই নাই সি কলিয়াক তাৰ ঘৰ যেনে তেনে এৰুৱাব লাগিব। মালিৰামে সকিয়াই দিয়াৰ এদিনৰ আগৰ কথা এটা মনত পৰি তাৰ মনত ঘৃণা জন্মিল। এদিন মনবৰ পদুমীৰ ঘৰলৈ যাব লগা হ'ল। মনবৰ তাত থকাৰ কথা নাছিল যদিও অহাত পলম হলে কলিয়াই সিহঁতৰ ঘৰত থাকিব বুলি সি দিহা দি গৈছিল। মনবৰ নাহিল। কলিয়াই ভাত খাই উঠি খবৰ ললে মনবৰ নাহিল। সি থকাতো থিৰ হল। কলিয়াই গোটেই নিশা জুহালতে বহি বহি কটাই দিলে। ৰাতি এবাৰ পদুমীয়ে সাৰ পাই তাক শুবলৈ কৈছিল। কিন্তু সি নুশুলে। পদুমীয়ে কৈছিল। “মোৰ লগত শুৱলৈ বেয়া পালে মই জুহালতে বহোঁ তই অকলে শো হি।” তাতো কলিয়া মান্তি নহল। তাই আকৌ এবাৰ ক'লে টোপনি খতি হলে কাইলৈ হাল বাবি কেনেকৈ?” ইয়াতো কলিয়া মান্তি নহল। চাদা চুৰট এটা পকাই পকাই সি বহি থাকিল। পাছ দিনা কলিয়া পথাৰলৈ বেলিকৈ গ'ল। যেতিয়া কলিয়া মনবৰৰ ওচৰ চাপিলে, মনবৰে তাক বেলিকৈ যোৱাৰ কথা সুধিলে, সি একো নামাতি আন কথা পাতি তাৰ মাটিলৈ গৰু হাল খেদি আগবাঢ়িল। মনবৰে ভাবিলে পদুমীয়েও গাটো বেয়া লাগিছে বুলি কৈছে—আৰু কলিয়া?