সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
লোক সাহিত্যৰ সৌন্দৰ্য্যত বিহুগীতৰ অৱদান


বেলেগ বেলেগ বিভাগত এইবোৰ বেলেগ বেলেগ ৰূপে বিস্তৃত হৈ আছে। এই লোক গীতবোৰৰ ভিতৰত, অসমীয়া সাহিত্যলৈ বিহুগীতৰ অৱদান যথেষ্ট শকত। বিহুগীত বোৰৰ আঁৰত আমাৰ গাঁ‌ৱলীয়া সমাজৰ সম্পূৰ্ণ প্ৰতিচ্ছবি পোৱা যায়; আৰু এইবোৰ গাঁ‌ৱলীয়া সমাজৰ পটভূমিত ভিত্তি কৰি প্ৰকাশ হোৱা হেতুকে ইয়াৰ মাজত অতীজ অসমীয়া সমাজৰ ইতিহাসো কিছু পৰিমাণে পোৱা যায়। এই বিহুগীত বোৰ অতীজৰ সৰল অসমীয়াৰ সৰল প্ৰাণৰ পৰা জন্ম হৈছিল। আৰু এই গীতৰ মাজত থকা প্ৰেমৰ ভাগটোৱেই পোণপ্ৰথমতে আমাৰ চকুত পৰে। ডেকা গাভৰুৰ অন্তৰৰ প্ৰণয়-ভালপোৱা, বিৰহ-বেদনা আদি এই গীত বোৰৰ মাজেদি প্ৰকাশ পাইছিল।

 বিহুগীতৰ আঁৰত প্ৰেমৰ চিত্ৰ বেচিকৈ পোৱা গলেও অসমীয়া গাৱলীয়া জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা যেনে তাঁঁ‌তশাল খনি, গুৱা পানৰ টোপোল, নৈখনিৰ লগত সমন্ধ আদি চিত্ৰবোৰো পোৱা যায়। বিহুগীতবোৰ সৰ্ব্বসাধাৰণৰ প্ৰকাশ হলেও তাৰ মাজত প্ৰকৃতি বৰ্ণনা, দাৰ্শনিক মনোভাৱ আদি কিছু পৰিমাণে নিহিত হৈ থকা দেখা যায়।

 মানৱ অন্তৰত প্ৰেম সৃষ্টি ভগৱানৰ এক অভিনৱ দান। ডেকা-গাভৰুৱে লুকাই-দেখুৱাই, প্ৰকাশে, অপ্ৰকাশে ইটিয়ে সিটিক প্ৰেম নিবেদন কৰা সৃষ্টিৰ আদিম যুগৰে পৰা চলি আহিছে। প্ৰেমৰ খেলি-মেলি ভাৱধাৰাক প্ৰকাশ কৰাতেই বিহুগীতৰ প্ৰকৃত সৌন্দৰ্য্য।

 শীতৰ কুঁৱলী ঠেলি বসন্তই যেতিয়া প্ৰকৃতিৰ বুকুত বিৰাজ কৰে প্ৰকৃতিয়ে তেতিয়া বসন্তৰ পৰশ পাই যৌৱনা-দিপ্ত হৈ পৰে। শীতৰ পৰশত চকুপানী টোকা, গছ-লতিকাই যেতিয়া কুঁহি-পাতফুল মেলি বিনন্দীয়া হৈ উঠে, কপৌ, কেতেকী, নাহৰ-তগৰে যেতিয়া সেউজীয়া আচলত “গুতি ফল বাছি” সুবাসিত কৰি তোলে, কুলি, কেতেকীয়ে যেতিয়া ন' পাতৰ আঁৰত বহি সুমধুৰ গীত গাই “পল্লৱে-পল্লৱে” “গীত ছন্দৰ” সৃষ্টি কৰি “প্ৰেম মকৰন্দ" মৰতত ঢালি দিয়ে তেতিয়া লুইত- পৰিয়া ডেকা-গাভৰুৰ অন্তৰত প্ৰণয়ৰ হেন্দোলনীয়ে উখল-মাখল কৰে; যৌৱনৰ শিহৰণে চঞ্চল কৰি তোলে। বসন্তৰ আগমনত প্ৰকৃতিৰ বুকতে যৌৱনৰ জোৱাৰ উঠাৰ দৰে, ডেকা-গাভৰুৰ অন্তৰতো প্ৰেমৰ জোৱাৰ উঠে; “চেঙেলীয়া মন” বান্ধিব নোৱাৰা হয়, “মৰাপাতৰ দোল” চিঙি পেলাই “কমোৱা তুলা যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন” যায়। এই সময়ত অতীত পাহৰি যায়, ভবিষ্যতৰ কথা মনত নপৰে, জাতি ভেদৰ কথা মনত নপৰে।

“তোমাৰ মনে গলে  মোৰে মনে গলে
  কি কৰিব জাতি কুলে।”

 অৱশ্যে এনেবিধ গীতৰ দ্বাৰা এটা কথা সুন্দৰ ভাৱে পৰিলক্ষিত হয় যে সেই সময়ৰ অসমীয়া সমাজৰ মাজতো জাতি ভেদৰ বান্ধোন কট্ কটিয়া আছিল। কিন্তু প্ৰেমৰ জুইৰ আগত জাতি ভেদ নিকৃষ্ট। প্ৰেমে নিবিচাৰে জাতি-কুল, বিচাৰে মাথো অন্তৰৰ ভালপোৱা। অন্তৰৰ বিনিময়ত যদি অন্তৰ পোৱা নাজায় তেন্তে জীৱন হয় “চাহাৰা”। প্ৰেমিক প্ৰেমিকাৰ প্ৰতি যদি আৱশ্যক হয়, তেন্তে নিজৰ জাতি-কুল পৰ্য্যন্ত এৰি যাবলৈ প্ৰস্তুত।