পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোক সাহিত্যৰ সৌন্দৰ্য্যত বিহুগীতৰ অৱদান

শ্ৰীনগেন ঠাকুৰ ( প্ৰথম বাৰ্ষিকঃ কলা)

 পৃথিবীৰ বেচিভাগ সাহিত্যৰে প্ৰথম অৱস্থাটো গীতি-সাহিত্য হিচাবে পোৱা যায়। কিন্তু এই গীতি সাহিত্যবোৰ কোনো লিপিবদ্ধ আকাৰত অথবা কাৰ দ্বাৰা প্ৰণয়ন হয় সেই বিষয়ে সবিশেষ জানিবৰ কোনো সুবিধা পোৱা নাযায়। এইবোৰ আদিম যুগৰে পৰা সৰ্ব্বসাধাৰণৰ মুখে মুখে চলি আহে মাত্ৰ। সভ্যতা পুৰণি হৈ অহাৰ লগে লগে আৰু মানুহৰ বিচাৰ বুদ্ধি ভাৱ চিন্তাৰ শক্তি বিকাশ হৈ অহাৰ লগে লগে এই গীতি সাহিত্য বোৰ লিপিবদ্ধ কৰি লোৱা হয়। এই গীতি-সাহিত্য বোৰকে লোক-সাহিত্য বা মৌখিক সাহিত্য বোলা হয়।

 এই লোক সাহিত্যবোৰ কোনো এটা জাতিৰ অমূল্য সম্পদ। কোনো এটা জাতিৰ লোক-সাহিত্যই সেই জাতিৰ প্ৰকৃত সাহিত্যক উন্নতি পথত আগবঢ়াত যথেষ্ট পৰিমাণে ইন্ধন যোগাব পাৰে আৰু সেই জাতিৰ সাহিত্য যে প্ৰাচীন সাহিত্য সেই কথা আন জাতি-সমূহৰ আগত পৰিগণিত কৰাব পাৰে। এইবিধ সাহিত্যৰ মাজতে এটা জাতিৰ সংস্কৃতি-সভ্যতা নিহিত হৈ থাকে। বুৰঞ্জীয়ে যিখিনি কথা আমাক কব নোৱাৰে বা যি যুগক বুৰঞ্জীয়ে চুব নোৱাৰে সেইখিনিক এটা জাতিৰ লোক সাহিত্যৰ মাজত পাব পাৰি। আৰু তাৰ মাজত জাতিৰ ঐতিহ্যখিনি পৰিস্ফুটিত হৈ থাকে। এই লোক-সাহিত্য কোনো শিক্ষিত সমাজৰ বা কোনো প্ৰতিভাশালী ব্যক্তিৰ অৱদান নহয়। এইবোৰ হৈছে সৰ্ব্বসাধাৰণৰ সহজ অনুভূতিত আলোড়ন কৰা সৰল ভাৱধাৰাৰ সৰল প্ৰকাশ।

 অতীজৰ মানুহৰ লগত প্ৰকৃতিৰ সম্বন্ধ অতি ওতঃপ্ৰোত ভাবে জড়িত আছিল। প্ৰাকৃতিক নানা পৰিবৰ্ত্তনৰ ফলত আৰু প্ৰকৃতিৰ নানা সৌন্দৰ্য্যই যেতিয়া মানুহক মুহিত কৰি প্ৰাণত বিমল আনন্দ প্ৰদান কৰিছিল, মানুহৰ মনত যেতিয়া নানা বিৰহ বেদনাই হেন্দোলনী তুলিছিল তেতিয়া সেইবোৰ মানুহে নানা ভাৱে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। এই অনুভূতিবোৰ আত্ম-প্ৰকাশৰ চেষ্টাতেই গীত, পদ, নৃত্য, আদিৰ সৃষ্টি হ'ল। এই গীত পদবোৰ গাঁ‌ৱলীয়া সমাজৰ পাৰিপাৰ্শ্বিকতাৰ মাজত জন্ম হোৱা হেতুকে তাত গাৱঁলীয়া জীৱনৰ চিত্ৰ দেখিবলৈ পোৱা যায়।

 আমাৰ অসমীয়া জাতিৰ মাজতে এনে ধৰণৰ লোক সাহিত্য প্ৰচুৰ পৰিমাণে পোৱা যায়। লোক সাহিত্যই অসমীয়া সাহিত্যৰ ভাল যথেষ্ট পৰিমাণে চহকী কৰিছে। অসমীয়া লোক সাহিত্যৰ ভিতৰত বিহুগীত, ধাইনাম, গদখীয়াগীত, দেহ বিচাৰৰগীত, ফকৰা, যোজনা আদিয়েই প্ৰধান।