অলস হৈ শুই থকা পদুমীৰ গাৰ ওপৰত হাত খন বুলালে। পদুমী শুই আছে। বাহিৰত সেয়া কোন? নাই তাৰ মনটোহে বেয়া হল। সি নিজে নিজে ভাবিলে। তাৰ অস্থিৰ খহটা টান হাত খন পদুমীৰ কোনো এঠাইত স্থিৰ হৈ ৰল। হাত মন শিথিল হৈ আহিল। তাৰ পাছত – লাহে লাহে পোহৰ হৈ আহিল। মচ্জিদৰ পৰা ভাঁহি অহা পুৱতী নিশাৰ আজান তাৰ কানত পৰিল। এতিয়া মানে কলিয়া পথাৰ পালেগৈ সি ভাবিলে।
পাছ দিনা মনবৰে পদুমীক মুখ দেখুৱাবলৈ লাজ কৰিছিল। বাহিৰে বাহিৰে সি কাম কৰি ফুৰিছিল যদিও সিহে পদুমীক বেৰৰ কামিটো ধৰিবলৈ কলে! বেৰখন খহি পৰিলহেঁতেন কামিটো সি ঠিক সময়তেই লগাইছে বুলি দুয়োটাই ভাবিলে। কলিয়া দুদিন অহা নাই। দুদিন অহা নাই মানে ঘৰত নাই। কিয় অহা নাই সেই কথাৰ বিচাৰ আজি মনবৰে নল’লে। এইবাৰ মনবৰৰ মনত নতুন প্ৰশ্ন জাগিল। এবাৰ সি মনতে ভাবিব লগীয়া হল। কিয় কলিয়া নাই। ইয়াৰ ভিতৰত একো নাইতো? তাৰ মনত পৰিল গাৱঁৰ মানুহে পথাৰত তাৰ ওচৰত ধপাঁত খাবলৈ আহোতে কোৱা কলিয়াৰ কথাবোৰ! তেতিয়া মনবৰ এই গাৱঁলৈ অহা নাই। কলিয়া হেনো তাহানিৰ কলিয়াৰ দৰেই। তাহানিৰ কলিয়া মানে “বৃন্দাবনৰ কৃষ্ণ”, বস্ত্ৰ হৰণ অৱশ্যে এই কলিয়াই কৰা নাই। মালিৰামে তাৰ চোতালত বহি কাতিমহীয়া কোৱা কথাবোৰ তাৰ মনত পৰে। শুকান ওঁঠ দুখন মোহাৰি; ডাৰি বিলাকৰ সৈতে এবাৰ জিভাখন বুলাই কৈছিল—“বুজিছ মনবৰ, তই তেতিয়া মানে তোৰ আপোন গাৱঁত বাপেৰৰ লগত নকৈ হালোবোৱা মনবৰটো হৈ আছিলি। ধৰ তেতিয়া তই—সেই কালৰ মনবৰ কিমান ডাঙৰ আছিল তাৰে তুলনা দিবলৈ মালিৰামে কাৰ নাম ক’লে খাপ খাই পৰিব তাকে ভাবি ক'লে—“এই চেঙেলী লৰাটো দেখিছ? ঠিক তাৰ সমান তই আছিলি।” এই বাৰ মালিৰামে ধপাত হুপিবলৈ ধৰিলে। মনবৰে মালিৰামৰ মুখলৈ চাই থাকিল বিচাৰালয়ত জজমেন্ট দিবলৈ মুখ মেলা জৰ্জ্জলৈ আচামীয়ে চোৱাৰ দৰে। কি কথাষাৰ এতিয়া ওলাব! “তেতিয়া কলিয়া সোনেশ্বৰ গাওবুঢ়াৰ লৰাটোৰ সমান পাটছলা ইস্কুলত পঢ়ে কিবা তৃতীয় শ্ৰেণীত। এই কিচেনী বগাবলৈ তাৰ পাঁচ বছৰ লাগিছিল। ক’ৰ আম, ক’ৰ কঁঠাল, ক’ৰ মেজি এই বোৰত তাৰ মন বেছি। পঢ়া আৰু কৰিব কেতিয়া। আৰু লৰাবোৰে ইটোৱে বাপেকক ক’বহি মোৰ চোলাটো কলিয়াই ফালিলে,মোক কলিয়াই মাৰিলে, মোৰ ফলিখন কলিয়াই ভাঙ্গিলে ইত্যাদি বোৰ হাজাৰ বাৰশ গোচৰ বাপেকৰ ওচৰত দাখিল কৰেহি। হেড, পণ্ডিতে বলে নোৱাৰি এদিন তাক বিদায় দিলে।”এই বুলি মালিৰামে লাখুটি দালেৰে মাটিত আঁক মাৰি তাৰ এটা ফালৰ ব্যাখ্যা শেষ হোৱা বুজালে। দ্বিতীয় দাল আঁক মাৰিবলৈ লাখুটি দাল ধৰি থাকিল। কথা আৰম্ভ হোৱাৰ লগে লগেই আঁচ মাৰিব! “ইস্কুলৰ পৰা ওলাই কলিয়াই আন কামত মন দিলে। কামনো কি? ক’ত সোণপাহীয়ে ধান দাব। ক’ত সোনেশ্বৰীয়ে মাছ মাৰিব ইত্যাদি। তাত সি গৈ যিহে বিহু নাম গাব।” মালিৰামে মনবৰলৈ চালে। মনবৰে কথাবোৰ কিমান শুনিছে। মনবৰে এইবাৰ মাতিলে—